Physical Address

23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India

পৃথিৱীয়ে আটাইতকৈ চুটি দিনৰ অভিলেখ গঢ়িলে, জলবায়ু পৰিৱৰ্তন পাৰে কাৰণ

English

Translated by: Manjori Borkotoky

  • পৃথিৱীৰ ঘূৰ্ণনৰ হাৰ বৃদ্ধি পাইছে আৰু শেহতীয়াকৈ গ্ৰহটোৱে আটাইতকৈ চুটি দিনটোৰ বাবে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে
  • পৃথিৱীৰ অক্ষত বেছি বেগেৰে ঘূৰিব ধৰা পৰিঘটনাটো জলবায়ু পৰিৱৰ্তনৰ বাবেই হোৱাৰ সম্ভাৱনা আছে
  • গ্ৰহটোৰ ঘূৰ্ণনৰ অক্ষৰ তুলনাত গ্ৰহটোৰ ভৰৰ বিতৰণৰ পৰিৱৰ্তনৰ ফলত পৃথিৱীৰ ঘূৰ্ণন প্ৰভাৱিত হয়
  • দ্ৰুত ঘূৰণৰ ফলত শক্তিশালী ঘূৰ্ণীবতাহ আৰু আন প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হব পাৰে

চলিত বৰ্ষৰ ২৯ জুনত পৃথিৱীয়ে ২৪ ঘণ্টাতকৈ ১.৫৯ মিলিছেকেণ্ড কম সময়ত নিজৰ অক্ষত ঘূৰ্ণন সম্পূৰ্ণ কৰিছিল। এইয়া কৰি গ্ৰহটোৱে আটাইতকৈ চুটি দিনৰ এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। ইয়াৰ উপৰিও ২৬ জুলাইত পৃথিৱীয়ে ২৪ ঘণ্টাতকৈ ১.৫০ মিলিছেকেণ্ড কম সময়ত ঘূৰ্ণন সম্পূৰ্ণ কৰি আগৰ অভিলেখ ভংগ কৰাৰ পৰা অলপতে ৰৈ যায়।

ঘূৰ্ণনৰ হাৰ বৃদ্ধি

খবৰ অনুসৰি, শেহতীয়াকৈ পৃথিৱীৰ ঘূৰ্ণনৰ হাৰ বৃদ্ধি পাইছে। পৃথিৱীয়ে ২০২০ চনত ১৯৬০ চনৰ পিছত গণনা কৰা আটাইতকৈ চুটি মাহটোৰ সাক্ষী হৈছিল।২০২০ চনৰ আৰম্ভণিৰ পৰা প্ৰতিটো দিন আছিল ২৪ ঘণ্টাতকৈ কিছু পৰিমাণে হলেও কম বা চুটি। সেই বছৰত সৰ্বকালৰ আটাইতকৈ চুটি দিনটো গণনা কৰা হৈছিল ১৯ জুলাইত যেতিয়া পৃথিৱীয়ে ২৪ ঘণ্টাতকৈ ১.৪৭ মিলিছেকেণ্ড কম সময়ত নিজৰ অক্ষত ঘূৰ্ণন সম্পূৰ্ণ কৰিছিল। ২০২১ চনত পৃথিৱীয়ে বৰ্ধিত হাৰত নিজৰ অক্ষত ঘূৰিব ধৰিছিল যদিও নতুন অভিলেখ গঢ়িব পৰা নাছিল।

