Physical Address

23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India

ভাৰতে গ্ৰীষ্মপ্ৰৱাহৰ সম্মুখীন হোৱাৰ সময়তে ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ তালিকাত অন্তৰ্ভুক্ত কৰাৰ আবেদন সাংসদৰ 

Translated by: Debanjana Baishya

ভাৰতত গ্ৰীষ্মপ্ৰৱাহৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ বাবে এতিয়া ভাৰতৰ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে সামৰি লোৱা দুৰ্যোগৰ ৰাষ্ট্ৰীয় তালিকাত ইয়াক অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰা হৈছে।

দেশজুৰি সঘনাই গ্ৰীষ্মপ্ৰৱাহে সৃষ্টি কৰা জনস্বাস্থ্য সংকটৰ সমাধানৰ বাবে অসমৰ পৰা লোকসভাৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক আহ্বান জনাইছে যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে সামৰি লোৱা দুৰ্যোগৰ তালিকাত গ্ৰীষ্মপ্ৰৱাহক অন্তৰ্ভুক্ত কৰাৰ কথা বিবেচনা কৰা হ‌ওক।

সাংসদগৰাকীয়ে গ্ৰীষ্মপ্ৰৱাহক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে স্বীকৃতি বিচাৰি, ক্ষতিগ্ৰস্তসকলক সাহায্য পুঁজিৰ বাবে যোগ্য কৰি তোলাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ প্ৰেৰণ কৰা আবেদনখন টুইটাৰত শ্বেয়াৰ কৰে।

ইয়াত পোষ্টটো দিয়া হ’ল:

বৰদলৈয়ে লিখিছে, “চেণ্টাৰ ফৰ চাইন্স এণ্ড এনভাইৰনমেণ্টৰ প্ৰতিবেদনে ইংগিত দিয়ে যে ২০২২ চনত ভাৰত অভিলেখ ভংগকাৰী উষ্ণতা আৰু গ্ৰীষ্মপ্ৰৱাহৰ সাক্ষী হৈছিল, মাৰ্চৰ পৰা মে’ৰ ভিতৰত ১৬খন ৰাজ্যত প্ৰায় ২৮০টা গ্ৰীষ্মপ্ৰৱাহ ৰেকৰ্ড কৰা হৈছে। তদুপৰি, গ্ল’বেল ক্লাইমেট ৰিস্ক ইনডেক্সেত ২০২১ত ভাৰতক জলবায়ুৰ বিপদৰ সংস্পৰ্শৰ ক্ষেত্ৰত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত দেশসমূহৰ ভিতৰত ৭ম স্থান দিয়া হৈছে। আমাৰ সমাজত গ্ৰীষ্মপ্ৰৱাহৰ প্ৰভাৱ ভয়ংকৰ। ই প্ৰত্যক্ষ স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে, যাৰ ফলত বছৰি শ শ লোকৰ মৃত্যু হয়, বিশেষকৈ পূৰ্বৰে পৰা দুৰ্বল স্বাস্থ্যৰ ব্যক্তিৰ বাবে।”

২০২৩ চনত ইটোৰ পিছত সিটোকৈ সমগ্ৰ ভাৰতবৰ্ষত একাধিক গ্ৰীষ্মপ্ৰৱাহে কেইবা ডজন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে শ শ লোকৰ ওপৰত প্ৰভাৱ পেলাইছে। বিজ্ঞানীসকলে কয় যে জলবায়ু পৰিৱৰ্তনৰ ফলত অঞ্চলটোৰ উষ্ণতা কমেও ২ ডিগ্ৰী চেলছিয়াছ বৃদ্ধি পাইছে। বিশেষজ্ঞসকলে কয় যে পৰিস্থিতি আৰু বেয়া হ’ব, আৰু ভাৰত প্ৰস্তুত নহয়। বিশ্ব বেংকৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে ভাৰতত গ্ৰীষ্মপ্ৰৱাহে মানুহৰ সহ্যৰ সীমা অতিক্ৰম কৰিব পাৰে।

