Physical Address

23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India

‘গ্ৰীণৱাছিং’ কি আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে ইয়াৰ কি সম্পৰ্ক?

বাস্তৱতকৈ জলবায়ু আৰু পৰিৱেশৰ সৈতে অধিক বন্ধুত্বসুলভ যেন দেখাবলৈ বিজ্ঞাপন আৰু ৰাজহুৱা বাৰ্তা ব্যৱস্থা ব্যৱহাৰ কৰাটোক ‘গ্ৰীণৱাছিং’ বোলা হয় । 

কেম্ব্ৰিজ অভিধানৰ মতে, গ্ৰীণৱাছিং হৈছে মানুহক “কোনো কোম্পানীয়ে প্ৰকৃততে যিমানখিনি পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰিছে তাতকৈ অধিক কাম কৰি আছে বুলি 

পতিয়ন নিয়াটো”।  

অক্সফৰ্ড অভিধানে, গ্ৰীণৱাছিংৰ সংজ্ঞা দিছে যে “এটা কোম্পানী বা সংস্থাৰ এনে কাৰ্য্যকলাপ যিবোৰৰ উদ্দেশ্য হৈছে মানুহক পৰিৱেশৰ প্ৰতি চিন্তিত বুলি ভাবিবলৈ বাধ্য কৰা, যদিও ইয়াৰ ব্যৱসায়ে প্ৰকৃততে পৰিৱেশৰ ক্ষতি কৰি আছে”।  

‘গ্ৰীণৱাছিং’ শব্দটোৰ উৎপত্তি

‘গ্ৰীণৱাছিং’ শব্দটোৰ উদ্ভাৱন কৰিছিল পৰিবেশবিদ জে ৱেষ্টাৰভেল্ডে ১৯৮৬ চনত এক ৰচনাত পূৰ্বৰ ফিজি ভ্ৰমণৰ বিষয়ে লিখি থকাৰ সময়ত। ভ্ৰমণৰ সময়ত তেওঁ এখন ৰিজ’ৰ্টলৈ গৈছিল য’ত তেওঁ ৰিজৰ্টখনৰ মানুহে গ্ৰাহকক তেওঁলোকৰ টাৱেল পুনৰ ব্যৱহাৰ কৰিবলৈ কোৱা দেখিছিল আৰু দাবী কৰ হৈছিল যে ইয়াৰ ফলত পৰিৱেশ সুৰক্ষিত হ’ব। ৱেষ্টাৰভেল্ডে লক্ষ্য কৰিছিল যে এইয়া আচলতে পৰিৱেশ সুৰক্ষাৰ নামত ছদ্মবেশত ৰখা এটা খৰচ ৰাহিৰ ব্যৱস্থা আছিল কাৰণ তেওঁ জানিছিল যে সেই সময়ত পৰিৱেশৰ প্ৰতি চিন্তা নকৰি ৰিজৰ্টখন দ্ৰুতগতিত সম্প্ৰসাৰণ কৰি আছিল । তেওঁ ইয়াৰ বিষয়ে লিখিবলৈ লৈ ‘গ্ৰীণৱাছিং’ শব্দটোৰ উদ্ভাৱন কৰিছিল ।

গ্ৰীণৱাছিং কেনেকৈ স্পট কৰিব?

গ্ৰীণৱাছিং হৈছে গ্ৰাহকক প্ৰতাৰণা কৰি বিশ্বাস জন্মোৱা যে তেওঁ এটা বিশেষ সামগ্ৰী বাছি লৈ গ্ৰহটোক সেউজীয়া হৈ থকাত সহায় কৰিছে। সমগ্ৰ বিশ্বৰ ব্যৱসায়ীসকলক গ্ৰীণৱাছিংৰ সৈতে জড়িত হোৱাৰ বাবে ক্ৰমান্বয়ে জবাবদিহি কৰা হৈছে। কিন্তু গ্ৰাহকে এতিয়াও নিজাববীয়াকৈ চকু ৰাখিব লাগিব আৰু তেওঁলোকৰ চাৰিওফালে বিক্ৰী বা বিজ্ঞাপন দিয়া দৈনন্দিন সামগ্ৰীত হোৱা গ্ৰীণৱাছিং ধৰা পেলাবলৈ চেষ্টা কৰিব লাগিব। গ্ৰীণৱাছিং ধৰা পেলোৱাৰ কিছুমান উপায় হ’ল:

