Physical Address

23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India

ভাৰততছিংগল ইউজ প্লাষ্টিক ওপৰত নিষেধাজ্ঞা: এক বাস্তৱতা পৰীক্ষা

English

ছ’চিয়েল মিডিয়াত সক্ৰিয় যিকোনো ব্যক্তিয়ে নিশ্চয়কৈ বন্যপ্ৰাণী বিশেষকৈ জলজ জীৱবোৰে শ্বাসৰুদ্ধ হৈ মূৰ বা ডিঙি প্লাষ্টিকৰ আৱৰ্জনাত আবদ্ধ হৈ থকা, কেতিয়াবা আনকি প্লাষ্টিক সেৱনৰ ফলত বিপৰ্যয়জনক পৰিণতিৰ অসংখ্য পোষ্ট আৰু ছবিৰ সন্মুখীন হ’বলগীয়া হৈছে। ‘ৰেপাৰ’ৰ পৰা আৰম্ভ কৰি কেৰী বেগলৈকে এই পেলাই দিয়া সামগ্ৰীবোৰে প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ প্ৰতি ভয়াৱহ ভাবুকিৰ সৃষ্টি কৰিছে। ২০০৯ চনত প্ৰকাশিত এক অধ্যয়নত কোৱা হৈছে যে অৱক্ষয় হোৱাত অতি লেহেমীয়া হোৱাৰ বাবে প্লাষ্টিক আৱৰ্জনা সাগৰীয় পৰিৱেশত দশকৰ পৰা শতিকালৈকে থাকিব পাৰে।

ব্ৰিটানিকাই প্লাষ্টিক প্ৰদূষণৰ সংজ্ঞা দিছে যে ‘প্লাষ্টিক প্ৰদূষণৰ সৃষ্টি তেতিয়া হয় যেতিয়া কৃত্ৰিম প্লাষ্টিক সামগ্ৰী পৰিৱেশত ইমানেই জমা হয় যে ই বন্যপ্ৰাণী আৰু ইয়াৰ বাসস্থানৰ লগতে মানুহৰ জনসংখ্যাৰ বাবেও সমস্যাৰ সৃষ্টি কৰে।’

আমি এই ভিডিঅ’টোৰ সন্মুখীন হ’লোঁ য’ত প্লাষ্টিকৰ বেগবোৰে পৰিৱেশত কেনে প্ৰভাৱ পেলায় সেই বিষয়ে বুজাইছে। ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ ৱেবছাইটত প্লাষ্টিক প্ৰদূষণৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰা হৈছে।

ছিংগল ইউজপ্লাষ্টিক কি?

যিবোৰ প্লাষ্টিক সামগ্ৰী পেলাই দিয়াৰ আগতে মাত্ৰ এবাৰ বা কম সময়ৰ বাবে ব্যৱহাৰ কৰা হয় সেইবোৰক ‘ছিংগল ইউজ’ প্লাষ্টিক বোলা হয়। ই মূলতঃ জীৱাশ্ম ইন্ধন ভিত্তিক ৰাসায়নিক পদাৰ্থ (পেট্ৰ’কেমিকেল)ৰ পৰা তৈয়াৰ কৰা হয়। ছিংগল ইউজ প্লাষ্টিকবোৰ বেছিকৈ পেকেজিং আৰু চাৰ্ভিচ ৱেৰ, যেনে বটল, ৰেপাৰ, ষ্ট্ৰ’, বেগ আদিৰ বাবে ব্যৱহাৰ কৰা হয়।

জলবায়ু পৰিৱৰ্তনৰ আঁৰৰ এটা চালিকা শক্তি

পৃথিৱীৰ অন্যতম স্থায়ী প্ৰদূষক হোৱাৰ বাবে প্লাষ্টিক অৱক্ষয় হ’বলৈ শতিকাজুৰি সময় লাগিব পাৰে, সেউজ গৃহ গেছ নিৰ্গত হ’ব পাৰে আৰু এইদৰে এক দীঘলীয়া সময় গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগাব পাৰে।

