Physical Address

23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India

ভাৰতৰ বনাঞ্চল প্ৰকৃততে বৃদ্ধি পাইছে নে?

দাবী

যোৱা কেইবা বছৰ ধৰি ভাৰতৰ বনাঞ্চল ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে ।

তথ্য

বিভ্ৰান্তিকৰ। ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপৰ্ট (ISFR)ত বৰ্তমানৰ ‘বন আৱৰণ’ৰ সংজ্ঞাই প্ৰাকৃতিক বনাঞ্চল আৰু বিভিন্ন বাগিচাৰ মাজত পাৰ্থক্য ৰখা নাই। ইয়াৰ ফলত চাহ বাগিচা, তামোল বাগিচা, আনকি গছ-গছনিৰে ভৰা পথবোৰকো অৰণ্য হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে ।

তেওঁলোকে কি কয়

২০২১ চনৰ চৰকাৰী তথ্য অনুসৰি ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত ভাৰতৰ বনাঞ্চল প্ৰায় ১৫৪০ বৰ্গ কিলোমিটাৰ বৃদ্ধি পাইছে।২০২১ চনত মুঠ বনাঞ্চল ভাৰতৰ মুঠ ভৌগোলিক ক্ষেত্ৰফলৰ ২১.৭১% আছিল যদিও ২০১৯ চনত ২১.৬৭% আছিল । যোৱা দশকত বনাঞ্চলৰ ২১,৭৬২ বৰ্গ কিলোমিটাৰ বৃদ্ধি হৈছে ।

আমি কি তথ্য পালোঁ

‘ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপ’ৰ্ট’ হিচাপে ৰাজহুৱা ডমেইনত আগবঢ়োৱা বন আৱৰণৰ তথ্যসমূহ ভাৰত চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় বন জৰীপ (এফ এছ আই)ৰ দ্বিবাৰ্ষিক প্ৰকাশন। ২০২১ চনৰ শেহতীয়া প্ৰতিবেদন অনুসৰি ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত ভাৰতৰ বনাঞ্চল প্ৰায় ১৫৪০ বৰ্গ কিলোমিটাৰ বৃদ্ধি পাইছে।

‘ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপ’ৰ্ট’ৰ মতে, বনাঞ্চলৰ আৱৰণৰ সংজ্ঞা এনেদৰে দিয়া হৈছে: “মালিকীস্বত্ব আৰু আইনী মৰ্যাদা নিৰ্বিশেষে ১০ শতাংশতকৈ অধিক গছৰ চালিৰ ঘনত্ব থকা সকলো এক হেক্টৰতকৈ অধিক মাটি। এনে ভূমি বনাঞ্চল হিচাবে লিপিবদ্ধ থাকিবই লাগিব বুলি ক’ব নোৱাৰি। ফলৰ বাগিচা, বাঁহ আৰু কল আদিও অন্তৰ্ভুক্ত।”

২০১৯ চনত বাতৰি প্ৰকাশ পাইছিল যে জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনচনে (UNFCCC) ভাৰতে বন আৱৰণ সম্পৰ্কে দাখিল কৰা তথ্যৰ কাৰিকৰী মূল্যায়ন কৰি দেশৰ বনাঞ্চলৰ সংজ্ঞাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল । বিভিন্ন বিশেষজ্ঞসকলেও কয় যে ভাৰতে বনাঞ্চলৰ আৱৰণ অতিৰঞ্জিত কৰি বনাঞ্চল ধ্বংসক লুকুৱাই ৰাখিছে ।

ইফালে, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেই শেহতীয়াকৈ ৰাজ্যসভাত কৈছে যে ভাৰতৰ বৰ্তমান সময়ত, “বন আৱৰণ আৰু অতি ঘন অৰণ্য”ৰ সংজ্ঞা সলনি কৰাৰ কোনো পৰিকল্পনা নাই”।

