Physical Address

23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India

ভাৰতৰ নগৰীয়া অৰণ্যসমূহ জলবায়ু পৰিৱৰ্তনৰ বাবে সৰ্বাধিক প্ৰতিকুল পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে: অধ্যয়ন

বিশ্বব্যাপী এক অধ্যয়নত দেখা গৈছে যে নতুন দিল্লীৰ ৮৬% নগৰীয়া গছৰ প্ৰজাতি আৰু বেংগালুৰুৰ ৭০% নগৰীয়া গছৰ প্ৰজাতিয়ে বৰ্তমান উষ্ণতা সহনশীলতা অতিক্ৰম কৰিছে । নেচাৰ ক্লাইমেট চেঞ্জ নামৰ আলোচনীখনত প্ৰকাশিত গৱেষণাৰ জৰিয়তে ভৱিষ্যদ্বাণী কৰা হৈছে যে ভৱিষ্যতে এই অনুপাত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু ২০৫০ চনৰ ভিতৰত নতুন দিল্লীৰ সকলো প্ৰজাতিৰ (১০০%) গড় বাৰ্ষিক উষ্ণতা বৃদ্ধিৰ আশংকা থকা বুলি ভৱিষ্যদ্বাণী কৰা হৈছে, আনহাতে বেংগালুৰুত থকা গছৰ প্ৰজাতিৰ ৮৮% সংখ্যা বিপদত পৰিব পাৰে।

গৱেষকসকলে গ্ল’বেল আৰ্বান ট্ৰি ইনভেণ্টৰী নামৰ এটা ডাটাবেছ ব্যৱহাৰ কৰি বৰ্তমান বিশ্বৰ ১৬৪খন চহৰৰ ৩১২৯টা গছ-গছনি প্ৰজাতিৰ প্ৰতি থকা ভাবুকিৰ মূল্যায়ন কৰিছিল। তেওঁলোকে অধ্যয়নৰ অংশ হিচাপে আৰচিপি৬.০ নামৰ মধ্যমীয়া নিৰ্গমন পৰিস্থিতিৰ অধীনত জলবায়ুৰ সৈতে জড়িত তিনিটা মেট্ৰিক (এক্সপ’জাৰ, সুৰক্ষাৰ মাৰ্জিন আৰু বিপদ) ব্যৱহাৰ কৰিছিল আৰু দেখিছিল যে জলবায়ু পৰিৱৰ্তনে সমগ্ৰ বিশ্বৰ নগৰীয়া গছৰ স্বাস্থ্য আৰু অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ।

চি এফ চি ইণ্ডিয়াই এই অধ্যয়নৰ মুখ্য লেখক অষ্ট্ৰেলিয়াৰ ৱেষ্টাৰ্ণ ছিডনী বিশ্ববিদ্যালয়ৰ মেনুৱেল এস্পেৰন-ৰড্ৰিগেজৰ সৈতে যোগাযোগ কৰে। তেওঁ চি এফ চি ইণ্ডিয়ালৈ প্ৰেৰণ কৰা ইমেইলযোগে লিখিছে, “ভাৰতীয় চহৰসমূহৰ বাবে বৰ্তমান উষ্ণতা সহনশীলতা অতিক্ৰম কৰা প্ৰজাতিৰ অনুপাত অতি উচ্চ আৰু ভৱিষ্যতে, ২০৫০ চনৰ ভিতৰত এই অনুপাত বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । এই তথ্যসমূহে নগৰীয়া বনাঞ্চলসমূহৰ অস্তিত্ব আৰু স্থায়িত্ব সুৰক্ষিত কৰাৰ বাবে জলবায়ু জৰুৰীকালীন অৱস্থাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ দ্বাৰা ভাৰতীয় নাগৰিকসকলক প্ৰদান কৰা সুবিধাসমূহৰ ওপৰত আলোকপাত কