Physical Address

23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India

ভাৰতৰ নতুন বন সংৰক্ষণ বিধেয়ক: আশীৰ্বাদ নে অশান্তি?

By Aayshi Sharma (Translated by Pranjal A Sharma)

ভাৰতৰ চৰকাৰে বন (সংৰক্ষণ) আইন, ১৯৮০ সংশোধনৰ উদ্দেশ্যে যোৱা ২৯ মাৰ্চত লোকসভাত উত্থাপন কৰিছিল নতুন বন (সংৰক্ষণ) সংশোধনী বিধেয়ক, ২০২৩ ।নতুন বিধেয়ক অনুসৰি কিছুমান বিশেষ ধৰণৰ বনভূমি এতিয়াৰ পৰা আৰু আইনগতভাৱে সংৰক্ষিত নহ’ব। বিধেয়কখন উত্থাপন কৰাৰ বাবে আগবঢ়োৱা এটা মূল যুক্তি আছিল “কৌশলগত আৰু নিৰাপত্তা সম্পৰ্কীয় প্ৰকল্পসমূহ তৰান্বিত কৰাৰ প্ৰয়োজনীয়তা”।

১৯৮০ চনৰ বন সংৰক্ষণ আইনখনে মূলতঃ বনাঞ্চল আৰু ইয়াৰ সম্পদসমূহ সুৰক্ষিত কৰাৰ বাবে যথেষ্ট আইনী ব্যৱস্থা আগবঢ়াইছিল। কিন্তু সংশোধনীৰ পাছত ৰেল লাইন বা ৰাজহুৱা পথৰ কাষত ০.১০ হেক্টৰ পৰ্যন্ত আকাৰৰ বনভূমি আৰু আইনখনৰ পৰিমণ্ডলৰ অধীনত নাথাকিব। এই ৰেহাই বিধানৰ জৰিয়তে ১০ হেক্টৰ পৰ্যন্ত মাটিও সামৰি লোৱা হৈছে যিবোৰ নিৰাপত্তাজনিত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ’ব। প্ৰস্তাৱিত পৰিৱৰ্তনৰ পিছত ১৯৮০ চনৰ বন সংৰক্ষণ আইনখন আন্তঃৰাষ্ট্ৰীয় সীমা, নিয়ন্ত্ৰণ ৰেখা বা প্ৰকৃত নিয়ন্ত্ৰণ এলেকা ৰেখাৰ পৰা ১০০ কিলোমিটাৰ ভিতৰৰ বনাঞ্চলৰ ক্ষেত্ৰত আৰু প্ৰযোজ্য নহ’ব। ইয়াৰ দ্বাৰা ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ অংশ সামৰি লোৱা হৈছে।

সংশোধনীৰ লক্ষ্য

প্ৰস্তাৱিত সংশোধনীসমূহৰ লক্ষ্য সমূহ বাগিচা বৃদ্ধি কৰা, যাৰ ফলত বনাঞ্চলত কাৰ্বনৰ পৰিমান বৃদ্ধি পাব। তদুপৰি উন্নয়ন প্ৰকল্পৰ বাবে লোৱা বনাঞ্চলৰ ঠাইত ক্ষতিপূৰণমূলক গছ ৰোপণৰ বাবে আইনী প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ডেভেলপাৰসকলক ভূমি প্ৰদান কৰা বুলি উল্লেখ কৰা হৈছে।

বন সংৰক্ষণ আইনখনৰ প্ৰয়োগিকতাক সীমিত কৰি আৰু বৰ্তমান পঞ্জীয়নহীন বনাঞ্চল হিচাপে গণ্য কৰা ভূমি মুকলি কৰি এই দুয়োটা লক্ষ্য সম্পন্ন কৰাৰ উদ্দেশ্য এই বিধেয়কখনৰ। ফাইলৰ ৰেকৰ্ড আৰু ক্ষেত্ৰৰ বাস্তৱতা অনুসৰি বৃহৎ পৰিমাণৰ বনভূমিক সংৰক্ষিত আৰু সংৰক্ষিত বনাঞ্চল হিচাপে নিৰ্ধাৰণ কৰা হৈছিল আৰু স্বাধীনতাৰ পিছত ৰাজ্যিক বন বিভাগৰ অধীনত ৰখা হৈছিল। বহুতো বনাঞ্চল কিন্তু বাদ দিয়া হৈছিল আৰু কোনো সজীৱ বনভূমি নথকা অঞ্চলকো “বন” ভূমি হিচাপে গণ্য কৰা হৈছিল।

