Physical Address

23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India

জলবায়ু পৰিৱৰ্তনে উত্তৰ-পূব ভাৰতৰ থলুৱা খাদ্যত কেনেকৈ প্ৰভাৱ পেলাইছে

উত্তৰ-পূব ভাৰতৰ এটা প্ৰধান থলুৱা সম্প্ৰদায় কাৰ্বিসকলৰ বাবে তেওঁলোকৰ কিছুমান পৰম্পৰাগত খাদ্যবস্তুৰ উৎপত্তিৰ সৈতে পৃথিৱীৰ উৎপত্তি সম্পৰ্কীয় লোককথাৰ সম্পৰ্ক আছে ।

এক জনপ্ৰিয় কাৰ্বি লোককথা অনুসৰি তেওঁলোকৰ পৰম দেৱতা হেম্ফুই পৃথিৱী সৃষ্টি কৰাৰ পিছত আন দেৱতা ছাইৰিকপো আৰু মাইৰিকপোৱে পৃথিৱীৰ পূব আৰু পশ্চিম দিশত ক্ৰমে ন বাৰ মুষ্টি ভৰ্তি বীজ ছটিয়াইছিল। এই বীজবোৰ অংকুৰিত হৈ ফুলি উঠিছিল আৰু আন আন বীজবোৰৰ লগতে হান্থু (Gnetum gnemon) আৰু মেহেক (Rhynchotechum ellipticum) হৈ পৰিছিল। কাৰ্বি কিংবদন্তি যোদ্ধা থং নোকবেই প্ৰথমে এই বন্য উদ্ভিদবোৰ সেৱন কৰিছিল আৰু পিছলৈ তেওঁৰ সাধাৰণ বংশধৰসকলেও সেইয়া খাইছিল।

হিমৰ (চাউলৰ আটা) লগত ৰন্ধা হান্থু আৰু ফ’ল’ (ক্ষাৰকীয় পানী) কাৰ্বিসকলে প্ৰস্তুত কৰা প্ৰথম খাদ্য বুলি কোৱা হয়। এইয়া আপাত দৃষ্টিত বছৰ বছৰ ধৰি চলি আহিছে আৰু এই খাদ্যৰ বৰ্তমানৰ ৰূপটো কাংমই নামেৰে জনাজাত। কাৰ্বিসকলে প্ৰায়ে নিজকে হান্থু-মেহেক (হান্থু আৰু মেহেকৰ সন্তান) বুলি কয়। বিবাহ বা মৃত্যু অনুষ্ঠানৰ সময়ত কাৰ্বি ঘৰৰ বাবে হান্থু আৰু মেহেক এতিয়াও অপৰিহাৰ্য।

এয়া এক উদাহৰণ যে কিছুমান থলুৱা বন্য উদ্ভিদ উত্তৰ-পূব ভাৰতৰ খিলঞ্জীয়া সকলে নিয়মিতভাৱে খাদ্যৰ অংশ হিচাপে গ্ৰহণ কৰাৰ ফলত পুষ্টিৰ উৎস হৈ পৰাই নহয়, তেওঁলোকৰ ধৰ্মীয় আৰু পৰম্পৰাগত প্ৰথাৰ অবিচ্ছেদ্য অংগও হৈ পৰিছে ।

থলুৱা খাদ্য উদ্ভিদ দ্ৰুতগতিত নোহোৱা হৈ গৈ আছে

উত্তৰ-পূব ভাৰতৰ পৰম্পৰাগত খাদ্যৰ প্লেটৰ পৰা দ্ৰুতগতিত নোহোৱা হৈ গৈ আছে থলুৱা খাদ্য উদ্ভিদ। দ্ৰুত নগৰায়ন আৰু বনাঞ্চল ধ্বংসৰ দৰে অন্যান্য কাৰকৰ বাহিৰেও ইয়াত জলবায়ু পৰিৱৰ্তনে ক্ৰমান্বয়ে ডাঙৰ ভূমিকা পালন কৰিব ধৰিছে।

“উত্তৰ-পূব ভাৰতৰ খিলঞ্জীয়া লোকসকল সদায় খাদ্যৰ বাহিৰেও ঔষধ, অনুষ্ঠানৰ বাবে বহু ধৰণৰ থলুৱা ভেঁকুৰ, উদ্ভিদ প্ৰজাতিৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে। কিন্তু বৰ্ধিত উষ্ণতা আৰু অস্বাভাৱিক বৰষুণৰ বাবে কিছুমান বিশেষ জাতৰ শাক-পাচলি আৰু খাব পৰা ফাৰ্ণ দ্ৰুতগতিত নোহোৱা হৈ গৈ আছে।’- উত্তৰ-পূব ভাৰতৰ পৰম্পৰাগত জ্ঞান ব্যৱস্থাৰ বিশেষজ্ঞতাৰ বাবে সুপৰিচিত স্বতন্ত্ৰ পৰামৰ্শদাতা (পৰিৱেশ আৰু উন্নয়ন), জয়ন্ত কুমাৰ শৰ্মাই এইদৰে কয়।