ক’লৰাডো বিশ্ববিদ্যালয়ৰ ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদনে ছিংগল ইউজ প্লাষ্টিকক ‘জলবায়ু পৰিৱৰ্তনৰ আঁৰৰ চালিকা শক্তি’ বুলি অভিহিত কৰিছে। ইয়াত কোৱা হৈছে যে যিহেতু জীৱাশ্ম ইন্ধনৰ পৰা ছিংগল ইউজ প্লাষ্টিক উৎপাদন কৰা হয়, সেয়েহে এই প্লাষ্টিকসমূহ নিষ্কাশন আৰু সৃষ্টি কৰাৰ প্ৰক্ৰিয়াত বিপুল পৰিমাণৰ সেউজ গৃহ গেছ নিৰ্গত হয়।

অনুমান অনুসৰি কেৱল এই জীৱাশ্ম ইন্ধনসমূহ নিষ্কাশন কৰি প্লাষ্টিক কাৰখানালৈ পৰিবহণ কৰিলেই ১২.৫ৰ পৰা ১৫ লাখ মেট্ৰিক টন সেউজ গৃহ গেছ নিৰ্গত হয়।

প্ৰতিবেদনত লগতে উল্লেখ কৰা হৈছে যে তেল নিষ্কাশন আৰু পাইপলাইন নিৰ্মাণৰ বাবে বনাঞ্চলৰ মাটি আঁতৰোৱাৰ ফলত বায়ুমণ্ডললৈও ১৬ বিলিয়ন মেট্ৰিক টনতকৈ অধিক কাৰ্বন ডাই অক্সাইড নিৰ্গত হৈছে। এই ভূমি পৰিষ্কাৰ কৰাৰ ফলত বায়ুমণ্ডলৰ পৰা আঁতৰোৱা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণো সীমিত হৈ পৰে। লগতে প্লাষ্টিক পৰিশোধনৰ ফলত প্ৰতি বছৰে অতিৰিক্ত ১৮৪ৰ পৰা ২১৩ মিলিয়ন মেট্ৰিক টন সেউজ গৃহ গেছ নিৰ্গত হয়। লেণ্ডফিল, য’ত একক ব্যৱহাৰৰ বাবে পেলনীয়া প্লাষ্টিক ব্যৱহাৰ কৰা হয়, তাত মিথেন নিৰ্গমনৰ ১৫% তকৈ অধিক হয়। লেণ্ডফিলত অধিক প্লাষ্টিক পেলোৱাৰ ফলত লেণ্ডফিলৰ আকাৰ আৰু এই নিৰ্গমন বৃদ্ধি পায়।

ভাৰতত প্লাষ্টিক প্ৰদূষণ

ভাৰতে বছৰি ৯.৪৬ মেগাটন প্লাষ্টিক আৱৰ্জনা উৎপাদন কৰে। বৰ্তমান দেশখনে সৰ্বাধিক কাৰ্বন নিৰ্গমনকাৰী দেশসমূহৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰিছে। ইণ্ডিয়া ডেভেলপমেণ্ট ৰিভিউ (আইডিআৰ)ত ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে ৫ হাজাৰ পঞ্জীয়নভুক্ত পুনঃব্যৱহাৰ ইউনিট থকাৰ পিছতো প্লাষ্টিক পুনঃব্যৱহাৰ এতিয়াও বহুলাংশে অনানুষ্ঠানিক। ইয়াত কোৱা হৈছে যে ভাৰতৰ ৪০% প্লাষ্টিক আৱৰ্জনা সংগ্ৰহ কৰা নহয় আৰু হয় জ্বলাই দিয়া হয়, হেৰাই যায়, নহয় লেণ্ডফিল বা জলপথত পেলাই দিয়া হয়।

