Physical Address

23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India

২০২২ চনৰ ভিতৰত ১৭৫ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ লক্ষ্যত ভাৰত প্ৰায় উপনীত হৈছে নেকি?

দাবী

ভাৰতে ২০২২ চনৰ ভিতৰত ১৭৫ গিগাৱাট স্থাপিত নবীকৰণযোগ্য শক্তি ক্ষমতাৰ লক্ষ্যত প্ৰায় উপনীত হৈছে । ২০২২ চনৰ মাৰ্চ মাহলৈকে ভাৰতে ১৫৯.৯৫ গিগাৱাট স্থাপিত নবীকৰণযোগ্য শক্তি ক্ষমতা লাভ কৰিবলৈ সক্ষম হৈছে ।

তথ্য

বিভ্ৰান্তিকৰ। ভাৰতৰ ২০২২ চনৰ ভিতৰত ১৭৫ গিগাৱাট স্থাপিত নবীকৰণযোগ্য শক্তি ক্ষমতাৰ লক্ষ্য হৈছে বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ পৰা আহৰণ কৰা শক্তিক বাদ দি আহৰণ কৰা শক্তি । ভাৰতে এতিয়াও ১৭৫ গিগাৱাটৰ লক্ষ্যত উপনীত হোৱাৰ পৰা যথেষ্ট দূৰত আছে আৰু ২০২২ চনৰ জুন মাহলৈকে স্থাপন কৰা নবীকৰণযোগ্য শক্তিৰ ক্ষমতা (বৃহৎ জলবিদ্যুৎ প্ৰকল্প বাদ দি) ১১৪.০৭ গিগাৱাট হয় ।

তেওঁলোকে কি দাবী কৰিছে

বিভিন্ন ছ’চিয়েল মিডিয়া প্ৰফাইল আৰু পেজৰ দ্বাৰা দাবী কৰা হৈছে যে ২০২২ চনত ভাৰতে ১৭৫ গিগাৱাট স্থাপন কৰা নবীকৰণযোগ্য শক্তিৰ ক্ষমতা লাভ কৰাৰ লক্ষ্য প্ৰায় পূৰণ কৰিছে । এই দাবী কৰিবলৈ ১৭৫ গিগাৱাটৰ ওচৰৰ বিভিন্ন পৰিসংখ্যা উল্লেখ কৰা হৈছে ।

ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা এনে এক দাবীৰ মতে ২০২২ চনৰ মাৰ্চ মাহলৈকে ভাৰতে ১৫৯.৯৫ গিগাৱাট স্থাপিত নবীকৰণযোগ্য শক্তিৰ ক্ষমতা লাভ কৰিছে ।

আমি কি তথ্য পালোঁ

শেহতীয়াকৈ এক গুৰুত্বপূৰ্ণ পৰিঘটনাত কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ উন্নীতকৃত ৰাষ্ট্ৰীয় নিৰ্ধাৰিত অৱদান (এনডিচি)ত অনুমোদন জনাই ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ কাঠামো চুক্তি (UNFCCC)ৰ আগত দাখিল কৰিছে। উন্নীতকৰণ কৰা এনডিচিৰ অংশ হিচাপে ভাৰতে ঘোষণা কৰে যে ২০৩০ চনৰ ভিতৰত অজীৱাশ্ম ইন্ধনভিত্তিক বা নবীকৰণযোগ্য শক্তি সম্পদৰ পৰা প্ৰায় ৫০ শতাংশ সঞ্চিত বৈদ্যুতিক শক্তি স্থাপন ক্ষমতা লাভ কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ।

এই অভিযানৰ অংশ হিচাপে ২০২২ চনৰ বাবে নিৰ্ধাৰিত কৰা প্ৰথম লক্ষ্য হৈছে ২০২২ চনত ১৭৫ গিগাৱাট স্থাপন কৰা নবীকৰণযোগ্য শক্তিৰ ক্ষমতা লাভ কৰা য’ত সৌৰশক্তিৰ পৰা ১০০ গিগাৱাট, বায়ুৰ পৰা ৬০ গিগাৱাট, জৈৱবস্তুৰ পৰা ১০ গিগাৱাট, আৰু বাকী ৫ গিগাৱাট ক্ষুদ্ৰ জলশক্তিৰ পৰা আহৰণ কৰা হব

