Physical Address

23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India

COP27 | লছ এণ্ড ডেমেজ পুঁজিৰ সৃষ্টি হ’ল যদিও ভাৰতৰ সকলো জীৱাশ্ম ইন্ধন পৰ্যায়ক্ৰমে বন্ধ কৰাৰ প্ৰস্তাৱক আওকাণ কৰা হ’ল

প্ৰায় তিনি দশক ধৰি উন্নয়নশীল দেশসমূহে গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত হোৱা ধ্বংসাত্মক ধুমুহা, গৰমৰ ঢৌ আৰু খৰাঙৰ খৰচৰ ক্ষতিপূৰণ দিবলৈ ধনী, উন্নত ৰাষ্ট্ৰৰ পৰা লোকচান আৰু ক্ষতিৰ বাবে ধন বিচাৰি আহিছে। ইজিপ্তত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু শীৰ্ষ সন্মিলনত অৱশেষত এই কথা বাস্তৱত পৰিণত হৈছে, যদিও সন্মিলনখনৰ এটা দিনৰ সম্প্ৰসাৰণে পাছতো বৰ্ধিত দিনটোও এই বিষয়ে নিৰ্ণায়ক নোহোৱাৰ ভাবুকি আহি পৰিছিল।

এক ঐতিহাসিক সিদ্ধান্তত ২০২২ চনৰ ২০ নৱেম্বৰ দেওবাৰে প্ৰায় ২০০খন দেশৰ আলোচনাকাৰীয়ে ধনী ৰাষ্ট্ৰসমূহে নিৰ্গত কৰা প্ৰদূষণৰ ফলত বিশ্বক বিপজ্জনকভাৱে উষ্ণ কৰি সৃষ্টি কৰা জলবায়ু দুৰ্যোগৰ সৈতে মোকাবিলা কৰাত সহায়ক হোৱাকৈ এটা পুঁজিৰ ওপৰত সহমতত উপনীত হয়।

চুক্তিখনত অৱশ্যে কোৱা হৈছে যে এই ধন পৰিশোধৰ বাবে দেশসমূহক আইনগতভাৱে দায়ী কৰিব নোৱাৰি আৰু আন সবিশেষৰ বাবে এতিয়াও বহু সিদ্ধান্ত লবলৈ বাকী আছে। অহা বছৰৰ ভিতৰত ২৪খন দেশৰ প্ৰতিনিধিৰ এখন কমিটীয়ে এই পুঁজিৰ ৰূপ, এই পুঁজিত কোনবোৰ দেশে অৰিহণা যোগাব লাগে আৰু শেষত এই ধন ক’লৈ যাব সেই কথা নিশ্চিত কৰিব ।

সমালোচকসকলে এতিয়া আঙুলিয়াই দিছে যে লছ এণ্ড ডেমেজ পুঁজিৰ সৃষ্টিটোৱেই COP27ৰ একমাত্ৰ উজ্জ্বল নক্ষত্ৰ যেন লাগে কাৰণ অন্যথা এই বছৰৰ জলবায়ু সন্মিলনে গোলকীয় উষ্ণতা বৃদ্ধিৰ মূল কাৰণটো মোকাবিলা কৰাৰ প্ৰচেষ্টাক শক্তিশালী কৰাত বিশেষ একো নকৰিলে। এই আলোচনা আৰু বিতৰ্কত ভাৰতে এক গুৰুত্ব পূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ।

সকলো জীৱাশ্ম ইন্ধন পৰ্যায়ক্ৰমে হ্ৰাস কৰা

‘সকলো জীৱাশ্ম ইন্ধন পৰ্যায়ক্ৰমে হ্ৰাস কৰা’ প্ৰস্তাৱৰ মূল অৰ্থ হ’ল বিশ্বৰ ৰাষ্ট্ৰসমূহে সকলো জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ পৰ্যায়ক্ৰমে হ্ৰাস কৰি ১.৫ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত বিশ্বৰ গড় উষ্ণতা বৃদ্ধি সীমাবদ্ধ কৰা আৰু লগতে নেট জিৰ’ লক্ষ্যত উপনীত হোৱা । ভাৰতে এইবাৰ COP27ৰ চূড়ান্ত চুক্তিৰ বাবে সকলো জীৱাশ্ম ইন্ধন পৰ্যায়ক্ৰমে বন্ধ কৰাৰ আহ্বান জনাই এক প্ৰস্তাৱ আগবঢ়াইছিল। ইউৰোপীয় সংঘকে ধৰি বহু দেশে এই প্ৰস্তাৱৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছিল। পিছত আমেৰিকাইও ব্ৰিটেইনৰ লগতে ইয়াৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে।