অনিয়মসমূহ সমাধানৰ বাবে বিস্তৃত ভূমি জৰীপৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰা হৈছিল যদিও কামটো আধৰুৱা হৈয়েই থাকিল। উচ্চতম ন্যায়ালয়ে বন সংৰক্ষণ আইন মতে ১৯৯৭ চনত সমগ্ৰ দেশতে গছ আঁতৰোৱা কাৰ্যক সাময়িকভাৱে বন্ধ কৰি দিয়া ৰায় মৰ্মে, “বন” হিচাপে লিপিবদ্ধ অথবা বনাঞ্চলৰ অভিধানিক সংজ্ঞাৰ সৈতে সন্নিকত ধাৰণা থকা সকলো ভূমিৰ বাবে ই প্ৰযোজ্য হ’ব। এই ৰায়ৰ ফলত “বন” হিচাপে নিৰ্দিষ্ট নোহোৱা ভূখণ্ডত অনিয়ন্ত্ৰিত, অবাধ বনধ্বংস বন্ধ হোৱাত সহায় হৈছিল।

এই সংশোধনীয়ে লাখ লাখ হেক্টৰ ভূমিৰ পৰা আইনখনৰ সুৰক্ষা নাইকিয়া কৰিব, যিবোৰে ভূমি বনাঞ্চল সদ্শ বৈশিষ্ট্যসম্পন্ন কিন্তু বন হিচাপে অস্বীকৃত।

বন সংৰক্ষণ আইনত বন নিষ্কাশনৰ নিয়ম নীতি

কিছুমান প্ৰকল্পৰ ক্ষেত্ৰত বনাঞ্চল নিষ্কাশন বিচৰা হয়, , যিটো চৰকাৰৰ ভিতৰে বাহিৰে বহু ডেভেলপাৰ বাধা হিচাপে দেখা দিয়ে, যদিহে বন সংৰক্ষণ আইনখনৰ পৰিসৰ সংকুচিত কৰা হয়। অৱশ্যে ইয়াৰ দ্বাৰা

ডেভেলপাৰসকলে প্ৰয়োজনীয় বনাঞ্চল নিষ্কাশনৰ সুবিধাও লাভ কৰাত সহায় হ’ব। বনাঞ্চল পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ল এজন ডেভেলপাৰে ক্ষতিপূৰণ হিচাপে একেধৰণেৰে কোনো এক এলেকাত বা এনে ভূমিত, যি বনাঞ্চল নহয়, তাত দুগুণ ডাঙৰ অৱক্ষয়ী বনাঞ্চল হিচাপত গছ ৰোপণ কৰিব লাগিব। ইয়াৰ ফলত বনাঞ্চলৰ চাহিদা ফলপ্ৰসূভাৱে হ্ৰাস পায় কাৰণ মাটিৰ মূল্য সদায় অধিক থাকে।

সংৰক্ষণবিদসকলে অলিপিবদ্ধ বনাঞ্চল ৰোপণ তথ্যৰ ক্ষতিকো এক সমস্যা হিচাপে বিবেচিত কৰিছে, যিটোৱে পৰ্যায়ক্ৰমে অৱশেষত পঞ্জীয়নভুক্ত বনাঞ্চলসমূহক প্ৰকল্পৰ পৰা অন্য দিশলৈ ঠেলি দিয়াত অৰিহণা যোগাব পাৰে।

পৰিত্যাগ: এ ডাঙৰ চিন্তাৰ বিষয়

বন সংৰক্ষণ আইনৰ অধীনত কিছুমান নিৰ্দিষ্ট প্ৰকল্পৰ প্ৰকাৰ আৰু ভৌগোলিক অঞ্চলৰ বাবে কিছুমান ব্যতিক্ৰম বিধান দিয়া হৈছে। এই শ্ৰেণীসমূহৰ অন্তৰ্গত প্ৰকল্পসমূহৰ বাবে কোনো ধৰণৰ বনাঞ্চল নিষ্কাশনৰ প্ৰয়োজন নাছিল। নতুন সংশোধনীসমূহে এনে ৰেহাইৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে আইনখনত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱো আগবঢ়াইছে। পৰিত্যাগ কৰা বা বাদ দিয়া প্ৰধান বিষয়সমূহ হ’ল:

