Physical Address

23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India

কিদৰে জলবায়ু পৰিৱৰ্তনে উত্তৰ-পূব ভাৰতৰ বানপানীক অধিক ভয়াৱহ কৰি তুলিছে

English

Translated by : Manjori Borkotoky

“বৰষুণৰ দেৱতা কেতিয়াও ইমান নিৰ্দয় হোৱা নাছিল। শেষবাৰৰ বাবে কেতিয়া এনে হৈছিল মনত পেলাব পৰা নাই, ইমান কম সময়ৰ ভিতৰত ইমান বৰষুণ!’-অসমৰ মৰিগাঁও জিলাৰ এজন প্ৰান্তীয় কৃষক মুকুট দাসে কয়। দাসে হয়তো তেওঁৰ বক্তব্যত ‘জলবায়ু পৰিৱৰ্তন’ সম্পৰ্কীয় প্ৰভাৱৰ কথা উপলব্ধি নকৰিব পাৰে কিন্তু ইয়াৰ দ্বাৰা প্ৰকৃততে জানিব পাৰি যে শেহতীয়াকৈ অসম আৰু ইয়াৰ আশে-পাশে থকা ৰাজ্যসমূহত হোৱা অভূতপূৰ্ব বানপানীত জলবায়ুৰ পৰিৱৰ্তনে কেনেদৰে এক মুখ্য ভূমিকা পালন কৰিছে।

এজন মানুহে বানপানীত ডুব যোৱা ঘৰৰ পৰা ৰেচন উলিয়াই আনিছে। ফটো ক্ৰেডিট: লেখক

খুব কম সময়ত বহুত বেছি বৰষুণ

এইবাৰ অসমত প্ৰাক-বাৰিষা অস্বাভাৱিকভাৱে সক্ৰিয় আছিল আৰু ১ মাৰ্চৰ পৰা ২৭ মে’ৰ ভিতৰত ৰাজ্যত ৭৫৪.৩ মিলিমিটাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে। এইয়া স্বাভাৱিক গড়তকৈ ৪৮% বেছি আছিল। মে’ মাহত অসমত স্বাভাৱিকতকৈ ৫৬% বেছি বৰষুণ হৈছিল আৰু জুন মাহৰ প্ৰথম ১২ দিনত বৰষুণ হৈছিল ৫২৮.৫ মিলিমিটাৰ যি স্বাভাৱিকতকৈ ১০৯% অধিক আছিল। জুন মাহৰ তৃতীয় সপ্তাহত অসম, মেঘালয়, অৰুণাচল প্ৰদেশত ক্ৰমে ১৭০, ২০৩, আৰু ৬৫ শতাংশ অতিৰিক্ত বৰষুণ হৈছে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি যোৱা ১৭ জুনত মেঘালয়ৰ চেৰাপুঞ্জীত ২৪ ঘণ্টাত ৯৭২ মিলিমিটাৰ বৰষুণ হয়, যি ১২২ বছৰৰ ভিতৰত তৃতীয় সৰ্বাধিক বৰষুণ । এইয়া অতি কম সময়ৰ ভিতৰত বহুত বৰষুণ।

ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্ৰপিকেল মেটিঅ’ৰ’লজিৰ জলবায়ু বিজ্ঞানী ৰক্সি মেথিউ কলে টাইমছ অৱ ইণ্ডিয়াৰ বাবে লিখিছে, “১৯৫০ চনৰ পৰা দক্ষিণ এছিয়াত বাৰিষাৰ সময়ত জলবায়ু সলনি হোৱা দেখা গৈছে। আটাইতকৈ উল্লেখযোগ্য পৰিৱৰ্তনটো হ’ল যে সমগ্ৰ বাৰিষা ঋতুত মধ্যমীয়া বৰষুণ বিয়পি পৰাৰ পৰিৱৰ্তে এতিয়া দীঘলীয়া সম়য় ধৰি খৰাং যেন হয় আৰু চুটি সময়ৰ বাবে প্ৰচণ্ড বৰষুণ হয়- যিহেতু গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগে বায়ুৰ আৰ্দ্ৰতা ধৰি ৰখাৰ ক্ষমতা বৃদ্ধি পাইছে।”

তেওঁ আৰু বুজাই দিলে যে কেনেকৈ বহু দিনৰ বাবে বৰষুণ নহয় আৰু যেতিয়া হয় তেতিয়া সকলো আৰ্দ্ৰতা কেইঘণ্টামানৰ পৰা কেইদিনমানৰ ভিতৰতে বৰষুণ হৈ নামি আহে যাৰ ফলত আমি গোটেই মাহটোৰ বৰষুণ এদিন বা দুদিনত পাওঁ।