ভাৰতে ‘সকলো জীৱাশ্ম ইন্ধন পৰ্যায়ক্ৰমে হ্ৰাস’ অন্তৰ্ভুক্ত কৰিব বিচৰাটো আচলতে কয়লা পৰ্যায়ক্ৰমে বন্ধ কৰাৰ আহ্বান জনোৱা গ্লাছগো ঘোষণাৰ পৰাই আহিছে। গ্লাছগো জলবায়ু সন্মিলনৰ সময়ত ভাৰত আৰু ‘ফেজ আউট’ অন্তৰ্ভুক্ত কৰিব বিচৰা অন্যান্য প্ৰধান অৰ্থনীতিৰ মাজত এক ষ্টেণ্ডঅফ হৈছিল আৰু ভাৰতে ‘ফেজ ডাউন’ৰ ওপৰত জোৰ দিছিল। COP26 ‘ফেজ ডাউন’ আৰু ‘ফেজ আউট’ বাক্যাংশৰ সৈতে জড়িত ষ্টেণ্ডঅফৰ বিষয়ে আছিল যদিও এই বছৰ COP27ত ষ্টেণ্ডঅফ COP26তকৈ এখোজ আগুৱাই গৈ ‘ফেজ ডাউন’ত কেৱল কয়লাৰ পৰিৱৰ্তে সকলো জীৱাশ্ম ইন্ধন সামৰি লোৱাৰ বিষয়ে আছিল ।

ভাৰত এতিয়াও কয়লাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল আৰু এইদৰে ই কেৱল কয়লাত নহয়, সকলো জীৱাশ্ম ইন্ধনৰ ওপৰত গুৰুত্ব ঘূৰাই আনিব বিচৰাটো এটা সু-গণিত কূটনৈতিক আক্ৰমণ হিচাপে দেখা গৈছে। এইটোৱে অৱশ্যে অৱশেষত কাম কৰা যেন নালাগিল কাৰণ গেছ আৰু তেলৰ দৰে জীৱাশ্ম ইন্ধনেৰে সমৃদ্ধ বিভিন্ন দেশে সকলো জীৱাশ্ম ইন্ধন পৰ্যায়ক্ৰমে বন্ধ কৰিবলৈ সন্মতি দিয়াৰ পৰা যেন পিছুৱাই গ’ল।

পৃথিৱীয়ে ইতিমধ্যেই বহুত বেছি সময় অপেক্ষা কৰিছে

COP27ৰ সামৰণি পূৰ্ণাংগ সভাত ভাষণ দি ভাৰতীয় প্ৰতিনিধি দলৰ নেতা তথা কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দৰ যাদৱে ইয়াক ঐতিহাসিক COP বুলি অভিহিত কৰে কাৰণ এই চুক্তিখনে এক লোকচান আৰু ক্ষতিৰ পুঁজিৰ উত্থাপন কৰিছে। ইয়াৰ বাবে পৃথিৱীয়ে ইতিমধ্যেই বহুত বেছি সময় অপেক্ষা কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে কয়।

ভাৰতে COP27ৰ সিদ্ধান্তত ‘বহনক্ষম জীৱনশৈলীৰ ব্যৱহাৰ আৰু উৎপাদনৰ বহনক্ষম আৰ্হিলৈ পৰিৱৰ্তন’ অন্তৰ্ভুক্ত কৰাটোও আদৰণি জনায়। COP27ৰ ৰূপায়ণ পৰিকল্পনাত ‘বহনক্ষম জীৱনশৈলী’ অন্তৰ্ভুক্ত কৰাটো ভাৰতৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ কাৰণ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মিছন লাইফ (পৰিৱেশৰ বাবে জীৱনশৈলী) মন্ত্ৰৰ জৰিয়তে পৰিৱেশ অনুকূল জীৱনশৈলীৰ বাবে এক ক্ষেত্ৰ আগবঢ়াইছিল।