পাৰ্থক্য

সংজ্ঞা অনুসৰি স্পষ্ট যে বন আৱৰণ প্ৰতিবেদনত প্ৰজাতি, শস্যৰ উৎপত্তি, ভূমিৰ মালিকীস্বত্ব আৰু ভূমি ব্যৱহাৰৰ ভিত্তিত কোনো পাৰ্থক্য কৰা হোৱা নাই। প্রাকৃতিক হওক বা নহওক যিকোনো ধৰণৰ বাগিচাক বন বুলি গণ্য কৰা হয়। প্ৰতিবেদনত বাণিজ্যিক বাগিচাসমূহো বনাঞ্চল হিচাপে মানচিত্ৰ প্ৰস্তুত কৰা হৈছে। কিন্তু ফলৰ বাগিচা আৰু ঘন চালিৰ অৰণ্য একে নহয়, সেয়েহে পাৰ্থক্যটো অতি প্ৰয়োজনীয়।

“এখন গছৰ বাগিচা, সেয়া একক বা বহুপ্ৰজাতিৰ হওক, অৰণ্য বা ইয়াৰ সমতুল্য বুলি ক’ব নোৱাৰি । দুয়ো বিধ বাগিচা জলবায়ুৰ প্ৰভাৱৰ বিপৰীতে বিভিন্ন ভূমিকা পালন কৰিবলগীয়া অতি বেলেগ পৰিৱেশ তন্ত্ৰ।’- বন-বন্যপ্ৰাণী বিশেষজ্ঞ তথা প্ৰাক্তন আই এফ এছ বিষয়া মনোজ মিশ্ৰই কয়। তদুপৰি তেওঁ ‘যমুনা জিয়ে’ অভিযানৰ আহ্বায়ক।

গছৰ বিভিন্ন ধৰণৰ আৱৰণৰ ধৰণ আছে আৰু ইয়াৰ পাৰ্থক্য চিনাক্ত নকৰিলে দীৰ্ঘম্যাদীভাৱে হানিকাৰক হ’ব পাৰে।

“দেশৰ বিভিন্ন প্ৰান্তত কমেও ১৬বিধ বহল বন প্ৰকাৰ আছে । ভাৰতৰ দৰে দেশৰ বাবে বন এক সমজাতীয় সত্তা নহয় । এই বিভিন্ন বন প্ৰকাৰৰ গছৰ আৱৰণৰ ধৰণ বেলেগ বেলেগ, এটা গছ নথকা প্ৰান্ততৰ (ঠাণ্ডা আৰু গৰম মৰুভূমি) পৰা আৰম্ভ কৰি আন এটা প্ৰান্তত চিৰসেউজ উচ্চ গছৰ ঘনত্বৰ (আন্দামান আৰু নিকোবৰ দ্বীপ) অৰণ্যলৈকে,” মিশ্ৰাই আৰু কয়।

প্ৰকৃত সংখ্যাবোৰ

দেখা গৈছে যে ভাৰতৰ বনাঞ্চলৰ সামান্য বৃদ্ধিৰ মূল কাৰণ হৈছে মুকলি অৰণ্যৰ অধীনত থকা ক্ষেত্ৰফল বৃদ্ধি আৰু ইয়াৰ মূলতে বাণিজ্যিক বাগিচা। একে সময়তে ২০২১ৰ পৰা ২০১৯ চনৰ ভিতৰত মধ্যমীয়া ঘন অৰণ্য বা মানৱ বাসস্থানৰ ওচৰৰ অঞ্চলসমূহ আচলতে হ্ৰাস পাইছে । এটা দশকত (২০২১-২০১১) মধ্যমীয়া ঘন অৰণ্যৰ অধীনত ভাৰতে ৪.৩% অঞ্চল হেৰুৱাই পেলাইছে।

‘ঘন অৰণ্য’ক ৭০% বা তাতকৈ অধিক গছৰ চালিৰ ঘনত্ব থকা অঞ্চল হিচাপে সংজ্ঞায়িত কৰিলেও ‘মধ্যমীয়া ঘন অৰণ্য’ হৈছে ৪০-৭০%ৰ ভিতৰত গছৰ চালিৰ ঘনত্ব থকা অঞ্চল। ‘মুক্ত অৰণ্য’ত গছৰ চালিৰ ঘনত্ব ১০% বা তাতকৈ অধিক কিন্তু ৪০%তকৈ কম থাকে। স্ক্ৰাব হৈছে গছৰ ঘনত্ব ১০%তকৈ কম থকা অঞ্চল।