‘প্ৰকৃতি’ৰ বিভ্ৰান্তিকৰ চিত্ৰকল্প

‘প্ৰকৃতি’ৰ সৈতে জড়িত বিভিন্ন ছবি কোম্পানীসমূহে প্ৰায়ে ইংগিত দিবলৈ বা বিভ্ৰান্তিকৰভাৱে দাবী কৰিবলৈ ব্যৱহাৰ কৰে যে কোম্পানী বা সামগ্ৰীটো প্ৰকৃতি বা পৰিৱেশ অনুকূল। ব্যৱহৃত ছবি আৰু কোম্পানী বা সামগ্ৰীৰ মাজত এটা স্পষ্ট আৰু ন্যায্য সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰাটো গুৰুত্বপূৰ্ণ। সেই সংযোগ স্থাপন কৰিব নোৱাৰিলে, গ্ৰাহকে চিত্ৰকল্পসমূহ কোম্পানী বা সামগ্ৰীৰ সৈতে সংযোগ কৰিব নালাগে।

‘সেউজীয়া’ বাজৱৰ্ডৰ মাজেৰে চাবলৈ শিকক

কোম্পানীসমূহে প্ৰায়ে ‘ইকো’ আৰু ‘গ্ৰীণ’ৰ দৰে ‘বাজৱৰ্ড’ ব্যৱহাৰ কৰি তেওঁলোকৰ ব্যৱসায়ক পৰিৱেশ অনুকূল বা জলবায়ু সচেতন যেন দেখুৱাই। গ্ৰাহকে জনা উচিত যে এই শব্দবোৰ কোনো বৈজ্ঞানিক মানদণ্ডৰ সৈতে জড়িত হোৱাটো খুব কমেইহে দেখা যায়।

মিছা দাবী বা অস্পষ্ট ভাষা

কোম্পানীসমূহে প্ৰায়ে নিজৰ সামগ্ৰীৰ বিষয়ে অস্পষ্ট ভাষা ব্যৱহাৰ কৰি ভুৱা দাবী কৰে । উদাহণস্বৰূপে কোনো সামগ্ৰীক ‘প্ৰাকৃতিক’, ‘জৈৱিক’ বা ‘পৰিৱেশ-বন্ধুত্বপূৰ্ণ’ বুলি বৰ্ণনা কৰা হয়, যদিও প্ৰকৃততে মাত্ৰ কিছুমান উপাদানকহে এইদৰে বৰ্ণনা কৰিব পাৰি। খবৰ অনুসৰি, বেছিভাগ অভিযোগ এই ধৰণৰেই পঞ্জীয়ন কৰা হয় আৰু বহু বিজ্ঞাপন নিষিদ্ধ কৰা হয়। গ্ৰাহকে এনে দাবীৰ সন্দৰ্ভত কোনো নিয়ন্ত্ৰণকাৰী সংস্থাৰ পৰা কোনো প্ৰমাণপত্ৰ আছে নে নাই পৰীক্ষা কৰিবলৈ পণ্যৰ ৱেবছাইট পৰীক্ষা কৰিব লাগে।

তথ্য লুকুৱাই ৰখা

কোম্পানীসমূহে প্ৰায়ে নিজৰ সামগ্ৰী সম্পৰ্কীয় তথ্য লুকুৱাই ৰাখে আৰু এই কথাটোক আওকাণ কৰে যে গ্ৰাহকসকলে সমগ্ৰ সত্য জনাটো উচিত। উদাহণস্বৰূপে কোনো কোম্পানীয়ে নিজকে পৰিৱেশ অনুকূল বুলি ঘোষণা কৰিছে যদিও তেওঁলোকৰ কয়লা চালিত বহিঃৰাজ্যৰ কাৰখানাৰ পৰা নিৰ্গমনৰ তথ্য লুকুৱাই ৰাখিছে। একেদৰে এটা ফেশ্বন ব্ৰেণ্ডে হয়তো নিজৰ কাপোৰক ‘sustainable’ বুলি প্ৰচাৰ কৰিব পাৰে কিন্তু বাস্তৱত, কেৱল এটা বিশেষ লাইন বা সামগ্ৰীহে প্ৰকৃততে ‘sustainable’ কাপোৰৰ পৰা তৈয়াৰ কৰা হ’ব পাৰে আনহাতে বাকীবোৰে পৰিৱেশৰ ক্ষতিকাৰক হ’ব পাৰে।