কৃষিক প্ৰশমনৰ সৈতে সাঙুৰা উচিত নহয়

ভাৰতৰ দীৰ্ঘদিনীয়া স্থিতি পুনৰবাৰ উল্লেখ কৰি ভাৰতে কৃষিক প্ৰশমনৰ সৈতে সাঙুৰা উচিত নহয় বুলিও আঙুলিয়াই দিয়ে। ভাৰতে কয় যে সেইবাবে ভাৰতে কৃষিক্ষেত্ৰত প্ৰশমনক ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদানৰ বাহিৰত ৰাখিছে।

“আমি কৃষি আৰু খাদ্য সুৰক্ষাৰ জলবায়ু কাৰ্য্যৰ ওপৰত ৪ বছৰীয়া কৰ্ম কাৰ্যসূচী স্থাপন কৰিছো। লাখ লাখ ক্ষুদ্ৰ কৃষকৰ জীৱিকাৰ মূল ভেটি কৃষি জলবায়ু পৰিৱৰ্তনৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হ’ব। গতিকে, আমি তেওঁলোকৰ ওপৰত প্ৰশমনৰ দায়িত্বৰ বোজা দিয়া উচিত নহয়।’-মন্ত্ৰীগৰাকীয়ে কয়।

ইউৰোপৰ বহু ৰাষ্ট্ৰই ভাৰতৰ কৃষি উদ্যোগৰ সৈতে মিথেন নিৰ্গমনৰ, মূলতঃ জীৱ-জন্তুৰ গোবৰ আৰু গেষ্ট্ৰ’এণ্টেৰিক মুক্তিৰ পৰা, সম্পৰ্ক স্থাপন কৰাৰ প্ৰচেষ্টা কৰে ।

ন্যায়সংগত পৰিৱৰ্তন আৰু কয়লা

ভাৰতে কয়লা পৰ্যায়ক্ৰমে বন্ধ কৰাৰ পৰা ন্যায়সংগত পৰিৱৰ্তনক বিচ্ছিন্ন কৰিবলৈ চেষ্টা কৰিছিল যেতিয়া মন্ত্ৰীজনে কৈছিল যে বেছিভাগ উন্নয়নশীল দেশৰ বাবে ন্যায়সংগত পৰিৱৰ্তন ডিকাৰ্বনাইজেচনৰ সৈতে তুলনা কৰিব নোৱাৰি, বৰঞ্চ ই এক কম কাৰ্বনযুক্ত উন্নয়নৰ সৈতেহে খাপ খাব পাৰে ।

মন্ত্ৰীগৰাকীয়ে কয় যে উন্নয়নশীল দেশসমূহে শক্তিৰ মিশ্ৰণৰ বাছনিৰ ক্ষেত্ৰত, আৰু এছডিজি লাভ কৰাত স্বাধীনতাৰ প্ৰয়োজন।

ভাৰতে এই কথাতো গুৰুত্ব আৰোপ কৰে যে উন্নত দেশসমূহে জলবায়ুৰ কাৰ্য্যত আগভাগ লোৱাটো বিশ্বব্যাপী ন্যায়সংগত পৰিৱৰ্তনৰ এক অতি গুৰুত্বপূৰ্ণ দিশ।

লছ এণ্ড ডেমেজ ফাণ্ডৰ পৰা ধন বিচাৰিব ভাৰতে

ভাৰতে নিজেই এখন উন্নয়নশীল দেশ হোৱাৰ বাবে প্ৰস্তাৱিত লোকচান আৰু ক্ষতিৰ ফাণ্ডৰ বাবে কোনো ধৰণৰ পুঁজি প্ৰদান কৰাৰ কোনো প্ৰশ্নই উত্থাপন হোৱা নাই বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতবৰ্ষই এই পুঁজিৰ পৰা ধন বিচাৰিব যিহেতু ই বৰ্ষৰ জলবায়ু ক্ষতিগ্ৰস্ত দেশসমূহৰ ভিতৰত অন্যতম পৃথিৱীখন।

“অৱশ্যেই কম উন্নত দেশ আৰু ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰসমূহক অগ্ৰাধিকাৰ দিয়া হ’ব। কিন্তু আমাৰ দুৰ্বল অঞ্চল (যেনে লক্ষদ্বীপ, সুন্দৰবন আদি)ও এনে পুঁজিৰ দ্বাৰা উপকৃত হ’ব।’- কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ উদ্ধৃতিৰে টি অ’ আইৰ এক ৰিপোৰ্টত প্ৰকাশ পাই

Manjori Borkotoky
Manjori Borkotoky
Articles: 14