Physical Address
23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India
Physical Address
23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India
২০২২ চনৰ ৪ নৱেম্বৰত COP27 আৰম্ভ হোৱাৰ মাত্ৰ দুদিন পূৰ্বে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱৰ নেতৃত্বত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে এটা মেগা উন্নয়ন প্ৰকল্পৰ বাবে গ্ৰেট নিকোবাৰ দ্বীপত প্ৰায় ১৩০.৭৫ কিলোমিটাৰ বৰ্গক্ষেত্ৰৰ বনাঞ্চলৰ ডাইভাৰচনৰ বাবে চূড়ান্ত পৰিৱেশ Clearance (অনুমতি) প্ৰদান কৰে। প্ৰসংগক্ৰমে এইবাৰ ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন COP27তো ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। বহুতে সমালোচনা কৰিছে যে দুয়োটা পৰিঘটনাৰ সময় ইয়াতকৈ তাৎপৰ্যপূৰ্ণ আৰু প্ৰতীকী হ’ব নোৱাৰে।
ইয়াৰ পূৰ্বে ২০২২ চনৰ ২৭ অক্টোবৰত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে (MoEFCC) গ্ৰেট নিকোবাৰ দ্বীপ প্ৰকল্পৰ বাবে নীতিগত (Stage 1) বন Clearance (অনুমতি) প্ৰদান কৰিছিল । এই প্ৰকল্পৰ মূল্য ₹৭২০০০ কোটি বুলি অনুমান কৰা হৈছে য’ত এটা ট্ৰেন্সশ্বিপমেণ্ট বন্দৰ, এটা শক্তি কেন্দ্ৰ (গেছ ডিজেল আৰু সৌৰশক্তি), এটা সামৰিক-অসামৰিক দ্বৈত ব্যৱহাৰৰ বিমানবন্দৰ, আৰু এটা গ্ৰীণফিল্ড টাউনশ্বিপ অন্তৰ্ভুক্ত কৰা হৈছে ।
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ সংহত উন্নয়ন নিগমৰ এই প্ৰকল্পৰ বাবে গ্ৰেট নিকোবৰ দ্বীপত প্ৰায় ৮.৫ লাখ গছ কাটিব লাগিব। বহু বিৰল প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ বাসস্থান বনাঞ্চলৰ প্ৰায় ১৫% ক্ষতিগ্ৰস্ত হ’ব। এই প্ৰস্তাৱিত বনভূমি ডাইভাৰচন শেহতীয়া বছৰবোৰত সৰ্বাধিক আৰু সমগ্ৰ ভাৰতবৰ্ষত বিগত তিনি বছৰত ডাইভাৰ্ট কৰা মুঠ বনভূমিৰ (৫৫৪ বৰ্গ কিলোমিটাৰ) প্ৰায় এক চতুৰ্থাংশ।
গ্ৰেট নিকোবৰ দ্বীপ
গ্ৰেট নিকোবৰ দ্বীপ নিকোবৰ দ্বীপপুঞ্জৰ ভিতৰত ভাৰতীয় ভূখণ্ডৰ আটাইতকৈ শেষৰ দক্ষিণ অংশত অৱস্থিত । ইয়াৰ ফলত কৌশলগত আৰু ভূ-ৰাজনৈতিক দৃষ্টিকোণৰ পৰা ইয়াৰ ভৌগোলিক অৱস্থান অতি গুৰুত্বপূৰ্ণ।