বন আৱৰণ প্ৰতিবেদন অনুসৰি ভাৰতত ‘মুক্ত অৰণ্য’ অঞ্চলত মুঠ বনাঞ্চলৰ আৱৰণৰ সৰ্বাধিক অংশ ( ৯.৩৪%) আছে যিটো প্ৰায় ৩০৭,১২০ বৰ্গ কিলোমিটাৰ। আনহাতে, ‘প্ৰাকৃতিক অৰণ্য’সমূহ মাত্ৰ ৩.০৪% (৯৯,৭৭৯ বৰ্গ কিলোমিটাৰ) বনাঞ্চলৰ আৱৰণেৰে গঠিত যাৰ সৰ্বনিম্ন অংশ আছে। মধ্যমীয়া ঘন অৰণ্যসমূহ ভাৰতৰ মুঠ বনাঞ্চলৰ ৯.৩৩% (৩০৭,১২০ বৰ্গ কিলোমিটাৰ) অংশৰে গঠিত।

যোৱা দুবছৰত প্ৰাকৃতিক অৰণ্য (অতি ঘন অৰণ্য) শ্ৰেণীত মাত্ৰ ৫০১ বৰ্গ কিলোমিটাৰ এলেকাত বৃদ্ধি হোৱা দেখা গৈছে। মধ্যমীয়া ঘন অৰণ্যৰ ১,৫৮২ বৰ্গ কিলোমিটাৰ ক্ষতি হোৱাৰ বিপৰীতে মুকলি বনাঞ্চল ২৬১২ বৰ্গ কিলোমিটাৰ বৃদ্ধি পাইছে। তদুপৰি, স্ক্ৰাব এলেকা ৫৩২০ বৰ্গ কিলোমিটাৰ বৃদ্ধি পাইছে যিয়ে এই অঞ্চলসমূহৰ বনাঞ্চলসমূহ সম্পূৰ্ণৰূপে অৱক্ষয় হোৱাৰ ইংগিত দিয়ে।

উপগ্ৰহৰ চিত্ৰৰ সীমাবদ্ধতা

ভাৰতৰ ক্ষেত্ৰত বনাঞ্চলৰ আৱৰণৰ মূল্যায়নৰ বাবে উপগ্ৰহৰ চিত্ৰৰ ওপৰত অধিক নিৰ্ভৰশীলতা দেখা যায়। বিশেষজ্ঞসকলে আঙুলিয়াই দিয়ে যে উপগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰি তথ্য সংগ্ৰহৰ পদ্ধতিয়ে সামাজিক আৰু পৰিৱেশগত দৃষ্টিকোণৰ পৰা বনাঞ্চলৰ মূল্যায়ন নকৰে।

বন আৱৰণ প্ৰতিবেদনখনতে নিজেই ‘মাটিত ২৩.৫ মিটাৰৰ কম ঠাই দখল কৰিব নোৱাৰি’ আদি সীমাবদ্ধতাৰ কথা উল্লেখ কৰা হৈছে। প্ৰতিবেদনখনে আমাক উপগ্ৰহৰ ছবি ধৰাৰ সময়ত বিভিন্ন অসুবিধাৰ বিষয়ে সতৰ্ক কৰি দিয়ে যেনে “…শ্ৰেণীবিভাজনৰ ব্যাখ্যামূলক পৰিৱৰ্তন এনে অঞ্চলৰ সৈতেও জড়িত য’ত বন আৱৰণ হয় বৰফ বা ডাৱৰৰ আৱৰণৰ বাবে ধৰা পৰা নাছিল, পাহাৰৰ ছাঁৰ প্ৰভাৱ, পাত সৰি পৰাৰ বাবে গছৰ পৰা দুৰ্বল প্ৰতিফলন, বা দুৰ্বল ছবিৰ মানদণ্ড পূৰ্বৰ মূল্যায়নৰ সময় বা দুৰ্বল টোনাল তাৰতম্যৰ বাবে বন হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।”