পৃথিৱীৰ দ্ৰুতগতিত ঘূৰ্ণনৰ কাৰণ জলবায়ু পৰিৱৰ্তন হব পাৰে

বৰ্তমান যুগত অত্যধিক কাৰ্বন নিৰ্গমনৰ বাবে পৃথিৱীৰ উত্তাপ বাঢ়িব ধৰিছে আৰু জলবায়ু পৰিৱৰ্তনৰ সূচনা কৰিছে । ইয়াৰ ফলত হিমবাহসমূহ গলিব ধৰিছে, ফলত উত্তৰ আৰু দক্ষিণ মেৰুত হিমায়িত পদাৰ্থ কমিব ধৰিছে আৰু পানীৰ ৰূপত ভৰ বাঢ়িব ধৰিছে । ইয়াৰ ফলত সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পাব ধৰিছে আৰু পৃথিৱীৰ ভৰ পুনৰ বিতৰণ হব ধৰিছে । ইয়াৰ বাবে পৃথিৱীয়ে নিজৰ অক্ষত অধিক দ্ৰুতগতিত ঘূৰিব ধৰিছে কাৰণ পৃথিৱীয়ে এটা ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ লোৱা সময়খিনি গ্ৰহটোৰ ঘূৰ্ণনৰ অক্ষৰ তুলনাত ভৰৰ বিতৰণৰ পৰিৱৰ্তনৰ ফলত প্ৰভাৱিত হয়।

ইয়ৰ্ক বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানৰ অধ্যাপক পল ডেলানীয়ে চিটিভিক জনোৱা মতে, পৃথিৱীয়ে নিজৰ অক্ষত অধিক দ্ৰুতগতিত ঘূৰিব ধৰা এই পৰিঘটনাটো জলবায়ু পৰিৱৰ্তনৰ বাবেই হোৱাৰ সম্ভাৱনা আছে।

“ইমান বৰফ আছে যি তৰল হৈ পৰিছে আৰু… তাৰ ফলস্বৰূপে পৃথিৱীৰ পৃষ্ঠৰ ভৰৰ অৱস্থানৰ ধৰণ সলনি হব ধৰিছে,”ডেলানীয়ে কয়,“যেতিয়া পদাৰ্থৰ পৰিমাণ, ভৰৰ পৰিমাণ, ঘূৰ্ণন অক্ষৰ ওচৰলৈ আহে তেতিয়া আচলতে ঘূৰ্ণনৰ হাৰ বেছি দ্ৰুত হৈ পৰে ।”

জাৰ্মানীৰ হামবাৰ্গৰ মেক্স প্লেংক ইনষ্টিটিউট ফৰ মেটিঅ’ৰ’লজিৰ ফেলিক্স লেণ্ডাৰাৰে ব্যাখ্যা কৰি কয়, “এজন আইচ স্কেটাৰৰ কথা ভাবি চাওক যিয়ে ঘূৰি আছে। আপুনি লেহেমীয়া কৰিবলৈ হাত দুখন মেলি দিয়ে, আৰু যেতিয়া আপুনি আপোনাৰ বাহু দুটা আপোনাৰ শৰীৰৰ ওচৰলৈ আনে তেতিয়া আপুনি বেগেৰে ঘূৰিব ধৰে।”

লেণ্ডাৰৰ উপমাটো বুজিবলৈ হ’লে, “পৃথিৱীয়ে নিজৰ বাহু, বা হিমবাহৰ ভৰক নিজৰ অক্ষলৈ, বা কঁকাললৈ আনিছে, যাৰ ফলত পৃথিৱী দ্ৰুতগতিত ঘূৰিব ধৰিছে”।

লেণ্ডাৰ আৰু তেওঁৰ দলটোৱে দেখিলে যে গোলকীয় উষ্ণতা বৃদ্ধি আৰু মেৰুত বৰফ গলি যোৱাৰ বাবে পানীৰ ঘনত্ব আৰু পৰিসঞ্চালনৰ পৰিৱৰ্তনে পৃথিৱীৰ ঘূৰ্ণনৰ অক্ষৰ ওচৰলৈ ভৰৰ বৃহৎ স্থানান্তৰকৰণৰ সৃষ্টি কৰিব যিয়ে পৃথিৱীৰ ঘূৰ্ণনৰ গতি বৃদ্ধি কৰিব।