গ্ৰীষ্মপ্ৰৱাহে এতিয়া দেশৰ নাগৰিকৰ স্বাস্থ্যৰ উপৰিও দেশৰ অৰ্থনৈতিক আৰু উন্নয়নৰ লক্ষ্যকো প্ৰভাৱিত কৰিছে। ভাৰতৰ অৰ্থনীতি, জনস্বাস্থ্য, কৃষিৰ ওপৰত তীব্ৰ গৰমৰ প্ৰভাৱৰ ওপৰত কৰা এক অধ্যয়ন অনুসৰি দেশৰ বিধায়কসকলে গৰমৰ ঢৌৰ প্ৰভাৱক গুৰুতৰভাৱে তুচ্ছজ্ঞান কৰে। এই অধ্যয়নত এই কথাও আঙুলিয়াই দিয়া হৈছে যে ভাৰত চৰকাৰে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ দেশৰ মাত্ৰ ২০ শতাংশৰ ওপৰত পৰা বুলি কৰা অনুমান বাস্তৱতকৈ বহু কম আৰু দেশৰ ৯০ শতাংশতকৈ অধিক লোক আচলতে বিপদত পৰিছে। এই অধ্যয়নত এই কথাও উল্লেখ কৰা হৈছে যে ভাৰতত গ্ৰীষ্মপ্ৰৱাহৰ ফলত হোৱা মৃত্যু, অসুস্থতা, শস্যৰ ক্ষতি, আৰু বিদ্যালয় বন্ধৰ ফলত দেশৰ অগ্ৰগতিত বাধাৰ সৃষ্টি হয়।

“কৃষি আৰু নিৰ্মাণৰ দৰে বাহিৰৰ শ্ৰমত নিয়োজিত লোকসকলৰ প্ৰতি গুৰুতৰ ভাবুকিৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ত গ্ৰীষ্মপ্ৰৱাহক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে স্বীকৃতি নিদিয়াৰ ফলত কেইবাটাও বিৰূপ পৰিণতি হয়,” বৰদলৈয়ে কয় তেওঁৰ আবেদনত।

ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ) আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজি (এনডিআৰএফ)ৰ সংবিধান আৰু প্ৰশাসনৰ নিৰ্দেশনাত অধিসূচনা কৰা দুৰ্যোগৰ তালিকাত বৰ্তমান আছে ঘূৰ্ণীবতাহ, খৰাং, ভূমিকম্প, অগ্নিকাণ্ড, বানপানী, চুনামী, শিলাবৃষ্টি, ভূমিস্খলন, হিমস্খলন, ডাৱৰ বিস্ফোৰণ , কীট-পতংগৰ আক্ৰমণ, হিম আৰু শীতপ্ৰৱাহ।

২০২১ চনৰ এটা প্ৰতিবেদনত, উল্লেখ কৰা হৈছিল যে ভাৰতে অত্যন্ত গৰমৰ বাবে বিশ্বজুৰি সৰ্বাধিক কৰ্ম সময়ৰ লোকচান অনুভৱ কৰিব, বছৰি ১০০ বিলিয়ন ঘণ্টা অতিক্ৰম কৰি।

বৰদলৈৰ পৰামৰ্শক আদৰণি জনাই পৰিৱেশ বিজ্ঞানী ড০ পাৰ্থ জ্যোতি দাসে কয় যে, ‘গ্ৰীষ্মপ্ৰৱাহৰ তীব্ৰতা বৃদ্ধি পাইছে আৰু সমগ্ৰ দেশতে আমি ভবাতকৈও বেছি দ্ৰুতগতিত বিয়পি পৰিছে, আনকি এদশক আগতেই। স্বাভাৱিকতে গ্ৰীষ্মপ্ৰৱাহৰ ফলত হোৱা লোকচান, ক্ষতি আৰু মৃত্যুও বৃদ্ধি পাইছে। ভাৰতত গৰমৰ লগত জড়িত মানসিক চাপৰ ফলত পূৰ্বৰ তুলনাত বিগত পাঁচ বছৰত অধিক লোকৰ মৃত্যু হৈছে। তীব্ৰ গৰমৰ ফলত বৃহৎ সংখ্যক ঘৰচীয়া আৰু বন্যপ্ৰাণীও জীৱন হেৰুৱাই পেলোৱাকে ধৰি গুৰুতৰভাৱে প্ৰভাৱিত হয়, যিটো দুৰ্ভাগ্যজনক আৰু সাধাৰণতে লক্ষ্য কৰা নহয়। অস্বাভাৱিক বৰষুণ, বিশেষকৈ বৰষুণৰ অনুপস্থিতিৰ বাবে দীৰ্ঘদিনীয়া শুকান সময় বা কম বৰষুণ হোৱাটোও গৰমৰ চাপৰ অধিক পৰিঘটনাৰ সন্মুখীন হোৱাৰ কাৰণ।”