ভাৰতৰ মূল ভূখণ্ডতকৈ ই ম্যানমাৰ আৰু অন্যান্য দক্ষিণ-পূবৰ ৰাষ্ট্ৰৰ ওচৰত অৱস্থিত। ২০১৩ চনত ইয়াক ইউনেস্ক’ৰ জৈৱমণ্ডল কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হয়। এই দ্বীপটোত বহু জৈৱ বৈচিত্ৰ্য আছে আৰু ভাৰত চৰকাৰৰ জাননী অনুসৰি ইয়াত “বিশ্বৰ ভিতৰতে সৰ্বোত্তমভাৱে সংৰক্ষিত গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্য” আছে৷ ইউনেস্ক’ৰ মতে ইয়াত ৬৫০ প্ৰজাতিৰ এঞ্জিঅ’স্পাৰ্ম, ফাৰ্ণ, জিমনোস্পাৰ্ম, ব্ৰাইঅ’ফাইট আৰু লাইকেন আদি আছে। এই অঞ্চলত বাস কৰা শ্বোম্পেন জনজাতি ভাৰতৰ ভিতৰতে কম অধ্যয়ন কৰা দুৰ্লভ জনজাতি গোটৰ ভিতৰত অন্যতম।
প্ৰকল্পটোৰ বাবে পৰিৱেশৰ চিন্তা
এই প্ৰস্তাৱিত প্ৰকল্পৰ ফলত ৮ লাখ ৫২ হাজাৰৰো অধিক গছ কটা যাব আৰু ইয়াৰ ফলত লেদাৰবেক কচ্ছপ, মেগাপড, প্ৰবাল, পৰিভ্ৰমী চৰাই আৰু নিকোবাৰ কেঁকোৰা খোৱা মেকাক আদি প্ৰজাতিকে ধৰি জৈৱ বৈচিত্ৰ্যত বিৰূপ প্ৰভাৱ পৰিব। তদুপৰি ই গ্ৰেট নিকোবৰ দ্বীপৰ জনজাতীয় গোটৰ লগতে বহু উদ্ভিদ আৰু প্ৰাণীজগতৰ বিৰল জনসংখ্যাৰ ওপৰত প্ৰভাৱ পেলাব।
পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ বিশেষজ্ঞ মূল্যায়ন সমিতিয়ে এই প্ৰকল্পটো পৰিৱেশ Clearance (অনুমতি) বাবে বিবেচনা কৰিছিল। সমিতিখনে নিজৰ প্ৰতিবেদনত এই প্ৰকল্পৰ বাবে পৰিৱেশ আৰু উপকূলীয় নিয়ন্ত্ৰণ অঞ্চলৰ অনুমতিৰ পৰামৰ্শ দিয়া নাছিল আৰু সু-জ্ঞাত সিদ্ধান্ত ল’বলৈ অধিক বিৱৰণৰ প্ৰয়োজন বুলি উল্লেখ কৰিছে।
২০২১ চনত গ্ৰেট নিকোবাৰ বায়’স্ফিয়াৰ ৰিজাৰ্ভ আৰু গালাথিয়া বে’ৰ কিছু অংশকে ধৰি উপকূলীয় ভূমিৰ বৃহৎ অংশক এই প্ৰকল্পৰ বাবে ঠাই দিবলৈ অধিসূচনামুক্ত কৰা হয় (সংৰক্ষিত এলেকাৰ মৰ্যাদা কাঢ়ি লোৱা হয়)।
সামাজিক আৰু পৰিৱেশগত প্ৰভাৱ
ভাৰতৰ ৰাষ্ট্ৰীয় সামুদ্ৰিক কচ্ছপ কাৰ্য্য পৰিকল্পনাত গলাথিয়া উপসাগৰক দেশৰ অন্যতম ‘গুৰুত্বপূৰ্ণ উপকূলীয় আৰু সামুদ্ৰিক জৈৱ বৈচিত্ৰ্য এলেকা’ আৰু ‘গুৰুত্বপূৰ্ণ সামুদ্ৰিক কচ্ছপৰ বাসস্থান’ হিচাপে তালিকাভুক্ত কৰা হৈছে। আনকি ইয়াক সৰ্বোচ্চ সুৰক্ষা থকা জ’ন উপকূলীয় নিয়ন্ত্ৰণ জ’ন (CRZ)-I ত অন্তৰ্ভুক্ত কৰা হৈছে।
গ্ৰেট নিকোবাৰৰ শ্বোম্পেন আৰু নিকোবাৰেছৰ দৰে খিলঞ্জীয়া লোকসকল এই প্ৰকল্পৰ দ্বাৰা বহু পৰিমাণে প্ৰভাৱিত হ’ব। প্ৰস্তাৱিত প্ৰকল্পৰ অঞ্চলসমূহ শ্বোম্পেন্স, আদি যাযাবৰী সম্প্ৰদায়ৰ বাবে গুৰুত্বপূৰ্ণ খাদ্য বিচাৰি ফুৰা ঠাই।
