Physical Address

23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India

আপুনিও এই বৈদ্যুতিক বাহন সম্পৰ্কীয় বিভ্ৰান্তিমূলক তথ্য সমূহৰ চিকাৰ হৈছে নেকি?

English

Translated by: Manjori Borkotoky

বৈদ্যুতিক বাহন বা (Electrical Vehicle – EV) ইভি হৈছে এনে এখন বাহন যিয়ে প্ৰপালচনৰ বাবে বা চালিত হবলৈ বৈদ্যুতিক মটৰ ব্যৱহাৰ কৰে । এনে বাহনৰ ইঞ্জিন আভ্যন্তৰীণ-দহন ইঞ্জিন ব্যৱস্থাৰ দৰে নহয় যিয়ে চালিত হবলৈ বা প্ৰপালচন উৎপাদনৰ বাবে ইন্ধন আৰু গেছৰ মিশ্ৰণ ব্যৱহাৰ কৰে । যি সময়ত ‘জলবায়ু পৰিৱৰ্তন মানৱতাৰ এক অন্যতম প্ৰধান চিন্তা আৰু ইয়াৰ ‘প্ৰশমন’ সমগ্ৰ বিশ্বৰ দেশসমূহৰ ভিতৰত সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় হৈ পৰিছে, সেই সময়ত ইভি বাহন ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছে।

বেটাৰীচালিত বাহনৰ দ্বাৰা শূন্য ‘টেইলপাইপ’ নিৰ্গমন সাধন কৰি বৃদ্ধি পোৱা প্ৰদূষণ, গোলকীয় উষ্ণতা বৃদ্ধি, আৰু জলবায়ু পৰিৱৰ্তনৰ সমস্যাসমূহ সমাধান কৰিবলৈ ‘ইভি’ক বৰ্তমানৰ আভ্যন্তৰীণ দহন ইঞ্জিন অটোম’বাইলৰ সম্ভাৱ্য বিকল্প হিচাপে দেখা গৈছে।

ইভি বাহন সমূহ ক্ৰমান্বয়ে জনপ্ৰিয় হৈ উঠিছে যদিও এইটোও সত্য যে ইয়াক কেন্দ্ৰ কৰি একাধিক বিভ্ৰান্তিমূলক তথ্য প্ৰচাৰ হৈ আছে যিয়ে বহু দিশত ইয়াৰ জনপ্ৰিয়তাত বাধাৰ কাৰক হৈ পৰিছে । আমি ইয়াত ইভিৰ সৈতে জড়িত কিছুমান বিভ্ৰান্তিমূলক বা ভুৱা তথ্য আলোকপাত তথা নিষ্পত্তি কৰিবলৈ চেষ্টা কৰিছোঁ:

দাবী: ইভি বাহন অৰ্থনৈতিকভাৱে বাস্তৱিক নহয় কাৰণ আভ্যন্তৰীণদহন ইঞ্জিন ব্যৱস্থাৰ বাহনসমূহতকৈ ব্যয়বহুল।

সত্য: ইন্ধন আৰু আপদালৰ খৰচৰ কথা বিবেচনা কৰিলে শেষত ইভি আভ্যন্তৰীণদহন ইঞ্জিন ব্যৱস্থাৰ বাহনসমূহতকৈ কম ব্যয়বহুল হয়  

ইভিৰ উচ্চ মূল্যৰ বাবে এতিয়ালৈকে গড় ভাৰতীয় গ্ৰাহকে এই বেটাৰীচালিত বাহনসমূহৰ প্ৰতি বিদ্বেষ প্ৰদৰ্শন কৰাটো সকলোৰে পৰিচিত। ভাৰত চৰকাৰৰ মতে, ইভিৰ দাম অৱশ্যে এবছৰ বা দুবছৰৰ পাছত পেট্ৰ’ল চালিত বাহনৰ সমান হ’ব বুলি অনুমান কৰা হৈছে৷ সকলোৱে জানে যে যেতিয়াই নতুন প্ৰযুক্তিৰ প্ৰৱৰ্তন কৰা হয়, তেতিয়াই প্ৰাৰম্ভিক মূল্য বেছি হয়, আৰু সময়ৰ লগে লগে যেতিয়া প্ৰযুক্তিটো সাধাৰণতে গণ পৰ্যায়ত গ্ৰহণ কৰা হয়, তেতিয়াই দাম কমি যায়। এইয়া ইভিৰ ক্ষেত্ৰতো প্ৰযোজ্য। একে সময়তে ইভি প্ৰযুক্তিৰ প্ৰাৰম্ভিক ‘উচ্চ’ ব্যয় হ্ৰাস কৰিবলৈ চৰকাৰী পৰ্যায়ত একাধিক ৰাজসাহায্য ঘোষণা কৰা হৈছে।