শস্য উৎপাদন আৰু পশুধনৰ স্বাস্থ্যৰ ক্ষেত্ৰত গ্ৰীষ্মপ্ৰৱাহ এটা ডাঙৰ ভাবুকি। গ্ৰীষ্মপ্ৰৱাহৰ ফলত কৃষি উৎপাদনত যথেষ্ট প্ৰভাৱ পৰিব পাৰে যেনে শস্য নষ্ট কৰা, উৎপাদন কমোৱা, পশুধন নিধন হোৱা। পানীৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ উপৰিও গ্ৰীষ্মপ্ৰৱাহে পানী যোগানৰ ওপৰত চাপ পেলাব পাৰে।

সাংসদগৰাকীয়ে তেওঁৰ আবেদনত এই পৰামৰ্শও দিছে যে গ্ৰীষ্মপ্ৰৱাহত হোৱা মৃত্যুৰ তথ্যৰ শুদ্ধতা বৃদ্ধি কৰিব লাগে আৰু গ্ৰীষ্মপ্ৰৱাহৰ প্ৰভাৱ ব্যাপকভাৱে অনুসৰণ কৰিবলৈ মানক প্ৰতিবেদন ব্যৱস্থা স্থাপন কৰিব লাগে। তেওঁ লগতে জনসাধাৰণক গ্ৰীষ্মপ্ৰৱাহৰ পৰা হ’ব পৰা বিপদ, প্ৰতিৰোধৰ ব্যৱস্থা, আৰু গৰমৰ লগত জড়িত ৰোগৰ আগতীয়া লক্ষণসমূহৰ বিষয়ে জ্ঞান দিবলৈ সজাগতা অভিযানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

“এয়া চৰম সময় যে আমি যাতে উষ্ণতা বৃদ্ধিৰ পৰিস্থিতিক গুৰুত্বসহকাৰে লওঁ, বিপদ হ্ৰাস আৰু অভিযোজনৰ বাবে। এইটো হ’বলৈ হ’লে উষ্ণতা সম্পৰ্কীয় চৰম পৰিঘটনাক আনুষ্ঠানিকভাৱে দুৰ্যোগ হিচাপে স্বীকৃতি দিব লাগিব, বিশেষকৈ জলবায়ুৰ ফলত হোৱা দুৰ্যোগ হিচাপে স্বীকৃতি দিব লাগিব। তেতিয়া সিদ্ধান্ত গ্ৰহণকাৰীসকল মানুহৰ লগতে বন্যপ্ৰাণী আৰু ঘৰচীয়া জীৱ-জন্তুৰ স্বাস্থ্যৰ ওপৰত, মৃত্যুৰ হাৰ, তথা উন্নতিৰ ওপৰত এনে চৰম পৰিঘটনাৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে নীতি আৰু কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ সক্ষম হ’ব। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা আইন (২০০৫), ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা নীতি (২০০৯) আৰু এনএপিচিচি (২০০৮)ৰ দৰে পলিচীত উষ্ণতাৰ চৰম বৃদ্ধিক দুৰ্যোগ হিচাপে স্বীকৃতি দিয়াটো ক্ষতিপূৰণৰ প্ৰাপ্যতাৰ দিশত আৰু বীমাৰ যোগ্যতা তথা আৰ্থিক আৰু কাৰিকৰী দিশত জলবায়ু-স্থিতিস্থাপক জীৱনশৈলী গ্ৰহণ কৰিবলৈ প্ৰশমন আৰু অভিযোজনৰ বাবে এক আকাংক্ষিত পদক্ষেপ”, ড° দাসে লগতে কয়।

ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছে শেহতীয়াকৈ ঘোষণা কৰিছে যে “গ্ল’বেল বয়লিঙৰ যুগ আহি পৰিছে” আৰু ২০২৩ চনৰ জুলাই মাহটো এতিয়ালৈকে লিপিবদ্ধ হোৱা আটাইতকৈ উষ্ণ মাহ হিচাপে পৰিগণিত হোৱাৰ লগে লগে স্পষ্ট হৈ পৰিছে যে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিছে আৰু স্পষ্টতৰ হৈ পৰিছে দ্ৰুতগতিত উষ্ণ হৈ অহা এখন পৃথিৱী।

References: 

https://www.who.int/india/heat-waves

https://apnews.com/article/climate-change-heat-wave-south-asia-india-bangladesh-laos-thailand-9343bb3fafbbd1ca737129d43a2574f6

https://openknowledge.worldbank.org/entities/publication/b584ffe6-c549-5f0f-85bb-aefe3ea71901

https://www.mha.gov.in/MHA1/Par2017/pdfs/par2023-pdfs/RS08022023/691.pdf

https://www.nature.com/articles/s41467-021-27328-y

Manjori Borkotoky
Manjori Borkotoky
Articles: 14