চৰকাৰে পূৰ্বে উল্লেখ কৰিছিল যে ভাৰতে ২০২২ চনত ‘বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ পৰা শক্তি বাদ দি’ ১৭৫ গিগাৱাট স্থাপিত শক্তি ক্ষমতা লাভ কৰিবলৈ বিচাৰিছে ।

১৭৫ গিগাৱাট লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা ক্ষীণ

সংসদত আলোকপাত কৰা চৰকাৰী তথ্যৰ মতে দেশত সৌৰ আৰু বায়ু শক্তি উভয়ৰে লক্ষ্যত উপনীত হোৱাত পলম হোৱাৰ ফলত ২০২২ চনৰ শেষৰ ফালে দেশখনে ১৭৫ গিগাৱাট সেউজ শক্তি উৎপাদনৰ নবীকৰণযোগ্য শক্তিৰ লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা ক্ষীণ ।

নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদনত নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ সচিবৰ উদ্ধৃতিৰে সংসদীয় স্থায়ী সমিতিৰ সন্মুখত কোৱা হৈছে, “এয়া সঁচা যে ২০২২ চনৰ ভিতৰত আমাৰ লক্ষ্য ৬০ গিগাৱাট । বৰ্তমানৰ পৰিস্থিতি অনুসৰি আমি হয়তো ৬০ গিগাৱাট লক্ষ্যত উপনীত হব নোৱাৰিম । কেৱল বায়ু শক্তিৰ ক্ষেত্ৰতে নহয়, নবীকৰণযোগ্য শক্তিৰ বাবে সামগ্ৰিক লক্ষ্যৰ ক্ষেত্ৰতো এই কথা সত্য।”

‘কোভিড আৰু চীনত সৌৰ যোগান শৃংখলত ব্যাঘাত জন্মাৰ প্ৰভাৱৰ বাবেই পলম হৈছে। অনুসূচিত কমিছনিঙৰ বাবে পাঁচ মাহৰ সময় বৃদ্ধি কৰা হৈছে আৰু ক’ভিডৰ প্ৰভাৱ ক্ষতিপূৰণৰ বাবে বিশেষ ব্যৱস্থা হিচাপে কিছুমান প্ৰকল্পৰ বাবে কেছ টু কেছ ভিত্তিত অতিৰিক্ত সময় বৃদ্ধি কৰাৰ কথা চিন্তা কৰা হৈছে। ফলত ১৭৫ জিডব্লিউত উপনীত হ’বলৈ আমাক আৰু কিছু সময় লাগিব।’ সংসদত উত্থাপন কৰা ‘ভাৰতত বায়ু শক্তিৰ মূল্যায়ন’ সম্পৰ্কীয় সংসদীয় স্থায়ী প্ৰতিবেদনত কোৱা হৈছে ।

২০২২ চনৰ জুন মাহৰ শেষলৈকে স্থাপন কৰা নবীকৰণযোগ্য শক্তিৰ ক্ষমতা ১১৪.০৭ গিগাৱাট আছিল

নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি ভাৰতৰ নবীকৰণযোগ্য শক্তিৰ ক্ষমতা (বৃহৎ হাইড্ৰ’ বাদ দি) চলিত বৰ্ষৰ জুন মাহৰ শেষলৈকে ১১৪.০৭ গিগাৱাট আছিল। প্ৰতিবেদনত আৰু কোৱা হৈছে যে ৬০.৬৬ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ ক্ষমতা জড়িত প্ৰকল্পসমূহ উন্নয়নৰ বিভিন্ন পৰ্যায়ৰ অধীনত আছে। ইয়াৰ উপৰিও ২০২২ চনৰ জুন মাহলৈকে ১১৪.০৭ গিগাৱাটৰ মুঠ স্থাপন ক্ষমতাই সৌৰশক্তিৰ পৰা ৫৭.৭১ গিগাৱাট আৰু বায়ুৰ পৰা ৪০.৭১ গিগাৱাট সামৰি লৈছে ।