সমগ্ৰ ভাৰতত ছিংগল ইউজ প্লাষ্টিক নিষিদ্ধ

ভাৰতক প্লাষ্টিকমুক্ত কৰাৰ প্ৰয়াসত ২০২২ চনৰ ১ জুলাইৰ পৰা ছিংগল ইউজ প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা বলবৎ কৰা হয়।যদিও কিছুমান সামগ্ৰী এতিয়াও তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই, তথাপিও ইয়াক এটা সৰু, প্ৰতীকী পদক্ষেপ হিচাপে গণ্য কৰা হৈছে যিয়ে হয়তো প্লাষ্টিক প্ৰদূষণৰ বিপদৰ বিৰুদ্ধে সাধাৰণ জনতাৰ মাজত কিছু সজাগতা সৃষ্টি কৰাত সহায় কৰিব পাৰে । 

উদাহৰণস্বৰূপে ৭৫ মাইক্ৰনতকৈ অধিক ডাঠ প্লাষ্টিকৰ কেৰী বেগ ২০২২ চনৰ শেষলৈকে এতিয়াও উপলব্ধ হ’ব।২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা এনে কেৰী বেগ ১২০ মাইক্ৰনতকৈ অধিক ডাঠ হ’ব লাগিব।

আমি ফেক্ট ক্ৰেচেণ্ডোৰ বিভিন্ন ব্যুৰোৰ আমাৰ সহকৰ্মীসকলক তেওঁলোকৰ গৃহ চহৰত ছিংগল ইউজ প্লাষ্টিক নিষিদ্ধকৰণ কাৰ্যকৰী কৰাৰ বাস্তৱতাৰ বিষয়ে সুধিলোঁ।

আমাৰ সহকৰ্মী নাছিম আখতাৰ আৰু ৰাহুল অধিকাৰীয়ে খবৰ দিছে যে পশ্চিমবংগৰ বিভিন্ন প্ৰান্তত এই নিষেধাজ্ঞা আংশিকভাৱে পালন কৰা হৈছে। লগতে জনসাধাৰণৰ মাজত শেহতীয়াকৈ নিষিদ্ধকৰণৰ সজাগতা অভাৱৰ বাবেই এনে হ’ব পাৰে বুলিও তেওঁ কয়।

সিদ্ধাৰ্থ সাহুৱে কয় যে ওড়িশাত এতিয়াও ‘কেৰী বেগ’ৰ ৰূপত ছিংগল ইউজ প্লাষ্টিক ব্যৱহাৰ হৈ আছে। তেওঁ কয় যে তেওঁ এই বিষয়ত কৰ্তৃপক্ষ বা পৰিৱেশ সংস্থাই নিষেধাজ্ঞাৰ কোনো বৃহৎ প্ৰচাৰ পৰ্যবেক্ষণ কৰা নাই। তেওঁ কয় যে দেশৰ আন প্ৰান্তৰ দৰেই একাংশ বাসিন্দাই গেলামালৰ বজাৰ কৰিবলৈ যোৱাৰ সময়ত নিজাকৈ কাপোৰৰ বেগ লৈ যায়। তেওঁ লগতে কয় যে শ্বপিং মলসমূহে বেগৰ বাবে অতিৰিক্ত ধন লয়।

তামিলনাডুৰ পৰা পাৰ্থিবন এছে জনাই যে তেওঁৰ অঞ্চলৰ হোটেলসমূহে এই নিষেধাজ্ঞা মানি চলিছে যদিও একাংশ গেলামালৰ দোকানে এতিয়াও প্লাষ্টিকৰ কেৰী বেগত নিজৰ সামগ্ৰী বিতৰণ কৰি আছে। তেওঁ অৱশ্যে লগতে কয় যে স্থানীয় একাংশ বাসিন্দাই বজাৰ কৰাৰ বাবে পৰম্পৰাগত মাঞ্জা পাই বা কাপোৰৰ বেগ আৰু কাট্টা পাই বা পাটৰ বেগ ব্যৱহাৰ কৰি আহিছে, সেয়েহে ছিংগল ইউজ প্লাষ্টিকৰ কেৰী বেগৰ ব্যৱহাৰ হ্ৰাস পাইছে। তেওঁৰ অঞ্চলৰ চুপাৰ মাৰ্কেট আৰু কসাইসকলে প্লাষ্টিকৰ কেৰী বেগ বিচৰা গ্ৰাহকসকলক প্লাষ্টিকৰ কেৰী বেগ প্ৰদান কৰাৰ বাবে এক পৰিমাণৰ ধন আদায় কৰি আছে।