কাৰ্বন অফছেটিং

কাৰ্বন অফছেটিং হৈছে নিজৰ কাৰ্বন নিৰ্গমনৰ ক্ষতিপূৰণ দিবলৈ আন এটা সত্তাক কাৰ্বন শোষণ কৰিবলৈ ধন দিয়াৰ প্ৰথা। গতিকে, যেতিয়া এটা কোম্পানীয়ে দাবী কৰে যে ই কাৰ্বন নিউট্ৰেল, তেতিয়া দাবীটোৰ ব্যৱহাৰিকতাৰ মাজেৰে চোৱাটো গুৰুত্বপূৰ্ণ কাৰণ উদাহৰণস্বৰূপে, প্লাষ্টিকৰ সামগ্ৰীৰ এটা ডাঙৰ নিৰ্মাতাই প্ৰকৃততে একে সময়তে কাৰ্বন নিউট্ৰেল হ’ব নোৱাৰে যদিহে, কাৰ্বন অফছেটিঙৰ জৰিয়তে, প্ৰস্তুতকাৰীয়ে নিজৰ কাৰ্বন নিৰ্গমনৰ ক্ষতিপূৰণ দিবলৈ কাৰ্বন শোষণ কৰিবলৈ আন এটা সত্তাক ধন দিছে।

ভুৱা প্ৰমাণপত্ৰ

কোম্পানীসমূহে প্ৰায়ে ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি দাবী কৰে যে তেওঁলোকৰ সামগ্ৰীয়ে ‘পৰিৱেশ অনুকূল’ বা ‘গ্ৰীণ’ বুলি অভিহিত কৰিবলৈ প্ৰয়োজনীয় মানদণ্ড পূৰণ কৰিছে। গ্ৰাহকে আই এছ অ’ৰ দৰে প্ৰমাণপত্ৰক বিশ্বাস কৰিব পাৰে কিন্তু ‘১০০% প্ৰাকৃতিক’ বা ‘১০০% সেউজীয়া’ৰ দৰে কিছুমান লেবেলক বিশ্বাস কৰাটো এটা স্মাৰ্ট কাম নহয়। এফ এছ চি আৰু ইকো-লেবেল হৈছে বিশ্বাস কৰিব পৰা আগশাৰীৰ পৰিৱেশ প্ৰমাণীকৰণৰ কিছুমান উদাহৰণ।

গ্ৰীণৱাছিং আৰু জলবায়ু পৰিৱৰ্তন

এই সন্ধিক্ষণত যেতিয়া বিশ্বই বৃদ্ধি পোৱা সেউজ গৃহ গেছৰ নিৰ্গমন ৰোধ কৰাৰ বাবে সময়ৰ বিৰুদ্ধে দৌৰ দিছে যাতে বিশ্বৰ উষ্ণতা ১.৫ ডিগ্ৰী চেলছিয়াছ বৃদ্ধিৰ ভিতৰত নিয়ন্ত্ৰণ কৰিব পৰা যায়, সেই সময়ত বৃহৎ উদ্যোগসমূহে কাৰ্বন নিৰ্গমন কৰাটো এটা প্ৰধান চিন্তাৰ বিষয় হৈ পৰিছে । পেৰিছ চুক্তিৰ ফলত বিশ্বৰ বেছিভাগ দেশেই সেউজ গৃহ গেছৰ নিৰ্গমন ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু ‘নেট-জিৰ’ নিৰ্গমন’ক লক্ষ্য কৰি লৈছে। বৃহৎ ব্যক্তিগত নিগমসমূহেও জলবায়ুৰ প্ৰতিশ্ৰুতি জাৰি কৰিছে। কিন্তু নিজৰ ব্যৱসায়ক প্ৰকৃততে পৰিৱেশ-বন্ধুত্বপূৰ্ণ কৰি তোলা আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ পৰিৱৰ্তে বহুতো শীৰ্ষ নিগমে নিজৰ ৰাজহুৱা ভাবমূৰ্তি উন্নত কৰাৰ বাবে ‘গ্ৰীণৱাছিং’ত লিপ্ত হৈছে।