বিশেষজ্ঞ মূল্যায়ন সমিতিয়ে (ইএচি) মেঞ্চাল দ্বীপক বিপন্ন নিকোবাৰ মেগাপড সংৰক্ষণৰ বিকল্প স্থান হিচাপে চিনাক্ত কৰিছে। আনহাতে ২০-৩০ টাতকৈ অধিক যোৰ থকা গালাথিয়া বে অঞ্চল, প্ৰস্তাৱিত কণ্টেইনাৰ টাৰ্মিনেলৰ দ্বাৰা অধিগ্ৰহণ কৰা হব।
ইয়াৰ লগত জড়িত অন্যান্য চিন্তাৰ কাৰক
উদ্ভিদ আৰু প্ৰাণীজগতৰ ক্ষতি, আৰু জনজাতীয় লোকসকলৰ প্ৰতি সামাজিক অন্যায়ৰ উপৰিও বিশেষজ্ঞসকলে এই কথা উল্লেখ কৰিছে যে এই প্ৰকল্পই সেই অঞ্চলৰ, যি এক সক্ৰিয় ভূমিকম্পীয় অঞ্চলত অৱস্থিত, জনগাঁথনি সলনি কৰাৰ সম্ভাৱনা আছে। আন্দামান আৰু নিকোবাৰ দ্বীপপুঞ্জ অতি বিপদজনক ভূমিকম্পীয় অঞ্চল V শ্ৰেণীৰ অন্তৰ্গত, যি সকলোতকৈ ভয়াৱহ।
২০০৪ চনত এই অঞ্চলত ৰিখটাৰ স্কেলৰ ৯.৩ প্ৰাবল্যৰ ভূমিকম্প হয় আৰু তাৰ পিছত ছুনামীৰ ফলত অঞ্চলটোৰ বহু অঞ্চলৰ বৃহৎ ক্ষতি হয়। ভৱিষ্যতে আন এক বৃহৎ ভূমিকম্পৰ ফলত আন্তঃগাঁথনিৰ সমগ্ৰ বিনিয়োগ বিপদত পৰিব পাৰে আৰু তেল আৰু ৰাসায়নিক পদাৰ্থ নিৰ্গত হোৱাৰ ফলত চহকী জৈৱ বৈচিত্ৰ্যৰ বাবে বিশ্বজুৰি বিখ্যাত দ্বীপটোত এক বৃহৎ পৰিৱেশ দুৰ্যোগৰ সৃষ্টি হ’ব।
২০২২ চনৰ জানুৱাৰী মাহত ই আই এ প্ৰকল্পৰ ৰাজহুৱা শুনানিৰ পৰ্যায়ত টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ জামছেটজী টাটা স্কুল অৱ ডিজাষ্টাৰ ষ্টাডিজৰ ডীন জাংকি আন্ধাৰিয়াই আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ প্ৰশাসনলৈ পত্ৰ লিখি বৈজ্ঞানিক প্ৰমাণ দিছিল যাৰ পৰা অনুমান কৰিব পাৰি যে প্ৰস্তাৱিত স্থান… য’ত কণ্টেইনাৰ টাৰ্মিনেল স্থাপন কৰা হ’ব তাত প্ৰতি বছৰে প্ৰায় ৪৪টা ভূমিকম্পৰ অভিজ্ঞতা হয়।
ক্ষতিপূৰণমূলক বনানীকৰণ
প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় ১৬৬.১ বৰ্গ কিলোমিটাৰ (১৬,৬১০ হেক্টৰ) মাটিৰ ভিতৰত ১৩০.৭৫ বৰ্গ কিলোমিটাৰ বনাঞ্চল যাৰ বাবে পৃথক বনাঞ্চল Clearance (অনুমতি) বিচৰা হৈছে। ২০২২ চনৰ মাৰ্চ মাহত প্ৰস্তুত কৰা চূড়ান্ত পৰিৱেশ প্ৰভাৱ মূল্যায়ন প্ৰতিবেদনৰ মতে ক্ষতিপূৰণমূলক বনানীকৰণৰ ব্যয় হ’ব ৯৭০ কোটি টকা। ই আই এৰ চূড়ান্ত প্ৰতিবেদন অনুসৰি মধ্যপ্ৰদেশত ২৬০ বৰ্গ কিলোমিটাৰ মাটিত ক্ষতিপূৰণমূলক বনানীকৰণ কৰা হ’ব। অৱশ্যে এই সন্দৰ্ভত আন কোনো সবিশেষ উপলব্ধ নহয়। আন্দামান আৰু নিকোবৰ বন বিভাগৰ পত্ৰত মধ্যপ্ৰদেশ চৰকাৰে বনানীকৰণৰ বাবে সবিশেষ দাখিল কৰা বুলি প্ৰমাণিত হৈছে।