২০১৪ চনৰ জুলাইৰ পৰা ২০১৭ চনৰ নৱেম্বৰৰ ভিতৰত বনাঞ্চল নিষ্কাশনৰ পৰা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ১০০ কিলোমিটাৰ ভিতৰৰ প্ৰতিৰক্ষা পথৰ উন্নয়ন বাদ দিয়া হৈছিল। বিধেয়কখনে সম্প্ৰতি “ৰাষ্ট্ৰীয় স্বাৰ্থ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয়” প্ৰকল্প (LoC), ভাৰতীৰ স্থল সীমান্তই ১৫ হাজাৰ কিলোমিটাৰৰো অধিক দূৰত্ব সমৰি লৈছে কৰিছে।

২০১১ চনৰ মে’ মাহৰ পৰা ২০১৩ চনৰ মে’ মাহলৈকে বাওঁপন্থী উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱিত ১০৬খন জিলা, ৫ হেক্টৰতকৈ অধিক ভূমিৰ প্ৰয়োজন নোহোৱা গুৰুত্বপূৰ্ণ ৰাজহুৱা স্থানসমূহক বন সুৰক্ষা আইনখনৰ পৰা বাদ দিয়া হৈছিল(এল ডব্লিউ ই)। ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে নিৰ্দিষ্ট কৰা “প্ৰতিৰক্ষা সম্পৰ্কীয় প্ৰকল্প বা অৰ্ধসামৰিক বাহিনী বা ৰাজহুৱা উপযোগী প্ৰকল্পৰ বাবে শিবিৰ নিৰ্মাণ, কেন্দ্ৰীয় চৰকাৰে নিৰ্দিষ্ট কৰা বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱিত অঞ্চলত”লৈ সম্প্ৰসাৰিত কৰাৰ পৰামৰ্শ দিয়া হৈছে।

এই সংশোধনীয়ে তদুপৰি “নিৰাপত্তা সম্পৰ্কীয় আন্তঃগাঁথনি”, কি কাৰ্যত জড়িত সেয়া নিৰ্দিষ্ট নোহোৱা ১০ হেক্টৰ পৰ্যন্ত ভূমি বাদ দিয়াৰ উদ্দেশ্য আগত ৰাখিছে। বিধেয়কখনে “কেন্দ্ৰীয় চৰকাৰৰ আদেশ অনুসৰি নিৰ্দিষ্ট কৰিব পৰা” সংৰক্ষণৰ সৈতে জড়িত আৰু সেইবাবেই বন সুৰক্ষা আইনৰ পৰা বাদ দিয়া কৰ্মৰ তালিকাত বনজ কৃষি কাৰ্য্যকলাপ, চিৰিয়াখানা আৰু বন্যপ্ৰাণী ছাফাৰী নিৰ্মাণ, পৰিৱেশ পৰ্যটনৰ সুবিধা, আৰু অন্যান্য যিকোনো কাৰ্য্যকলাপ যোগ কৰিছে ।

স্পষ্টভাৱে এই প্ৰস্তাৱিত পৰিত্যাগে বাবে কেন্দ্ৰৰ হাতত বহু বিবেচনাধীন কৰ্তৃত্ব প্ৰদান কৰিছে।

বন সম্প্ৰদায়ৰ ওপৰত প্ৰভাৱ

যিকোনো সময়তে বন সুৰক্ষা আইনখন পুনৰীক্ষণ কৰা হ’লে ঐতিহাসিকভাৱে খিলঞ্জীয়া আৰু বন্য জনগোষ্ঠীৰ দ্বাৰা নিয়ন্ত্ৰিত সম্পত্তিৰ বাবে উপযুক্ত ৰেহাই দিয়াৰ সুযোগ থাকে। ২০০৬ চনৰ বন অধিকাৰ আইন গৃহীত হোৱাৰ পাছতো উন্নয়নমূলক প্ৰকল্পৰ বাবে বনাঞ্চল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ আপত্তি কৰাৰ ক্ষমতা ক্ৰমান্বয়ে হ্ৰাস পাইছে। এতিয়া তেওঁলোকৰ সম্প্ৰদায় স্বনিৰ্ভৰযোগ্য ভূমিৰ বাবে পৰিকল্পনা কৰা বিশাল বাগিচাবোৰত হয়তো তেওঁলোকৰ মতামত নাথাকিব। বিধেয়কখনে “দেশৰ পৰিৱেশ, কৌশলগত আৰু অৰ্থনৈতিক আকাংক্ষাৰ গতিশীল পৰিৱৰ্তন” আৰু “বননিৰ্ভৰশীল সম্প্ৰদায়ৰ জীৱিকাৰ উন্নতি”ৰ সৈতে খাপ খুৱাই চলাৰ কথা কয়।