ভাৰত চৰকাৰে শেহতীয়াকৈ বাজেট আবণ্টন তিনিগুণ বৃদ্ধি কৰিছে যাতে দেশত বৈদ্যুতিক বাহন ক্ৰয় কৰাৰ সময়ত গ্ৰাহকক যথেষ্ট পৰিমাণৰ ৰাজসাহায্য প্ৰদান কৰিব পাৰে। এইটোও সঁচা যে ইভিসমূহৰ পৰিচালনা আৰু আপদালৰ খৰচ কম কাৰণ ইয়াৰ চলন্ত অংশ কম হোৱাৰ ফলত ইঞ্জিনৰ কম ক্ষতি হয়। ইয়াৰ ফলত শেষত আভ্যন্তৰীণ দহন ইঞ্জিনৰ বাহনৰ তুলনাত ইভিৰ জীৱনচক্ৰৰ খৰচ হ্ৰাস পায়।

দাবী: ইভিবোৰ চাৰ্জ কৰিবলৈ বহুত সময় লাগে।

সত্যতা: বাস্তৱতা যে ৯০% তকৈ অধিক সময় গাড়ীবোৰ ৰখাই থোৱা থাকে। এই ডাউনটাইমৰ সময়ত ইভিসমূহ সহজে চাৰ্জ কৰিব পাৰি।

লগতে ভাৰতীয় বজাৰত শেহতীয়াকৈ ফাষ্ট-চাৰ্জাৰৰ প্ৰৱেশ হৈছে আৰু ইয়াৰে কিছুমানে ৪২ মিনিটতকৈও কম সময়ত ১০ৰ পৰা ৮০ শতাংশ চাৰ্জ কৰিব পাৰে। মূলতঃ ৪চকীয়া ইভি গাড়ীবোৰ ডাঙৰ বেটাৰীৰে চাৰ্জ কৰিবলৈ ফাষ্ট চাৰ্জাৰ ব্যৱহাৰ কৰা হৈছে। শেহতীয়াকৈ ‘কিয়া’ই হাৰিয়ানাৰ গুৰগাঁৱত ভাৰতৰ দ্ৰুততম ইলেক্ট্ৰিক বাহনৰ চাৰ্জাৰ স্থাপন কৰিছে

ব্যুৰো অৱ এনাৰ্জি ইফিচিয়েন্সিৰ মতে, বৰ্তমান ইভি (২-চকীয়া, ৩-চকীয়া, ৪-চকীয়া) Slow/Moderate চাৰ্জাৰ ব্যৱহাৰ কৰি প্ৰায় ১-৫ ঘণ্টাত ০%-৮০% ৰ পৰা চাৰ্জ কৰিব পাৰি আৰু ফাষ্ট চাৰ্জাৰ ব্যৱহাৰ কৰি ১ ঘণ্টাৰো কম সময়ৰ ভিতৰত ‘ফুল চাৰ্জ’ কৰিব পাৰি। ফাষ্ট চাৰ্জাৰ মূলতঃ ইলেক্ট্ৰিক ৪ চকীয়া বাহনখন ডাঙৰ বেটাৰীৰে চাৰ্জ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

দাবী: ইভি বেটাৰীবোৰ বেছি দিন টিকি নাথাকিব, মাত্ৰ কেইবছৰমানহে টিকি থাকিব।

সত্য: ইভি বেটাৰী কেইবাবছৰলৈকে টিকি থাকিব আৰু বহুক্ষেত্ৰত ইলেক্ট্ৰিক বাহনখনৰ আয়ুসকালতকৈ বেছি সময় ভাল হৈ থাকিব পাৰে।