“উদাহৰণস্বৰূপে, বড়ো জাতৰ ধানৰ খেতি পৰম্পৰাগত জাতৰ বিপৰীতে বৰষুণৰ দৰে প্ৰতিকূল জলবায়ুৰ পৰিস্থিতি কিছু পৰিমাণে সহ্য কৰিব পৰাৰ বাবে আজিকালি অসমৰ কেইবাটাও প্ৰান্তত সালি ধানৰ ঠাইত খেতি কৰা হয়। কিন্তু সালি চাউলৰ পৰা তৈয়াৰ কৰা পৰম্পৰাগত খাদ্য/স্নেক খিলঞ্জীয়াৰ ঘৰৰ পৰা দ্ৰুতগতিত নোহোৱা হৈ গৈ আছে।”, শৰ্মাই লগতে কয়।

অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক ড০ ৰাজা হকে কয় যে উত্তৰ-পূব ভাৰতত বৰষুণৰ ধৰণ নিশ্চিতভাৱে সলনি হৈছে আৰু ই অঞ্চলটোৰ থলুৱা খাদ্যৰ ওপৰত প্ৰভাৱ পেলাইছে।

“জলবায়ু ব্যৱস্থাৰ আটাইতকৈ দৃশ্যমান পৰিৱৰ্তন হৈছে জলবিজ্ঞান ব্যৱস্থাত। ভাৰতৰ আন বহু ঠাইৰ দৰে উত্তৰ-পূব ভাৰতত বৰষুণ বা বৰষুণৰ ধৰণ নিশ্চিতভাৱে সলনি হৈছে আৰু তেনেকৈ ক’বলৈ কোনো পৰিসংখ্যাৰ প্ৰয়োজন নাই। এতিয়া, কিছুমান দিনত হঠাতে প্ৰচণ্ড বৰষুণ আহে আৰু হঠাৎ দীঘলীয়া খৰাং সাদৃশ্য পৰিস্থিতিৰ সৃষ্টি হয়। এইটো মাটিৰ বাবে আৰু শস্যৰ বাবে ভাল নহয়।”, ড০ হকে কয়।

“সেয়েহে জলবায়ুৰ এই পৰিৱৰ্তনৰ লগত খাপ নোখোৱা অঞ্চলৰ বহুতো পৰম্পৰাগতভাৱে উৎপাদিত শস্য প্ৰভাৱিত হৈছে। ইয়াৰ ফলত অঞ্চলটোৰ থলুৱা খাদ্য সম্ভাৰত ওপৰত নিশ্চিতভাৱে প্ৰভাৱ পৰিছে।’, হকে লগতে কয়।

ঝুম খেতিৰ ওপৰত প্ৰভাৱ

অসমৰ ডিমা হাচাও জিলাত চলিত বৰ্ষত বাৰিষা কালত অভূতপূৰ্ব বৰষুণ হোৱাৰ ফলত ভূমিস্খলন, খহনীয়া আৰু বানপানীৰ ফলত প্ৰাণহানি হোৱাৰ লগতে সম্পত্তিৰ ব্যাপক ক্ষতিসাধন হয়। ইয়াৰ ফলত জিলাখনত ঝুম খেতিৰ ক্ষেত্ৰতো গুৰুতৰ প্ৰভাৱ পৰিছে যিটো কৃষিৰ অন্যতম প্ৰাচীন ৰূপ বুলি বিশ্বাস কৰা হয়। অঞ্চলটোৰ ঝুম খেতিয়কসকলে কেৱল একাধিক পৰম্পৰাগত ধানৰ জাতৰ খেতি কৰাই নহয়, আদিবাসীসকলৰ থলুৱা খাদ্যৰ প্লেটৰ অবিচ্ছেদ্য বিভিন্ন শাক-পাচলিৰ খেতিও কৰে।

অসমৰ ডিমা হাচাও জিলাৰ ঝুম খেতি

জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে ডিমা হাচাও আৰু কাৰ্বি আংলঙৰ দৰে জিলাৰ পৰম্পৰাগত ঝুম খেতিয়কসকলে ধান আৰু অন্যান্য শাক-পাচলিৰ দৰে পৰম্পৰাগত খাদ্য শস্যৰ খেতিৰ পৰা চাহ খেতিলৈ ক্ৰমান্বয়ে স্থানান্তৰিত হৈছে বুলি বাতৰি প্ৰকাশ পাইছে।