জনজাতিসকলৰ ওচৰত ক্ষতিপূৰণৰ দাবী
ৰাজহুৱা সভাত আশ্বাস দিয়া হৈছিল যে এই বিশেষভাৱে দুৰ্বল জনজাতীয় গোট বা শ্বোম্পেন জনগোষ্ঠীয়ে নিজৰ বাসস্থান হেৰুৱাৰ বাবে যোগ্য ক্ষতিপূৰণৰ পাব। লগতে তেওঁলোকৰ কল্যাণ আৰু উন্নয়নৰ বাবে তেওঁলোকৰ অনন্য সাংস্কৃতিক পৰিচয় নিশ্চিত কৰা এটা পেকেজ থাকিব, আৰু ঐতিহ্য সুৰক্ষিত হ’ব।
অপুৰণীয় ক্ষতি
ডাঃ ড. আই আই এইচ এছ বাংগালুৰুৰ স্কুল অৱ এনভাইৰনমেণ্ট এণ্ড ছাষ্টেনেবিলিটিৰ ডীন জগদীশ কৃষ্ণস্বামীয়ে কয় যে নিকোবৰত ১৩০ বৰ্গ কিলোমিটাৰ উচ্চ জৈৱ বৈচিত্ৰ্য আৰু উচ্চ কাৰ্বন বনাঞ্চলৰ ক্ষতি অপুৰণীয় হ’ব।
“ভাৰত, ইয়াৰ চৰকাৰ, নাগৰিক আৰু নাগৰিক সমাজৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত বহু অসুবিধাৰ মাজতো অতি ভাল অভিলেখ আছে। বিগত সময়ত আমি পৰিৱেশ সংৰক্ষণৰ ভিত্তিত চাইলেণ্ট ভেলী বান্ধ আৰু ছেঠুসমুদ্ৰম প্ৰকল্পৰ দৰে প্ৰকল্প ত্যাগ কৰি আহিছো। নিকোবৰত ১৩০ বৰ্গ কিলোমিটাৰ উচ্চ জৈৱ বৈচিত্ৰ্য আৰু উচ্চ কাৰ্বন বনাঞ্চলৰ ক্ষতি পুনৰ প্ৰতিস্থাপন কৰিব নোৱাৰিব। জলবিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰতি সংবেদনশীল দ্বীপ এটাত বনাঞ্চলৰ ইমান বিশাল ডাইভাৰচন পুনৰ বিবেচনা কৰাটো প্ৰয়োজন। পৰিৱেশ আৰু পৰিৱেশ সুৰক্ষাও ৰাষ্ট্ৰীয় স্বাৰ্থত থকাৰ বাবে প্ৰকল্পটোৰ নতুন ৰূপ লোৱা উচিত।’-এইদৰে কয় ড. জগদীশ কৃষ্ণস্বামীয়ে চি এফ চি ইণ্ডিয়ালৈ প্ৰেৰণ কৰা ইমেইলত।
পৰিৱেশৰ বাবে জীৱনশৈলী?
নিকোবাৰ অঞ্চলৰ এজন প্ৰকৃতিবিদ তথা নাগৰিক বিজ্ঞানী উদয় মণ্ডলে কয় যে গ্ৰেট নিকোবাৰ দ্বীপৰ মেগাপ্ৰজেক্ট যিটোক ৪ নৱেম্বৰত MoEFCC ৰ দ্বাৰা যি পৰিৱেশ clearance (অনুমতি) প্ৰদান কৰা হৈছে, ইয়াৰ পৰা জানিব পাৰি যে জলবায়ু পৰিৱৰ্তনৰ সংকটৰ প্ৰতি আমাৰ নেতাসকল কিমান জ্ঞাত ।
