Physical Address

23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India

সমীক্ষাত অংশগ্ৰহনকাৰী ৭২% লোকে জীৱনৰ কোনো এটা মুহূৰ্তত জলবায়ুজনিত উদ্বিগ্নতাৰ চিকাৰ হৈছেঃ ক্লাইমেট ফেক্ট চেক ভাৰতৰ সমীক্ষা

আয়ুসী শৰ্মা

২৩ মাৰ্চৰ বিশ্ব বতৰ বিজ্ঞান দিৱসৰ লগত সংগতি ৰাখি ক্লাইমেট ফেক্ট চেকে তেওঁলোকৰ ভাৰতীয় পঢ়ুৱৈ আৰু চাবস্ক্ৰাইবাৰসকলৰ মাজত তেওঁলোকৰ বতৰ বিজ্ঞানৰ বিভিন্ন দিশ সন্দৰ্ভত থকা দৃষ্টিভংগী জনাৰ বাবে এক সমীক্ষা চলাইছিল। এই সমীক্ষাটোৱে কিছুসংখ্যক লোকে পৰম্পৰাগত ধৰণৰ ওপৰত কিদৰে বিশ্বাস কৰে আৰু অতীতৰ আগজাননী ব্যৱস্থাৰ দ্বাৰা তেওঁলোক কিদৰে উপকৃত হৈছে, তাৰ ওপৰত আলোকপাত কৰোতে বহুসংখ্যক অংশগ্ৰহনকাৰীয়ে জলবায়ুজনিত উদ্বিগ্নতাত ভোগা কথা স্বীকাৰ কৰা কথাটো অতিকৈ গুৰুত্বপূৰ্ণ।  

এই সমীক্ষাটোৱে দেখুৱাইছে যে ৭২% সমীক্ষাত অংশগ্ৰহনকাৰীয়ে জীৱনৰ কোনো এটা মুহূৰ্তত জলবায়ুজনিত উদ্বিগ্নতাৰ চিকাৰ হৈছে। এই সমীক্ষাৰ ৭০%অংশগ্ৰহনকাৰী হৈছে ১৮ৰ পৰা ২৫ বছৰ বয়সৰ, যাৰ সংখ্যা ২১০গৰাকী। তাৰে ভিতৰত ৭৪%, অৰ্থাত ১৫৬গাৰকীয়ে জলবায়ুজনিত উদ্বিগ্নতাত ভুগিছে। 

এক অধ্যয়ন মতে জলবায়ুজনিত উদ্বিগ্নতা যুৱ সমাজৰ মাজত অধিক দেখা যায়। আমাৰ সমীক্ষাত আমি এইটো চাব বিচাৰিছিলোঁ যে এয়া ভাৰতীয় পঢ়ুৱৈৰ মাজতো একে হয় নে নহয়। আমি ১৮ৰ পৰা ২৫ বছৰ বয়সৰ যুৱ সমাজৰ দুই তৃতীয়াংশ অংশগ্ৰহনকাৰীৰ মাজত জীৱনৰ কোনোবা এটা মুহূৰ্তত জলবায়ুজনিত উদ্বিগ্নতাৰ চিকাৰ হোৱা কথাটো সত্য বুলি জানিব পাৰিলোঁ।  

বিশ্ব বতৰ বিজ্ঞান দিৱস কি আৰু কিয় ইয়াক পালন কৰা হয়?

বিশ্ব বতৰ বিজ্ঞান দিৱস প্ৰতি বছৰে ২৩মাৰ্চত পালন কৰা হয়। ১৯৫০চনৰ এই দিনটোত বিশ্ব বতৰ বিজ্ঞান সংস্থা (World Meteorological Organization (WMO) প্ৰতিস্থা কৰা হৈছিল। ই সমাজৰ সুৰক্ষা আৰু সমতুলতা ৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান আৰু জলবিজ্ঞান সেৱাৰ প্ৰয়োজনীয় অৰিহনাক প্ৰদৰ্শন কৰে আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে ইয়াক পালন কৰা হয়। বিশ্ব বতৰ বিজ্ঞান দিৱসত নিৰ্বাচিত মূল বিষয়টোৱে সাধাৰণতে সমসাময়িক বতৰ, জলবায়ু অথবা পানী সম্পৰ্কীয় বিষয়সমুহ দৰ্শায়। এই বছৰৰ মূল বিষয় আছিল   “প্ৰজন্মৰ পাছত প্ৰজন্মৰ মাজত বতৰ, জলবায়ু আৰু পানীৰ ভৱিষ্যত”. 