ডিমা হাচাও অঞ্চলৰ ঝুম খেতিৰ ওপৰত শেহতীয়া ‘তীব্ৰ বৰষুণ’ৰ প্ৰভাৱৰ বিষয়ে বৰ্তমান অধ্যয়ন কৰি থকা জয়ন্ত কুমাৰ শৰ্মাই কয় যে অসমৰ দৰে উত্তৰ-পূবৰ ৰাজ্যসমূহত বৰষুণৰ ধৰণ সলনি হোৱাৰ দৰে জলবায়ুৰ বিসংগতিয়ে নিশ্চিতভাৱে পৰম্পৰাগত খাদ্যাভ্যাসৰ ওপৰত প্ৰভাৱ পেলাইছে ।

‘সাধাৰণ সময়ত জুলাই মাহৰ পৰা কিছুমান পৰম্পৰাগত শাক-পাচলিৰ জাতৰ খেতি কৰা হয় আৰু ছেপ্টেম্বৰ মাহত কিছুমান ধানৰ খেতি কৰা হয় যদিও এইবাৰ একোৱেই সম্ভৱ হোৱা নাছিল বা সম্ভৱ নহয়। স্থানীয় গাঁওবাসীয়ে কয় যে বিগত ১০০ বছৰত তেওঁলোকে এনে পৰিঘটনাৰ সন্মুখীন হোৱা নাই।’ এইবাৰ জিলাখনক পংগু কৰি পেলোৱা অস্বাভাৱিক বৰষুণৰ ধৰণটোৰ বিষয়ে কোৱাৰ সময়তে এই মন্তব্য কৰে শৰ্মাই।

“ধান খেতিৰ বাবে মাটিত নিৰন্তৰ আৰ্দ্ৰতাৰ প্ৰয়োজন হয় আৰু খৰাংসদৃশ পৰিস্থিতি বা ভুল সময়ত অত্যধিক বৰষুণে ঝুম খেতিত প্ৰভাৱ পেলাইছে। ইতিমধ্যে এই বছৰ বীজ সিঁচাৰ কাম কৰা হৈছিল আৰু তাৰ পিছত হোৱা প্ৰচণ্ড বৰষুণে গোটেই মাটিখিনি উটুৱাই লৈ গৈছিল আনকি খহনীয়া আৰু ভূমিস্খলনৰ সৃষ্টি কৰিছিল। জলবায়ুৰ বিজুতি নিশ্চিতভাৱে ইয়াৰ কাৰণ।’-এইদৰে কয় শৰ্মাই।

এক বিশ্বব্যাপী পৰিঘটনা

ৰাষ্ট্ৰসংঘই কৈছে, ‘পৰিৱেশ আৰু ইয়াৰ সম্পদৰ ওপৰত নিৰ্ভৰশীলতা আৰু ঘনিষ্ঠ সম্পৰ্কৰ বাবে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যক্ষ পৰিণতিৰ সন্মুখীন হোৱা খিলঞ্জীয়া জনগোষ্ঠীসমূহ অন্যতম।’

বিশ্বৰ বিভিন্ন প্ৰান্তত কৰা অধ্যয়নত দেখা গৈছে যে জলবায়ু পৰিৱৰ্তনে খিলঞ্জীয়া লোকে খোৱা বন্য প্ৰজাতিৰ খাদ্য উদ্ভিদৰ উপলব্ধতাত প্ৰভাৱ পেলাইছে । এনে এক অধ্যয়নৰ মতে ‘নিম্ন উষ্ণতা বৃদ্ধিৰ পৰিস্থিতিৰ অধীনত ২০৬০-২০৮০ চনৰ ভিতৰত দক্ষিণ আফ্ৰিকাত ৪০% প্ৰজাতিৰ বন্য প্ৰজাতিৰ খাদ্য উদ্ভিদৰ পৰিসৰ হ্ৰাস পাব।’

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ ওপৰত ২০১৬ চনৰ আন এক অধ্যয়নে প্ৰকাশ কৰিছে যে ‘কৃষিৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ উৎপাদন হ্ৰাসৰ বাহিৰেও ৰোপণৰ সময়, মাটি ব্যৱস্থাপনা, আৰু বিশেষ শস্যৰ জাতৰ ব্যৱহাৰ আৰু স্থানীয় বিতৰণৰ ওপৰত ও প্ৰভাৱ পেলাই’। অধ্যয়নটোৱে এইটোও প্ৰমাণ কৰিছে যে ‘স্থানীয় খাদ্য সংৰক্ষণ আৰু বিষমুক্ত কৰাৰ বাবে ঘৰুৱা প্ৰক্ৰিয়াকৰণ কৌশলসমূহ মূলত পৰিৱেশ আৰু জলবায়ুৰ সম্পদৰ ওপৰত নিৰ্ভৰশীল, যিবোৰ জলবায়ুৰ পৰিৱৰ্তনৰ বাবে দুৰ্বল বা প্ৰভাৱিত হ’ব পাৰে ।’

Anuraag Baruah
Anuraag Baruah
Articles: 10