মণ্ডেলে চি এফ চি ইণ্ডিয়ালৈ প্ৰেৰণ কৰা ইমেইলযোগে লিখিছে, “যি সময়ত আমি সমগ্ৰ বিশ্বৰ পৰা চৰম বতৰৰ পৰিঘটনাৰ খবৰ পাইছো আৰু সম্পদৰ অত্যন্ত অসমান বিভাজনৰ ফলত আৰু অধিক বৃদ্ধি পোৱা আমাৰ নিজৰ দুৰ্বলতা উপলব্ধি কৰিছো, সেইসময়ত ইতিমধ্যে ভংগুৰ দ্বীপ এটা ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনৈতিক বৃদ্ধিৰ নামত বিধ্বংসী পৰিণতিলৈ ঠেলি দিছোঁ । এফালে আমাৰ পৰিৱেশ মন্ত্ৰীয়ে CoP27 ত ‘পৰিৱেশৰ বাবে জীৱনশৈলী’ৰ প্ৰচাৰ চলাইছে আনহাতে আনফালে তেওঁৰ মন্ত্ৰালয়ে প্ৰায় এক লাখ বৰ্ষাৰণ্যৰ গছ, ১০ হেক্টৰ প্ৰবাল প্ৰাচীৰ, ২০ হেক্টৰ মেংগ্ৰোভক এটা অবৈজ্ঞানিক আৰু অপৰ্যাপ্ত ই আই এৰ প্ৰতিবেদনৰ ভিত্তিত বুলডজাৰ চলাবলৈ অনুমোদন জনাইছে ।”
“২০০৪ চনৰ বৃহৎ চুনামীৰ পৰা উদ্ধাৰৰ কিছু লক্ষণ শেহতীয়াকৈ দেখাবলৈ আৰম্ভ কৰা দ্বীপটোৰ ওপৰত এই সিদ্ধান্তৰ প্ৰভাৱ বেছিভাগেই বহন কৰিব এই দ্বীপটোক ৪০,০০০ বছৰতকৈও অধিক সময় ধৰি নিজৰ ঘৰ বুলি কোৱা আৰু কিছুমান অতি অনন্য বুলি কোৱা জনজাতীয় সম্প্ৰদায় দুটাই। পৃথিৱীৰ আন ক’তো ইয়াত পোৱা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি পোৱা নাযায়।” তেওঁ লগতে কয়।
মণ্ডলে কয় যে উচ্চ ভূমিকম্পীয় কাৰ্যকলাপ, চৰম বতৰ আৰু এই প্ৰকল্প সম্পূৰ্ণ হোৱাৰ সময়লৈকে দ্বীপটোৰ বৰ্তমানৰ জনসংখ্যাৰ ৭০ গুণৰ প্ৰকল্পিত জনসংখ্যাৰ সৈতে সংযুক্ত হৈ দ্বীপটোৰ সম্পদৰ ওপৰত হেঁচা ব্যাপক হ’ব।
“এই প্ৰকল্পৰ দ্বাৰা দ্বীপটোৰ পৰিৱেশ আৰু পৰিৱেশ বিজ্ঞানৰ স্থানীয় পৰিৱৰ্তনে মূল ভূখণ্ডৰ বসতিপ্ৰধান লোকসকলৰ মাছ ধৰা আৰু কৃষক সম্প্ৰদায়ৰ পৰিস্থিতি আৰু বেয়া কৰি তুলিব যিসকলে দ্বীপটোৰ অধিকাংশ জনসংখ্যা গঠন কৰে আৰু আনকি স্বাস্থ্যসেৱা আৰু মৌলিক প্ৰয়োজনীয় সামগ্ৰীৰ সুবিধাও নাপায় শিক্ষাৰ সুবিধাসমূহ। দ্বীপটোৰ উপকূলীয় অৰণ্যসমূহ কাঢ়ি লোৱাৰ পিছত আন এক বৃহৎ ভূমিকম্পৰ পৰিণতিৰ বিষয়ে আমাৰ নেতাসকলে চিন্তা কৰাটো প্ৰয়োজন যিহেতু ই এক যুদ্ধৰ সীমাত নিজৰ কৱচ এৰাই চলাৰ দৰেই হৈছে’-তেওঁ আৰু কয়।
‘বৰ্তমানৰ প্ৰজন্মৰ বাবে আমাৰ দেশৰ বহু অংশ অতি সোনকালে বসবাস কৰিব নোৱাৰা হৈ পৰিব বুলি মোক চিন্তিত কৰি তুলিছে। দ্বীপবাসী হোৱাৰ বাবে মই আৰু অধিক চিন্তিত কাৰণ আমি অধিক দুৰ্বল আৰু আমাৰ ক’লৈকো যাবলৈও ঠাই নাই!” মণ্ডেলে আৰু ক’লে।
মেংগ্ৰোভৰ প্ৰতি ভাবুকি