শেহতীয়া ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে ব্যৱসায়, বিনিয়োগকাৰী, চহৰ আৰু অঞ্চলৰ দৰে অৰাষ্ট্ৰীয় সত্তাৰ নেট-শূন্য নিৰ্গমনৰ প্ৰতিশ্ৰুতিৰ ওপৰত এটা উচ্চস্তৰীয় বিশেষজ্ঞ গোট (এইচএলইজি) গঠন কৰি নেট-ৰ জবাবদিহিতা আৰু বিশ্বাসযোগ্যতা নিশ্চিত কৰিব বিচাৰিছে । ৰাষ্ট্ৰসংঘৰ মহাসচিবগৰাকীয়ে কয়, “স্লো মুভাৰ, ভুৱা মুভাৰ, বা কোনো ধৰণৰ গ্ৰীণৱাছিঙ আমি মানি লব নোৱাৰো।” ব্যক্তিগত খণ্ডৰ দ্বাৰা নেট-জিৰ’ প্ৰতিশ্ৰুতিৰ পটভূমিত, মূল্যায়ন আৰু জবাবদিহিতাৰ বাবে মানক মাপকাঠীৰ অনুপস্থিতিত এইচ এল ই জি স্থাপন কৰা হৈছিল।

শেহতীয়াকৈ কৰা এক অধ্যয়নৰ বাতৰি দ্য গাৰ্ডিয়ানে প্ৰকাশ কৰা অনুসৰি, বিশ্বৰ আগশাৰীৰ তেল কোম্পানীসমূহৰ জলবায়ুৰ দাবীসমূহ গ্ৰীণৱাছিংৰ বাহিৰে আন একো নহয়। এই ক্ষেত্ৰত আজিলৈকে আটাইতকৈ ব্যাপক বৈজ্ঞানিক বিশ্লেষণ হিচাপে গণ্য কৰা এই অধ্যয়নত দেখা গৈছে যে তেলৰ কোম্পানী বোৰৰ ক্ষেত্ৰত শব্দৰ সৈতে কাৰ্য্যৰ মিল নাথাকে। এই গৱেষণাত এক্সনমবিল, চেভ্ৰন, শ্বেল আৰু বিপিৰ ৰেকৰ্ড পৰীক্ষা কৰা হৈছিল। ২০২০ চনলৈকে ১২ বছৰতকৈ অধিক সময়ৰ তথ্য বিশ্লেষণ কৰাৰ পিছত গৱেষকসকলে এই সিদ্ধান্তত উপনীত হয় যে এই জীৱাশ্ম ইন্ধন কোম্পানীসমূহে কৰা দাবী তেওঁলোকৰ কাৰ্য্যৰ সৈতে মিল নাই।

ই এছ জি আৰু গ্ৰীণৱাশ্বিং

ই এছ জিৰ অৰ্থ হৈছে ‘পৰিৱেশ, সামাজিক আৰু শাসন’ । এই শব্দটো প্ৰথমবাৰৰ বাবে ২০০৪ চনত ৰাষ্ট্ৰসংঘৰ আমন্ত্ৰণত বিত্তীয় প্ৰতিষ্ঠানসমূহৰ যৌথ পদক্ষেপ ‘হু কেয়াৰছ উইন্স’ শীৰ্ষক প্ৰতিবেদনত ব্যৱহাৰ কৰা হৈছিল। তেতিয়াৰ পৰাই ই এছ জি আন্দোলন ৰাষ্ট্ৰসংঘই আৰম্ভ কৰা চি এছ আৰ পদক্ষেপৰ পৰা বিশ্বব্যাপী পৰিঘটনালৈ পৰিণত হৈছে। ই এছ জি হৈছে এটা সংস্থাৰ সৈতে সংযুক্ত কৰিবলৈ ডিজাইন কৰা এটা কাঠামো আৰু এটা সংস্থাৰ ই এছ জি স্ক’ৰ হৈছে পৰিৱেশ, সামাজিক আৰু শাসন (ই এছ জি)ৰ এক বিস্তৃত বিষয়ত ইয়াৰ কৰ্মক্ষমতাৰ সংখ্যাগত পৰিমাপ।

ই এনে এক কৌশল যিয়ে এনে কোম্পানীত বিনিয়োগ কৰাত সহায় কৰে যিয়ে তেওঁলোকৰ পৰিৱেশ, সামাজিক আৰু শাসন পদ্ধতিৰ স্বতন্ত্ৰ পদক্ষেপত উচ্চ স্ক’ৰ কৰে আৰু প্ৰজন্মৰ পিছত প্ৰজন্মক সামৰি লোৱা বিনিয়োগ পৰ্টফলিঅ’ৰ বাবে ই যথেষ্ট জনপ্ৰিয় হৈ পৰিছে।

কিন্তু, ই এছ জিৰ বাবে গ্ৰীণৱাছিং এটা ডাঙৰ সমস্যাত পৰিণত হৈছে কাৰণ অধ্যয়নে দেখুৱাইছে যে অধিক সংখ্যক ই এছ জিৰ পুঁজিয়ে এনে কোম্পানীসমূহক অন্তৰ্ভুক্ত কৰিছে যিবোৰে নিজৰ সামাজিক আৰু পৰিৱেশগত দায়িত্বত আন্তৰিকতাৰ পৰা বহু দূৰত।