বতৰ বিজ্ঞান কি ? ভাৰতত বতৰ বিজ্ঞানৰ ব্যৱস্থাপনা সংস্থা কি?

বতৰ বিজ্ঞান হৈছে বিজ্ঞানৰ সেইটো শাখা, যিয়ে পৰিবেশ তথা বতৰ আৰু জয়বায়ু সম্পৰ্কীয় ঘটনা আৰু পৰিঘটনাসমুহৰ অধ্যয়ন কৰে। বতৰৰ কালৰূপ পৰীক্ষা কৰা তথা তাক সম্প্ৰসাৰণৰ পৰা ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন আগজাননীমূলক ব্যৱস্থা আৰু সংঘটনৰ পূৰ্বেই বিভিন্ন পৰামৰ্শ প্ৰদান কৰাৰ ক্ষেত্ৰত ই ফলপ্ৰসূ।   

ভাৰতীয় বতৰ বিজ্ঞান বিভাগ প্ৰতিস্থা হৈছিল ১৮৭৫চনত। ই দেশখনৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান সেৱা আৰু যিকোনো ধৰণৰ বতৰ বিজ্ঞানজনিত আৰু অনুৰূপ বিষয় সম্পৰ্কীয় মূল চৰকাৰী বিভাগ । 

ইয়াৰ মূল কৰ্মসমুহ:

  • বতৰ নিৰ্ভৰ স্পৰ্শকাতৰ কৰ্ম যেনে জলসিঞ্চন, মাছ ধৰা, কৃষিকৰ্ম, বিমানযাত্ৰা, সমুদ্ৰতীৰত তৈল অন্বেষণ আদিৰ অনুকুল সম্পাদনৰ বাবে বতৰ বিজ্ঞানজনিত অধ্যয়ন কৰাৰ লগতে  সাময়িক আৰু ভৱিষ্য়তৰ আগজাননী দিয়া।  
  • ৰাইজ তথা ৰাজ্যিক বিভাগসমুহক মানুহৰ প্ৰান তথা সম্পত্তিৰ হানি হ’ব পৰা  গ্রীষ্মমণ্ডলীয় ঘূৰ্ণীবতাহ, ধুলিৰ ধুমুহা, নেৰানেপেৰা বৰষুণ আৰু তুষাৰপাত,প্ৰচণ্ড শীত অথবা গৰমৰ প্ৰকোপত হোৱা বতাহ ইত্যাদি সম্পৰ্কে সাৱধান কৰি দিয়া।  
  • কৃষিকৰ্ম, জলসম্পদ ব্যৱস্থাপনা, উদ্যোগ, তৈল অন্বেষণ আৰু আন ধৰণৰ ৰাষ্ট্ৰ নিৰ্মান সম্পৰ্কীয় কৰ্মৰ বাবে বতৰ বিষয়ক বিভিন্ন পৰিসংখ্যা প্ৰদান কৰা।   
  • বতৰ বিজ্ঞান তথা তাৰ লগত সম্পৰ্কীত বিভিন্ন বিভাগৰ গৱেষণা কৰা তথা উদগণি জগোৱা ।