পৃথিৱীৰ বৰ্ধিত ঘূৰ্ণনৰ প্ৰভাৱ

বিজ্ঞানীসকলে বিচাৰি উলিয়াইছে যে যদিও বৰ্তমান পৃথিৱীৰ বৰ্ধিত ঘূৰ্ণনৰ দৃশ্যমান প্ৰভাৱ প্ৰদৰ্শন নহব পাৰে, তথাপিও গোলকীয় উষ্ণতা বৃদ্ধিৰ অবিৰত বৃদ্ধিয়ে ভৱিষ্যতে পৃথিৱীক আৰু অধিক দ্ৰুতগতিত ঘূৰাব আৰু বিপৰ্যয়জনক পৰিঘটনাৰ সৃষ্টি কৰিব।

দ্ৰুত ঘূৰণৰ ফলত শক্তিশালী ঘূৰ্ণীবতাহ আৰু ধুমুহাৰ সৃষ্টি হব পাৰে। লছ আলামোছ নেচনেল লেবৰেটৰীৰ অৱসৰপ্ৰাপ্ত কম্পিউটেচনেল বিজ্ঞানী তথা পদাৰ্থবিজ্ঞানী ষ্টিভ হেঞ্চে কয় যে, “ক’ৰিঅ’লিছ ইফেক্ট, যিটো হৈছে বৃহৎ পৰিসৰৰ বায়ুমণ্ডল আৰু সাগৰীয় সোঁতৰ গতিৰ ওপৰত পৃথিৱীৰ ঘূৰ্ণনৰ প্ৰভাৱ, অধিক শক্তিশালী হ’ব। ইয়াৰ ফলত অধিক তীব্ৰ আৰু সৰু পৰিসৰৰ ঘূৰ্ণীবতাহৰ সৃষ্টি হ’ব পাৰে।”

দ্ৰুত ঘূৰ্ণনৰ ফলত সাগৰৰ পানী বিষুৱৰেখাত জমা হ’ব। যদি পৃথিৱীৰ ঘূৰ্ণনৰ গতি বৃদ্ধি পাই থাকে তেন্তে হয়তো এটা সময় আহিব যেতিয়া বিষুৱৰেখা বানপানীত ডুব যাব ।

ইফালে, পৃথিৱীৰ দ্ৰুত ঘূৰ্ণনৰ এই ধাৰা অব্যাহত থাকিলে ইয়াৰ ফলত প্ৰথমবাৰৰ বাবে ‘নিগেটিভ লিপ ছেকেণ্ড’ৰ প্ৰৱৰ্তন হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে বিজ্ঞানীসকলে। ঋণাত্মক লিপ চেকেণ্ড হ’ল পৃথিৱীৰ ঘূৰ্ণনৰ লগত সমন্বয়ত ৰাখিবলৈ ঘড়ীবোৰ বিয়োগ কৰা চেকেণ্ড। জ্যোতিৰ্পদাৰ্থবিজ্ঞানী গ্ৰেহাম জ’নে TimeandDate.comক কয় যে, “যদি পৃথিৱীৰ দ্ৰুত ঘূৰ্ণন অব্যাহত থাকে, তেন্তে ইয়াৰ ফলত প্ৰথমবাৰৰ বাবে ঋণাত্মক লিপ ছেকেণ্ডৰ প্ৰৱৰ্তন হ’ব পাৰে।

কিন্তু নেতিবাচক লিপ ছেকেণ্ডে আই টি ব্যৱস্থাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। শেহতীয়াকৈ মেটায়ে উল্লেখ কৰে যে লিপ ছেকেণ্ড হৈছে “উপকাৰতকৈ অধিক ক্ষতি কৰা এটা বিপদজনক প্ৰথা”।

শেষত এটা কথা মন কৰিবলগীয়া যে জলবায়ু পৰিৱৰ্তন বৃদ্ধিত অৰিহণা যোগাই গোলকীয় উষ্ণতা বৃদ্ধিয়ে ত্বৰান্বিত কৰি থাকিলেহে পৃথিৱীৰ ঘূৰ্ণনৰ গতি বৃদ্ধি পাব। গতিকে এতিয়াও কিছু সময় থাকোঁতেই, সকলোৱে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বুজি উঠাটো অতি গুৰুত্বপূৰ্ণ।

Anuraag Baruah
Anuraag Baruah
Articles: 10