এই বনাঞ্চলসমূহৰ ব্যৱহাৰৰ উদ্দেশ্য পুনৰ নিৰ্ধাৰণ হোৱাৰ লগে লগে খিলঞ্জীয়া জনজাতীয় সম্প্ৰদায়ৰ ঘৰ-দুৱাৰ, উপাৰ্জন, চাকৰি, আৰ্থ-পাৰিপাৰ্শ্বিক সম্ভাৱনাৰ ক্ষতি অনিবাৰ্য।

বন সুৰক্ষা আইনৰ প্ৰাথমিক লক্ষ্য কি হ’ব পাৰে?

যদিও বাগিচাসমূহক কাৰ্বন নিৰপেক্ষ কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে বন সংৰক্ষণ আইনখনৰ পৰিসৰ সীমিত কৰাটোৱেই এই সংশোধনীৰ মূল লক্ষ্য, দ্ৰুতগতিত বৃদ্ধি পোৱা বাগিচাসমূহে আচলতে স্থিৰ প্ৰাকৃতিক অৰণ্যতকৈ দ্ৰুত কাৰ্বন বৃদ্ধি নিশ্চিত কৰে। এইটো কাৰণতেই ,সুবিধাজনকভাৱে, যিহেতু ভাৰতে বনাঞ্চল আৰু বাগিচাৰ মাজত পাৰ্থক্য নাৰাখে, গতিকে দুয়োটাই দেশৰ সেউজ আৱৰণ বৃদ্ধিত সমানে অৰিহণা যোগায়। কিন্তু এখন অৰণ্য কেৱল গছৰ সংকলনতকৈ বহু বেছি। মানৱসৃষ্ট বাগিচাৰ বিপৰীতে প্ৰাকৃতিক অৰণ্যই অৰন্যখনে স্থান দিয়া লাখ লাখ প্ৰজাতিৰ অস্তিত্ব আৰু মংগলৰ বাবে অপৰিহাৰ্য পৰিৱেশ তন্ত্ৰৰ ব্যৱস্থা আগবঢ়ায় আৰু লাখ লাখ লোকক জীৱন আৰু জীৱিকাৰ প্ৰত্যক্ষ উৎসও প্ৰদান কৰে।

এইদৰে, বন সুৰক্ষা আইনৰ প্ৰধান লক্ষ্য, ভাৰতৰ বনাঞ্চলসমূহ সুৰক্ষিত আৰু সংৰক্ষণ কৰা, বিলৰ ব্যৱসায়যোগ্য উলম্ব কাৰ্বনৰ পৰিমান বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া কথাটোৰ ক্ষেত্ৰত কিছু আপোচ কৰা হৈছে ।

বিশেষজ্ঞসকলে কি কয়

মাইচেলচেন ইনষ্টিটিউটৰ চি এইচ আৰৰ জ্যেষ্ঠ গৱেষক অন্বেষা দত্তই চিএফচি ইণ্ডিয়াক জনায়, “আমি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ নামত বন আৰু জৈৱ বৈচিত্ৰ্যৰ আইনসমূহৰ সৈতে আপোচ কৰাটো প্ৰায় বিশ্বব্যাপী পৰিঘটনা হিচাপে দেখিবলৈ পাওঁ, ইয়াৰ এটা উদাহৰণ হ’ল আমেৰিকা -মেক্সিকো সীমান্ত আৰু শেহতীয়াকৈ পোলেণ্ড-বেলাৰুছ সীমান্ত। প্ৰস্তাৱিত বিধেয়কখনত নিৰাপত্তা আন্তঃগাঁথনিৰ বাবে বনাঞ্চল ভূমিৰ বাবে বনাঞ্চল নিষ্কাশনৰ ক্ষেত্ৰত কিছু শিথিলতা দিয়াটোৱে বিলুপ্তপ্ৰায় প্ৰজাতিৰ জীৱৰ বাসস্থানৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে জীৱ-জন্তুৰ ক’ৰিডৰত বাধাৰ সৃষ্টি কৰিব বিচাৰিছে।”