“দূৰৱৰ্তী উপগ্ৰহ ভিত্তিক মূল্যায়নসমূহ প্ৰায় ১০০ শতাংশ গ্ৰাউণ্ড ট্ৰুথিঙৰ দ্বাৰা সমৰ্থিত নহ’লে সাধাৰণীকৰণ আৰু ব্যাখ্যাত্মক ভুলৰ প্ৰতি প্ৰৱণতা থাকে। লগতে, এটা মূল্যায়নৰ পৰা আন এটা মূল্যায়নলৈ পাৰ্থক্যও মূল্যায়নৰ সঠিকতা আৰু মূল্যায়নৰ সময়ত ডাৱৰৰ আৱৰণৰ উপস্থিতি-অনুপস্থিতিৰ পৰিৱৰ্তন/উন্নতিৰ আওতাত থাকে,” মিশ্ৰাই আৰু কয়।

বন ভূমি ডাইভাৰচন

বহু কৰ্তৃপক্ষই ঘাইপথ, জলসিঞ্চন, খননৰ দৰে উন্নয়নমূলক প্ৰকল্পৰ বাবে বনাঞ্চলৰ মাটি ডাইভাৰ্ট কৰে। এই প্ৰক্ৰিয়াৰ সময়ত কিছুমান ক্ষেত্ৰত তেওঁলোকে মাটিৰ আইনী মৰ্যাদা সলনি নকৰে। এই ভূমি কাগজত বনভূমি হৈয়েই আছে।

“খনি, জলবিদ্যুৎ প্ৰকল্প, আন্তঃগাঁথনি প্ৰকল্প, নগৰায়ন প্ৰকল্প আদিৰ দৰে উন্নয়নমূলক প্ৰকল্পৰ বাবে প্ৰাকৃতিক বনাঞ্চলসমূহ ডাইভাৰ্ট কৰাৰ বাতৰি আহিছে আৰু ইয়াৰ পৰিৱৰ্তে তথাকথিত ক্ষতিপূৰণমূলক বাগিচাসমূহৰ অৱস্থা কি সেয়া প্ৰকৃততে কোনেও নিশ্চিতভাৱে নাজানে। যিকোনো গছৰ বাগিচা সফল হ’লেও বন বুলি ক’ব নোৱাৰি বা প্ৰাকৃতিক অৰণ্যৰ পৰিৱেশগত ভূমিকা পালন কৰিব নোৱাৰিব পাৰে।’-মিশ্ৰাই আৰু কয়।

গছৰ চালিৰ ঘনত্বৰ মাপকাঠী

বিশেষজ্ঞসকলে আঙুলিয়াই দিয়ে যে গছৰ চালিৰ ঘনত্ব বন জৈৱ বৈচিত্ৰ্য, ইয়াৰ বন্যপ্ৰাণী আৰু অন্যান্য সম্পদৰ একমাত্ৰ মাপকাঠী হব নোৱাৰে । উদাহৰণস্বৰূপে মধ্য ভাৰতৰ বনাঞ্চলসমূহ পশ্চিমৰ তুলনাত কম ঘন যদিও জৈৱ-বৈচিত্ৰ্য আৰু বন্যপ্ৰাণীৰ ফালৰ পৰা অতি চহকী। এগৰাকী জ্যেষ্ঠ গৱেষক কাঞ্চি কোহলীয়ে আলোকপাত কৰে যে গছৰ ঘনত্ব চাই বনাঞ্চলৰ আৱৰণত হোৱা লোকচান আৰু লাভৰ মূল্যায়ন কৰিব নোৱাৰি। কাৰণ মুকলি অৰণ্যতকৈ একক কৃষি বাগিচাৰ ঘনত্ব বেছি ।

উপৰোক্ত পৰিস্থিতিত আমি এই সিদ্ধান্তত উপনীত হওঁ যে ভাৰতৰ বনাঞ্চলসমূহৰ পৰিমাণ আৰু গুণগত মান দুয়োটাই হ্ৰাস পাইছে আৰু ভাৰতৰ বনাঞ্চলসমূহৰ পৰিসৰ আৰু গুণগত মান বৃদ্ধি হৈছে বুলি দাবী কৰাটো ভুল নহ’লেও বিভ্ৰান্তিকৰ হয়।

(আয়ুষি শৰ্মাৰ ইনপুটসহ)

Anuraag Baruah
Anuraag Baruah
Articles: 10