“২০২২ চনৰ ভিতৰত ১৭৫ গিগাৱাট নবীকৰণযোগ্য শক্তি (বৃহৎ হাইড্ৰ’ বাদ দি) স্থাপন ক্ষমতা লাভ কৰাৰ লক্ষ্যৰ বিপৰীতে ২০২২ চনৰ ৩০ জুনলৈকে দেশত মুঠ ১১৪.০৭ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ ক্ষমতা (বৃহৎ হাইড্ৰ’ বাদ দি) স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও, ক ৬০.৬৬ গিগাৱাট ক্ষমতা ৰূপায়ণৰ বিভিন্ন পৰ্যায়ত আৰু ২৩.১৪ গিগাৱাট ক্ষমতা নিবিদাৰ বিভিন্ন পৰ্যায়ৰ অধীনত আছে।’- ৰাজ্যসভাত লিখিত উত্তৰত এইদৰে কয় নতুন আৰু নবীকৰণযোগ্য শক্তিৰ ৰাজ্যিক মন্ত্ৰী ভগৱন্থ খুবাই ।

শেহতীয়া এক প্ৰতিবেদন অনুসৰি ভাৰতৰ বৰ্তমান স্থাপিত নবীকৰণযোগ্য শক্তিৰ ক্ষমতা ১১৬ গিগাৱাট আৰু ২০২২ চনৰ বাবে ১৭৫ গিগাৱাট লক্ষ্য পূৰণৰ পৰা ৫৮ গিগাৱাট দূৰত আছে । এই অভাৱৰ ৬১% উত্তৰ মহাৰাষ্ট্ৰৰ (১১.১ গিগাৱাট) চাৰিখন ডাঙৰ ৰাজ্যত আছে প্ৰদেশ (৯.৭ গিগাৱাট), অন্ধ্ৰ প্ৰদেশ (৯.২ গিগাৱাট), আৰু মধ্যপ্ৰদেশ (৬.৫ গিগাৱাট)। প্ৰতিবেদনত লগতে এই সিদ্ধান্তত উপনীত হৈছে যে ২০২২ চনত ভাৰতে ১৭৫ গিগাৱাট লক্ষ্য পূৰণ কৰিবলৈ সক্ষম হোৱাৰ সম্ভাৱনা নাই ।

১৫৯.৯৫ গিগাৱাটৰ দাবী

২০২২ চনৰ মাৰ্চ মাহলৈকে ভাৰতে ১৫৯.৯৫ গিগাৱাট স্থাপিত নবীকৰণযোগ্য শক্তিৰ ক্ষমতা লাভ কৰিছে বুলি দাবী কৰা হৈছে কিন্তু আচলতে উদ্ধৃত সংখ্যাটোত বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ শক্তি অন্তৰ্ভুক্ত কৰা হৈছে ।

বৃহৎ জলবিদ্যুৎ উদ্যোগৰ পৰা পোৱা শক্তিক পূৰ্বতে নবীকৰণযোগ্য শক্তি হিচাপে গণ্য কৰা হোৱা নাছিল আৰু মাত্ৰ ২৫ মেগাৱাটতকৈ কম ক্ষমতাৰ সৰু সৰু প্ৰকল্পসমূহকহে নবীকৰণযোগ্য শক্তি হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল। কিন্তু ২০১৯ চনত কেন্দ্রীয় কেবিনেটে এক নতুন জলবিদ্যুৎ নীতিত অনুমোদন জনায়, যাৰ মতে বৃহৎ জল প্রকল্পসমূহক নবীকৰণযোগ্য শক্তি প্রকল্পৰ মৰ্যাদা দিয়া হয় ৷

কিন্তু এই কথাও সত্য যে ভাৰতৰ ১৭৫ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ লক্ষ্যত বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ পৰা অহা শক্তিৰ হিচাপ নহয়। শেহতীয়াকৈ ৰাজ্যসভাত নতুন আৰু নবীকৰণযোগ্য শক্তিৰ ৰাজ্যিক মন্ত্ৰী ভগৱন্ত খুবাই দিয়া উত্তৰে তাৰ সাক্ষ্য দিছে ।

Anuraag Baruah
Anuraag Baruah
Articles: 10