“তদুপৰি, উন্নয়ন প্ৰকল্প (খননকে ধৰি)ৰ বাবে বনাঞ্চলৰ ভূমি নিষ্কাশন আৰু অধিগ্ৰহণ সহজ কৰি তোলাৰ ফলত স্থানীয় আৰু খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অধিক বিচ্ছিন্নতা আৰু অধিগ্ৰহণৰ আশংকা থাকে কাৰণ প্ৰায় ২৭৫ মিলিয়ন গ্ৰাম্য বাসিন্দা বা দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় ২৭% লোক তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ ব্যৱস্থা বাবে অন্ততঃ কিছু অংশ বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল। তদুপৰি, প্ৰস্তাৱিত বিধেয়কখনত ৰেহাই দিয়া হৈছে, “‘বৰণীয়া কৃষি’, চিৰিয়াখানা/ছাফাৰী স্থাপন, পৰিৱেশ পৰ্যটনৰ সুবিধা ইত্যাদি। কিন্তু শেহতীয়াকৈ বিশ্বব্যাপী মহামাৰীয়ে বিমান পৰিবহণ আৰু পৰ্যটন সাময়িকভাৱে বন্ধ কৰি দিয়াটোৱে এনে প্ৰকল্পৰ অস্থায়ী স্বৰূপ উদঙাই দিলে আৰু এইক্ষেত্ৰত এনে এক ডাঙৰ গৱেষণালব্ধ তথ্য আছে যিয়ে সজীৱ অৰণ্যক বিনোদনমূলক স্থানলৈ ৰূপান্তৰিত কৰাত সমৰ্থন নকৰে।’-তেওঁ লগতে কয়।

“শেষত, চৰকাৰ আৰু বিধেয়কখনৰ সুক্ষ্ম উদ্দেশ্যই সক্ৰিয় সম্প্ৰদায়সমুহৰ সৈতে সংযোগৰ বিবেচনা নকৰাকৈ বাগিচাসমূহত বৃক্ষৰোপনত গুৰুত্ব প্ৰদান কৰা, সম্প্ৰদায়ৰ পৰামৰ্শৰ জৰিয়তে থলুৱা গছৰ প্ৰজাতি নিৰ্বাচন কৰা, ঘাঁহনিকে ধৰি গছৰ তলৰ গছ-গছনিৰ ওপৰত গুৰুত্ব দিয়া আৰু প্ৰাকৃতিক পুনৰুত্পাদনৰ অনুমতি দিয়া, বন স্বাস্থ্য আৰু গঠন, প্ৰজাতিৰ জৈৱ বৈচিত্ৰ্য ওপৰত গুৰুত্ব দিছে” দত্তই আৰু কয়।

আই আই এইচ এছৰ স্কুল অৱ এনভাইৰনমেণ্ট এণ্ড ছাষ্টেনেবিলিটিৰ ডিন ড০ জগদীশ কৃষ্ণস্বামীয়ে চি এফ চি ইণ্ডিয়াক জনাইছে যে, “বহু অঞ্চলত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাষত থকা ১০০ কিলোমিটাৰ বেণ্ডটোত নদীৰ উৎসকে ধৰি জৈৱ বৈচিত্ৰ্য আৰু পৰিৱেশ তন্ত্ৰ সেৱা দুয়োটাৰে বাবে কিছুমান অতি গুৰুত্বপূৰ্ণ অঞ্চল অন্তৰ্ভুক্ত হোৱাৰ উপৰিও এনে অঞ্চল আছে যি ভূতাত্ত্বিকভাৱে অস্থিৰ, জলবায়ু পৰিৱৰ্তনৰ অধীনত প্ৰচুৰ বৰষুণৰ সন্মুখীন হোৱা, ভূমিস্খলন প্ৰৱণ আৰু ভূমিকম্পৰ আশংকা বেছি থকা। এই মণ্ডলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পৰিৱেশৰ ওপৰত সতৰ্কতাৰে নিৰীক্ষণ আৰু ডিজাইনৰ প্ৰয়োজন। কাৰণ পৰিৱেশ সুৰক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা দুয়োটাই ইয়াৰ দ্বাৰা উপকৃত হ’ব।”

যদি আপোনাৰ কোনো প্ৰশ্ন আছে বা জলবায়ু পৰিৱৰ্তন বা পৰিৱেশৰ সৈতে জড়িত সন্দেহজনক বিষয়বস্তুৰ সন্মুখীন হয় আৰু যিবোৰ আমি আপোনাৰ বাবে সেইবোৰ সত্যতা নিৰূপন কৰিব পাৰোঁ, তেন্তে সেইবোৰ আমাৰ সৈতে Climate buddyত শ্বেয়াৰ কৰক, আমাৰ হোৱাটছএপ টিপলাইন নম্বৰ: +917045366366

Manjori Borkotoky
Manjori Borkotoky
Articles: 14