ৰাধিকা ভাৰ্গৱ, সভাপতিৰ স্নাতক ফেলো, পি.এইচ.ডি. প্ৰাৰ্থী – ছিংগাপুৰৰ নেচনেল ইউনিভাৰ্চিটিৰ ভূগোল বিভাগ আৰু লগতে ২০২১ চনৰ নেচনেল জিঅ’গ্ৰাফিক এক্সপ্ল’ৰাৰ, যিয়ে বিশ্বজুৰি মেংগ্ৰোভৰ ওপৰত ব্যাপক গৱেষণা কৰিছে, তেওঁ গ্ৰেট নিকোবাৰ দ্বীপপুঞ্জৰ সামগ্ৰিক জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক হটস্পটত সৃষ্টি হোৱা বিঘিনিৰ উপৰিও প্ৰকল্প এলেকাত মেংগ্ৰোভ বিতৰণৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে ।
“যিহেতু উপকূলীয় অঞ্চলত মেংগ্ৰোভ বনাঞ্চল পোৱা যায়, সেয়েহে ইয়াৰ অৱক্ষয়ৰ ভাবুকি আহিছে আৰু এই প্ৰকল্পটোৰ বাবে হয়তো সম্পূৰ্ণ ক্ষতি হ’ব পাৰে। মেংগ্ৰোভে ধুমুহাৰ ঢৌৰ পৰা সুৰক্ষা আৰু সাগৰৰ জলপৃষ্ঠ বৃদ্ধিৰ দৰে মূল পৰিৱেশ তন্ত্ৰৰ সেৱা প্ৰদান কৰে বুলি জনা যায় যিবোৰ গ্ৰেট নিকোবাৰ দ্বীপপুঞ্জৰ অৱস্থানৰ প্ৰতি লক্ষ্য ৰাখি বিবেচনাৰ গুৰুত্বপূৰ্ণ কাৰক। মেংগ্ৰোভ ধ্বংসৰ ফলত হোৱা ক্ষতিৰ ক্ষতিপূৰণ বহু বছৰলৈ ডাইভাৰচনৰ জৰিয়তে সহজে দিব নোৱাৰি।’- ভাৰ্গৱে চি এফ চি ইণ্ডিয়ালৈ প্ৰেৰণ কৰা ইমেইলযোগে লিখিছে।
ভাৰ্গৱে খাদ্য আৰু জীৱিকাৰ সম্পদ হেৰুৱাৰ বাবে দ্বীপসমূহৰ খিলঞ্জীয়া জনসাধাৰণৰ ওপৰতো হেঁচা প্ৰয়োগ হব বুলিও ভাৰ্গৱে উদ্বেগ প্ৰকাশ কৰে।
“আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ মেংগ্ৰোভ ভাৰতৰ মুঠ মেংগ্ৰোভ আৱৰণৰ ১৩% আৰু ইয়াক দেশৰ অন্যতম স্বাস্থ্যকৰ মেংগ্ৰোভ বুলি গণ্য কৰা হয়, আৰু দক্ষিণ-পূব এছিয়াৰ দৰে জৈৱ বৈচিত্ৰ্যক প্ৰতিনিধিত্ব কৰা একমাত্ৰ মেংগ্ৰোভ।” মেংগ্ৰোভ, আৰু নিকোবাৰ দ্বীপপুঞ্জৰ অন্যান্য পৰিৱেশগত হটস্পটসমূহ সুৰক্ষিত কৰাটো গুৰুত্বপূৰ্ণ কাৰণ এই বিশাল পৰিসৰৰ উপকূলীয় উন্নয়ন কেৱল ঠাইখনৰ বাবেই নহয়, প্ৰকল্পটোৰ পৰিসৰ বা ভূগোলৰ বাহিৰতো ক্ষতিকাৰক হ’ব।’-ভাৰ্গৱে লগতে কয়।
লগতে মধ্যপ্ৰদেশৰ পৰিকল্পিত ক্ষতিপূৰণমূলক বনানীকৰণ প্ৰকল্পৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰ্গৱে কয় যে এই প্ৰকল্পৰ ফলত হোৱা জৈৱ বৈচিত্ৰ্যৰ ক্ষতিৰ ক্ষতিপূৰণ ইয়াৰ দ্বাৰা নহয়, বিশেষকৈ মেংগ্ৰোভৰ ক্ষেত্ৰত, কাৰণ মধ্যপ্ৰদেশৰ ভূগোল সম্পূৰ্ণ বেলেগ (ভূমি আবদ্ধ ৰাজ্য ) নিকোবাৰ (উপকূলীয় দ্বীপ)ৰ তুলনাত।
Also, read this in English