ইকনমিষ্টৰ এক অধ্যয়নৰ মতে, ‘বিশ্বৰ ২০টা বৃহৎ ই এছ জি ফাণ্ডৰ জীৱাশ্ম ইন্ধন উৎপাদকত বিনিয়োগ আছে, আনহাতে আন কিছুমানৰ তেল উৎপাদক, কয়লা-খনন, জুৱা, মদ আৰু ধঁপাতৰ অংশীদাৰিত্ব আছে।’

গ্ৰীণৱাছিং আৰু ভাৰত

বৰ্তমান ভাৰতত গ্ৰীণৱাছিংৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ কোনো নিৰ্দিষ্ট আইন নাই। ভাৰতীয় বিজ্ঞাপন মানদণ্ড পৰিষদৰ মতে বিজ্ঞাপনসমূহ ‘আইনী, মান্য, সৎ আৰু সত্যবাদী’ হোৱাটো প্ৰয়োজনীয়, যিটো কেৱল আত্মনিয়ন্ত্ৰণৰ বাবে এক সংহিতাৰ বাহিৰে আন একো নহয় আৰু গ্ৰীণৱাছিংৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ফলপ্ৰসূ হোৱাৰ পৰা বহু দূৰত।

কিন্তু শেহতীয়াকৈ বজাৰ নিয়ন্ত্ৰক ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া (ছেবি)য়ে প্ৰকাশ কৰা এখন পেপাৰত গ্ৰীণৱাছিংৰ আশংকা কম কৰিবলৈ কঠোৰ পৰিৱেশ, সামাজিক আৰু শাসন (ই এছ জি) নিয়মৰ প্ৰস্তাৱ আগবঢ়াইছে। “চিকিউৰিটিজ বজাৰত এনে অনিয়ন্ত্ৰিত ই এছ জি ৰেটিং প্ৰদানকাৰীৰ ওপৰত বৃদ্ধি পোৱা নিৰ্ভৰশীলতাই বিনিয়োগকাৰী সুৰক্ষা, বজাৰৰ স্বচ্ছতা আৰু কাৰ্যক্ষমতা, বিপদৰ মূল্য নিৰ্ধাৰণ, আৰু মূলধনী আবণ্টন আদিৰ বাবে ইয়াৰ সম্ভাৱ্য বিপদৰ বিষয়ে উদ্বেগ সৃষ্টি কৰে,” ছেবিৰ পেপাৰখনত কোৱা হৈছে

‘ই এছ জি থিমৰ সৈতে মিউচুৱেল ফাণ্ড আঁচনিৰ বাবে প্ৰস্তাৱিত প্ৰকাশৰ নীতিসমূহে বিনিয়োগকাৰীসকলক অধিক জ্ঞাত সিদ্ধান্ত ল’বলৈ সক্ষম কৰিবলৈ স্বচ্ছতা প্ৰদান কৰিব,’ উদ্যোগ বিশেষজ্ঞসকলে কয়
লগতে, ২০২১ চনৰ মে’ মাহত প্ৰৱৰ্তন কৰা নতুন ছেবি নিয়ম অনুসৰি এতিয়া বজাৰ মূল্যৰ আকাৰ অনুসৰি শীৰ্ষ ১০০০ কোম্পানীয়ে ২০২২-২৩ চনৰ বিত্তীয় বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদনত বাধ্যতামূলক ব্যৱসায়িক দায়িত্ব আৰু বহনক্ষমতা প্ৰতিবেদন (বি আৰ এছ আৰ) অন্তৰ্ভুক্ত কৰিব লাগিব। ইয়াত এটা কোম্পানীৰ ই এছ জি লক্ষ্যসমূহৰ প্ৰকাশ আৰু যোগাযোগৰ লগতে সেইবোৰৰ দিশত এটা কোম্পানীৰ অগ্ৰগতিও অন্তৰ্ভুক্ত কৰা হৈছে। বিশেষজ্ঞসকলে অনুভৱ কৰে যে ইয়াৰ ফলত গ্ৰীণৱাছিংৰ ক্ৰমবৰ্ধমান ধাৰা নিৰুৎসাহিত হ’ব পাৰে।

Translated by: Manjori Borkotoky

Also, read this in English

,
Anuraag Baruah
Anuraag Baruah
Articles: 10