বেছিভাগ কোম্পানীয়ে তেওঁলোকৰ বেটাৰীৰ ওপৰত ৫ৰ পৰা ৮ বছৰৰ ৱাৰেণ্টী প্ৰদান কৰে। কিন্তু শেহতীয়া প্ৰযুক্তি অনুসৰি ইভি বেটাৰী ১০ৰ পৰা ২০ বছৰলৈকে ভাল হৈ থাকিব লাগে। সেইবাবে গ্ৰাহকে কেইবছৰমান ব্যৱহাৰৰ পিছতেই বেটাৰী সলনি কৰিবলগীয়া হোৱাৰ চিন্তা কৰাৰ প্ৰয়োজন নাই।

দাবী: ইভিৰ চূড়ান্ত নিৰ্গমন প্ৰভাৱ পেট্ৰ/ডিজেল বাহনতকৈও অধিক।

প্ৰকৃত কথা: ইভিবোৰত চাৰ্জ কৰিবলৈ আৰু বেটাৰী নিৰ্মাণৰ সময়ত বিদ্যুৎ উৎপাদনৰ সময়ত হোৱা কাৰ্বন নিৰ্গমন গণনা কৰিলেও পেট্ৰ/ডিজেল বাহনতকৈ ইভিৰ কাৰ্বন ফুটপ্ৰিণ্ট কম।

পেট্ৰ’লত জমা হৈ থকা শক্তিৰ প্ৰায় ১৭-২১% শক্তিক পেট্ৰ’ল বাহনে শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰে যদিও ইভিয়ে গ্ৰীডৰ পৰা ৫৯-৬২% বৈদ্যুতিক শক্তিক শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰে।

২০২০ চনৰ এক অধ্যয়নৰ মতে, ইভি সমূহে সামগ্ৰিকভাৱে CO2 নিৰ্গমন কমায় যদিও ইয়াক শক্তি প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা বিদ্যুৎ জীৱাশ্ম ইন্ধনৰ পৰা আহে। অধ্যয়নটোত এইটোও দেখা গৈছে যে যদিও পেট্ৰ’ল/ডিজেল বাহনৰ তুলনাত ইভি নিৰ্মাণ প্ৰক্ৰিয়াৰ সময়ত অধিক কাৰ্বন নিৰ্গত হয়, তথাপিও এটা সম্পূৰ্ণ জীৱনচক্ৰত ইভি বাহনৰ কাৰ্বনৰ নিৰ্গমন পেট্ৰ’ল/ডিজেল বাহনৰ নিৰ্গমনতকৈ কম হয় । 

দাবী: ইলেক্ট্ৰিক বাহনৰ ৰেঞ্জ অতি কম।

সত্য: গড় ভাৰতীয় চালকৰ সাধাৰণ দৈনিক ৰেঞ্জ বা দূৰত্ব ইভিত আৰামত যাতায়ত কৰিব পৰা যায়।

ইভিৰ ৰেঞ্জ বৃদ্ধি পাইছে আৰু ভাৰতীয় চালকৰ দৈনিক গড় ৰেঞ্জ ইভিত আৰামত যাতায়ত কৰিব পৰা যায়। ব্যুৰো অৱ এনাৰ্জি ইফিচিয়েন্সিৰ তথ্য অনুসৰি ইলেক্ট্ৰিক ২চকীয়া বাহনৰ গড় ৰেঞ্জ প্ৰতি চাৰ্জত প্ৰায় ৮৪ কিলোমিটাৰ আৰু চাৰিচকীয়া বাহনৰ গড় ৰেঞ্জ প্ৰতি চাৰ্জত ১৫০-২০০ কিলোমিটাৰৰ ভিতৰত। দেশত নিৰ্দিষ্ট ব্যৱধানত চাৰ্জিং ষ্টেচনৰ দ্ৰুত প্ৰৱৰ্তনৰ লগে লগে ইভিত অহা-যোৱা কৰাটো বহুত সহজ হৈ পৰিছে। ভাৰতৰ মেট্ৰ’ চহৰসমূহত ইভি চাৰ্জিং ষ্টেচনৰ সংখ্যা ২.৫গুণ বৃদ্ধি পাইছে বুলি বাতৰি প্ৰকাশ পাইছে ।