২০১৭ চনত পুনেস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ ট্ৰপিকেল মেটিঅ’ৰ’লজিয়ে আই এম ডিৰ তথ্যৰ ভিত্তিত কৰা এক অধ্যয়ন অনুসৰি ১৮৭০ চনৰ পৰা অসমত গড় বাৰিষা বৰষুণৰ ধাৰা হ্ৰাস পোৱা দেখিবলৈ পোৱা গৈছে ।  ব্ৰহ্মপুত্ৰ উপত্যকাৰ কেইবাটাও অংশত বানপানীৰ চৰম পৰিঘটনায়ে হঠাতে হোৱা বৰষুণৰ দিন বৃদ্ধি হোৱা, কম সময়ৰ বাবে প্ৰচণ্ড বৰষুণ হোৱাৰ ইংগিত দিয়ে।

জলবায়ু পৰিৱৰ্তন আৰু বানপানী

যোৱা কেইসপ্তাহমানৰ পৰা অসম আৰু ইয়াৰ চুবুৰীয়া কেইখনমান ৰাজ্যত মে’-জুন মাহত অভূতপূৰ্ব বৰষুণৰ কাৰ্যকলাপ আৰু তাৰ পিছতে বানপানী আৰু খহনীয়াৰ তীব্ৰতা দেখা গৈছে। বিশেষজ্ঞসকলৰ মতে এইয়া স্বাভাৱিক পৰিস্থিতি নহয়।

ৰক্সি মেথিউ কলৰ মতে, উত্তৰ-পূব ভাৰতত যি বৃহৎ পৰিমাণৰ বৰষুণ হোৱা দেখা গৈছে, সেয়া হয়তো গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ ফল হ’ব পাৰে।

প্ৰশান্ত মহাসাগৰত চলি থকা ‘লা নীনা’ৰ সৈতে ভাৰত মহাসাগৰত ঋণাত্মক ভাৰত মহাসাগৰৰ ডাইপোল (আই অ’ ডি) গঠনে বংগ উপসাগৰত দক্ষিণ-পশ্চিম বতাহ শক্তিশালী কৰিছে বুলি তেওঁ ডাউন টু আৰ্থ আলোচনীক ব্যাখ্যা কৰে। (মধ্য-পূব প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সাগৰৰ উষ্ণতা সাধাৰণতকৈ ঠাণ্ডা হ’লে ‘লা নীনা’ হয়। ভাৰত মহাসাগৰ পশ্চিমে ঠাণ্ডা আৰু পূবত উষ্ণ হ’লে ঋণাত্মক আই অ’ ডি হয়।)

জলবায়ু বিজ্ঞানীগৰাকীয়ে আলোচনীখনক জনাইছে যে, “গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰতি সঁহাৰি জনাই বংগোপসাগৰৰ এই প্ৰচণ্ড বাৰিষা বতাহে এতিয়া পূৰ্বতকৈ বহু বেছি আৰ্দ্ৰতা কঢ়িয়াই নিব পাৰে ।”

“উষ্ণতা বৃদ্ধিৰ লগে লগে বায়ুমণ্ডলৰ আৰ্দ্ৰতাৰ আয়তন বৃদ্ধি পায় কাৰণ উষ্ণ বায়ুৱে অধিক আৰ্দ্ৰতা বেছি সময় ধৰি ৰাখে। সেয়েহে এতিয়া আমি যি বৃহৎ পৰিমাণৰ বৰষুণ দেখিছো সেয়া জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ হ’ব পাৰে।’-তেওঁ আৰু কয়।

অসমৰ দৰে উত্তৰ-পূবৰ ৰাজ্যবোৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আটাইতকৈ বেছি

যোৱা ৪ জুলাইৰ শেহতীয়া তথ্য অনুসৰি অসমত বানপানী আৰু ভূমিস্খলনৰ ফলত ১৭৯ জন লোকে প্ৰাণ হেৰুৱাইছে, আৰু প্ৰায় ১৮.৩৫ লাখ লোক ক্ষতিগ্ৰস্ত হৈ আছে। ৰাজ্যৰ ২০খন জিলাৰ ৪১৩টা সাহায্য শিবিৰত ২,৭৮,০৬০ জন লোকে আশ্ৰয় লৈছে।

একাধিক প্ৰতিবেদনৰ মতে ভাৰতত অস্বাভাৱিকভাৱে প্ৰচণ্ড বৰষুণৰ ফলত চৰম বানপানীৰ সৃষ্টি হোৱাৰ দৰে চৰম বতৰৰ পৰিঘটনাৰ প্ৰৱণতা আছে। ৰাষ্ট্ৰসংঘ সমৰ্থিত জলবায়ু পৰিৱৰ্তনৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় চৰকাৰী পেনেলে (IPCC) এই কথা আলোকপাত কৰিছে

শক্তি, পৰিৱেশ, আৰু পানী পৰিষদৰ (CEEW) এক জলবায়ু দুৰ্বলতা সূচকাংকই অসমক বানপানীৰ দৰে চৰম জলবায়ুৰ পৰিঘটনাৰ বাবে আটাইতকৈ দুৰ্বল ৰাজ্যসমূহৰ ভিতৰত স্থান দিছে । এই প্ৰতিবেদনত আৰু কোৱা হৈছে যে উত্তৰ-পূব ভাৰতত গোটেই দেশৰ ভিতৰতেই বানপানীৰ প্ৰৱণতা অধিক।

Anuraag Baruah
Anuraag Baruah
Articles: 10