ক্লাইমেট ফেক্ট চেক সমীক্ষাত লব্ধ গুৰুত্বপূৰ্ণ তথ্য়সমুহ:ঃ

  •  ৩০০ অংশগ্ৰহনকাৰীৰ ভিতৰত, ২৮৯গৰাকী( ৯৬.৩%)য়ে কৈছে যে তেওঁলোক বতৰ সম্পৰ্কীয় তথ্যৰ ক্ষেত্ৰত আগ্ৰহী।
  • ৭০ শতাংশ অংশগ্ৰহনকাৰী হৈছে ১৮ৰ পৰা ২৫বছৰ বয়সৰ ভিতৰত, ২৪% হৈছে ২৬ৰ পৰা ৪৪বছৰ বয়সৰ আৰু বাকী ৬%হৈছে হয়তো ১৮বছৰ বয়সৰ তলৰ অথবা ৪৫বছৰ বয়সৰ ওপৰৰ। 
  • মহিলা আৰু পুৰুষ অংশগ্ৰহনকাৰীৰ অনুপাতটো প্ৰায় সমান। যেনে, ৫১% আৰু ৪৯% ক্ৰমানুসাৰে। 
  • বতৰজনিত তথ্যৰ আটাইতকৈ উমৈহতীয়া উত্সটো হৈছে সামাজিক মাধ্যম। ইয়াৰ পাছত চাৰ্ছ ইঞ্জিন (Google) আৰু নিউজ চেনেলসমুহ ।   
  • ৫৩%ত কৈ অধিক অংশগ্ৰহনকাৰীয়ে বতৰৰ আগজাননীক নিৰ্ভৰযোগ্য বুলি মানিছে।   “স্থানীয় বতৰৰ পূৰ্বাভাস সঠিক হ’লে জনসাধাৰণৰ মাজত সন্তুষ্টিৰ সৃষ্টি হয়। যেতিয়া মানুহে বতৰৰ সঠিক ভৱিষ্যদ্বাণী কৰা পূৰ্বাভাস লাভ কৰে, তেতিয়া ই তেওঁলোকক সেই অনুসৰি দিন বা সপ্তাহৰ পৰিকল্পনা কৰাত সহায় কৰে আৰু বতৰ সম্পৰ্কীয় কোনো সম্ভাৱ্য সমস্যাৰ পৰা হাত সাৰিবলৈ সহায় কৰে।”, নিশান্ত পানৱাৰ নামৰ এগৰাকী অংশগ্ৰহনকাৰীয়ে এইদৰে কয়। 

বতৰৰ আগজাননী লাভৰ পৰম্পৰাগত ধৰণত তেওঁলোকে বিশ্বাস কৰেনে?

১৭% ই কৈছে যে বতৰৰ আগজাননী লাভৰ পৰম্পৰাগত ধৰণত তেওঁলোকে বিশ্বাস নকৰে। আনফালে বাকীসকলে হয়তো বিশ্বাস কৰে অথবা ধাৰণা নাই।  

বতৰৰ আগজাননী লাভৰ কিছুমান পৰম্পৰাগত ধৰণ আছিল :

“উদ্ভিদৰ ফেনোলজী (Plant phenology) জলবায়ুৰ ঋতুকালীন ভিন্নতাৰ ওপৰত নিৰ্ভৰশীল। ই বতৰৰ আগজাননী লাভৰ পৰম্পৰাগত ধৰণ হিচাপেও ব্যৱহাৰ হয়।” অভিষেক চৰকাৰ নামৰ এগৰাকী অংশগ্ৰহনকাৰীয়ে কয়। 

চিমিস্মিতা গগৈ নামৰ আন এগৰাকী অংশগ্ৰহনকাৰীয়ে কয়, “চৰাইৰ প্ৰব্ৰজনক হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী দুয়োটা বতৰৰ পৰিস্থিতিৰ সৈতে সম্পৰ্কিত বুলি দেখা গৈছে। উষ্ণতা আৰু বতাহৰ দিশৰ বাবে প্ৰব্ৰজনৰ ধৰণৰ পৰিৱৰ্তনে বতৰৰ অৱস্থাৰ ভৱিষ্যদ্বাণী কৰাত সহায় কৰে।”

বেঙৰ মাত বৰষুণৰ সূচক”, চেপালী লক্ষ্মী পৰেৰাই কয়। আনফালে নিশান্ত পানৱাৰে উল্লেখ কৰে যে চন্দ্ৰটোৰ বিভিন্ন স্তৰে বতৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। “উদাহৰণস্বৰূপে, পূৰ্ণিমা চন্দ্ৰ প্ৰায়ে জোৱাৰ-ভাটা আৰু ধুমুহাময় বতৰৰ লগত জড়িত হৈ থাকে,” পানৱালে কয়

বহুকেইগৰাকী অংশগ্ৰহনকাৰীয়ে গৰম দিনৰ পাছক বৰষুণ আহে বুলি থকা পৰম্পৰাগত ধাৰণাৰ কথা উল্লেখ কৰে। । 

  • তেওঁলোকে আগতীয়া সতৰ্কবাণী ব্যৱস্থাক ফলপ্ৰসূ বুলি ধৰেনে?