ইফালে, ফ্ৰেনি কাৰিয়াই কয় যে বজাৰ কৰিবলৈ যোৱাৰ সময়ত গুজৰাটৰ প্ৰায় সকলোৱে কাপোৰৰ বেগ এটা লৈ যাই আৰু ছিংগল ইউজ প্লাষ্টিকৰ কেৰী বেগ ব্যৱহাৰ নকৰে। তেওঁ কয় যে যিকোনো ব্যৱসায়ী বা খুচুৰা বিক্ৰেতাই তেওঁলোকৰ গ্ৰাহকক ছিংগল ইউজ প্লাষ্টিকৰ কেৰী বেগ প্ৰদান কৰিলে জৰিমনা আৰোপ কৰা হয়। তেওঁ কয় যে শ্বপিং মল আৰু ব্যৱসায়ীসকলে যোগান ধৰা কাপোৰৰ বেগৰ দাম প্ৰায় ২০-২৫ টকা হোৱাৰ বাবে বেছিভাগ লোকে নিজে বেগ লৈ যায়। তেওঁ লগতে কয় যে কিছুমান বিশেষ খুচুৰা বিক্ৰেতাই প্ৰায় ৫০ মিলিমিটাৰ বহল প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰে যাৰ বাবে তেওঁলোকে নূন্যতম পৰিমাণৰ ধন লয়। তেওঁ কেইজনমান দোকানীৰ সৈতেও কথা পাতি কয় যে তেওঁলোকে ছিংগল ইউজ প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰি আছে কাৰণ তেওঁলোকৰ হাতত ইয়াৰ কোনো সস্তীয়া বিকল্প নাই।

আমি যোগাযোগ কৰা প্ৰায় সকলো লোকে, ছিংগল ইউজ প্লাষ্টিক নিষিদ্ধকৰণ কাৰ্যকৰী কৰাৰ বিষয়ে সুধি, এই কথাত একমত হৈছিল যে যদিও সংবাদ মাধ্যমে এই বিষয়ত ব্যাপকভাৱে বাতৰি প্ৰকাশ কৰিছে, সজাগতা সৃষ্টিৰ বাবে কৰ্তৃপক্ষ আৰু পৰিৱেশ সংস্থাসমূহৰ প্ৰচাৰমূলক কাৰ্য্যকলাপৰ প্ৰয়োজন হ’ব । 

প্লাষ্টিক প্ৰদূষণক পৰাস্ত কৰিবলৈ আপুনি কি কৰিব পাৰে?

জলবায়ু পৰিৱৰ্তনৰ ওপৰত ছিংগল ইউজ প্লাষ্টিকৰ দ্বাৰা সেউজ গৃহ গেছৰ নিৰ্গমনৰ প্ৰভাৱ হ্ৰাস কৰাৰ একমাত্ৰ উপায় হ’ল ইয়াৰ ব্যৱহাৰ একেবাৰে বন্ধ কৰা। কিন্তু দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰী পেকেজিংতো ব্যৱহাৰ কৰা ছিংগল ইউজ প্লাষ্টিক সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব। আমি ল’ব পৰা কিছুমান সৰু সৰু পদক্ষেপ আছে যিবোৰে অৱশেষত আমাৰ কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ফলাফল দিব পাৰে। এনে কিছু সহজ পদক্ষেপ হ’ল পানীৰ বটল পুনৰ ব্যৱহাৰ কৰা, বজাৰ কৰাৰ বাবে বেগ পুনৰ ব্যৱহাৰ কৰা আৰু প্লাষ্টিকৰ সামগ্ৰীবোৰ অসাৱধানতাৰে পেলোৱাৰ পৰিৱৰ্তে পুনৰ ব্যৱহাৰ কৰা ।

,
Manjori Borkotoky
Manjori Borkotoky
Articles: 14