শেহতীয়াকৈ বেটাৰী ‘শ্বেপিং ষ্টেচন’ৰ (বেটাৰী সলনি কৰিব পৰা ঠাই) উত্থান হৈছে আন এক পৰিৱৰ্তন যিয়ে ইভিৰ পৰিসৰ বৃদ্ধি কৰাত বহুখিনি আগুৱাই নিব পাৰে। ই গণ বিদ্যুৎকৰণৰ দিশত এক ধৰণৰ সমাধান যাৰ জৰিয়তে খালী বেটাৰীক চাৰ্জ কৰা বেটাৰীৰ সৈতে বিনিময় কৰিব পাৰি।

দাবীঃ ভাৰতত পৰ্যাপ্ত ইভি চাৰ্জিং ষ্টেচন নাই।

সত্যঃ ভাৰতত প্ৰায় ১৭৫০ টা ইভি চাৰ্জিং ষ্টেচন আছে আৰু ৰাজহুৱাৰ লগতে ব্যক্তিগত কোম্পানিয়ে দেশত অধিক ষ্টেচন প্ৰৱৰ্তনৰ বাবে প্ৰৱল প্ৰচাৰ তথা চেষ্টা চলাইছে।

খবৰ অনুসৰি, ভাৰতে অহা ৩-৪ বছৰত প্ৰায় ৪৮ হাজাৰ অতিৰিক্ত ইভি চাৰ্জাৰৰ প্ৰবৰ্তন কৰিব যি সময়ছোৱাত দেশখনত ইভিৰ এক বৃহৎ উত্থান হব বুলি আশা কৰা হৈছে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে বিল্ডিং উপ-বিধি সংশোধন কৰি অট্টালিকাত ইভি চাৰ্জিঙৰ ব্যৱস্থা নিয়ম অন্তৰ্ভুক্ত কৰিছে। উদাহৰণস্বৰূপে, নয়’ডাৰ সকলো নতুন অট্টালিকাত এতিয়া ইভি চাৰ্জিং ষ্টেচন থকাটো বাধ্যতামূলক।

লগতে, কথাটো হ’ল যে যদি কোনোবাই নিজৰ নিজৰ ঘৰৰ পাৰ্কিংত চাৰ্জাৰ লগাই দিয়ে, তেন্তে তেওঁ ইভিখন নিজৰ সুবিধা অনুসৰি চাৰ্জ কৰিব পাৰে।

দাবীঃ পানীৰে ভৰি থকা অঞ্চলত বৈদ্যুতিক বাহনৰ ক্ষতি পাৰে।

সত্য: ইভিবোৰৰ সকলো বৈদ্যুতিক উপাদান ভালদৰে ছীল কৰা হোৱাৰ বাবে পানী প্ৰৱেশৰ পৰা সুৰক্ষিত হয়।
ইভিসমূহে এটা ইনগ্ৰেছ প্ৰটেকচন (আইপি) মানদণ্ড মানি চলিব লাগে। বেছিভাগ ইভিৰ IP67 বা তাতকৈ অধিক ৰেটিং থাকে যিয়ে ধূলি আৰু পানীৰ পৰা সুৰক্ষাক প্ৰতিনিধিত্ব কৰে। সংখ্যা যিমানেই বেছি সিমানেই সুৰক্ষা ভাল। ৬৭তকৈ অধিক ৰেটিং পোৱা যিকোনো বস্তুৱেই ছাবমেৰিনৰ দৰে বিশেষ সঁজুলিৰ বাবে। ৰিপোৰ্ট অনুসৰি, “IP67 ৰেটিঙে গাড়ীখনক কোনো ধৰণৰ লিকেজ নোহোৱাকৈ ৩০ মিনিট পৰ্যন্ত এক মিটাৰ উচ্চতালৈকে পানীত ডুবাই ৰাখিবলৈ অনুমতি দিয়ে।” লগতে, পানীৰ ওপৰেদি ইভি চলোৱাৰ ফলত কোনো ধৰণৰ বিজুতি হ’বই বুলি ক’ব নোৱাৰি, আৰু পানীলৈ ইভিৰ পৰা বিদ্যুৎ পৰিবাহ নহয়।

,
Anuraag Baruah
Anuraag Baruah
Articles: 10