আগতীয়া সতৰ্কবাণী ব্যৱস্থা হৈছে জলবায়ু পৰিৱৰ্তনৰ বাবে এক অভিযোজিত ব্যৱস্থা, য’ত জলবায়ু সম্পৰ্কীয় বিপজ্জনক পৰিঘটনাৰ বাবে ভিন্ন সম্প্ৰদায়ৰ জনসমূহক সাজু হোৱাত সহায় কৰিবলৈ এক সুসংহত যোগাযোগ ব্যৱস্থা ব্যৱহাৰ কৰা হয়। সঠিকভাৱে সম্পাদন কৰা ই আগতীয়া সতৰ্কবাণী ব্যৱস্থাই মানুহৰ জীৱন, ভেটি-মাটি আৰু আন্তঃগাঁথনি ৰক্ষা কৰাত সহায় কৰাৰ লগতে এক দীৰ্ঘম্যাদী বহনক্ষমতাও সুৰক্ষিত কৰে।

তেওঁলোকৰ অঞ্চলত কেতিয়াবা কোনো দুৰ্যোগ/ বতৰৰ চৰম পৰিঘটনা আদিৰ বিষয়ে আগতীয়াকৈ সতৰ্কবাণী পাইছে নেকি বুলি সোধাত তেওঁলোকৰ অধিকাংশই (৬০%) নিশ্চিত কৰিলে যে তেওঁলোকে ইয়াৰ দ্বাৰা উপকৃত হৈছে। যদিও, আগতীয়াকৈ সতৰ্কবাণী পোৱা অংশগ্ৰহনসকলৰ দুই তৃতীয়াংশই ইয়াৰ দ্বাৰা উপকৃত হোৱা বুলি কয় , কিন্তু এক তৃতীয়াংশই কয় যে তেওঁলোকে উপকৃত হোৱা নাই।    

  •  জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা মানসিক চাপ  

প্ৰায় ৭২% লোকে জীৱনৰ কোনো এটা সময়ত জলবায়ুজনিত উদ্বিগ্নতাত ভুগিছে । 

জলবায়ুজনিত উদ্বিগ্নতা হৈছে বতৰ আৰু জলবায়ুৰ পৰিৱৰ্তিত প্ৰকৃতি আৰু নিজৰ জীৱনত ইয়াৰ সম্ভাৱ্য পৰিণতিৰ বিষয়ে চিন্তা কৰাৰ ফলত অনুভৱ হোৱা মানসিক চাপ।   ইয়াৰ ফলত ভোক কমি যোৱা, পেনিক এটেক, খিংখিঙীয়া, অনিদ্ৰা আৰু দুৰ্বলতা আদি লক্ষণ দেখা দিব পাৰে। 

সঁহাৰিৰ সংখ্যা সীমিত হোৱাৰ পিছতো সমীক্ষাটোৱে এটা ধাৰণা দিয়ে যে অংশগ্ৰহনকাৰীসকলে আগতীয়া সতৰ্কবাণী ব্যৱস্থাত বিশ্বাস কৰে আৰু বতৰ সম্পৰ্কীয় তথ্য লাভ কৰিবলৈ আগ্ৰহী। ভাৰতৰ মানুহে কেতিয়াবা জলবায়ু পৰিৱৰ্তনৰ ফলত উদ্ভৱ হোৱা পৰিঘটনাৰ বাবে মানসিক চাপৰ মাজেৰে পাৰ হৈ যায়, বিশেষকৈ যুৱ প্ৰজন্মই। 

(Translated by Pranjal Sharma)

Manjori Borkotoky
Manjori Borkotoky
Articles: 14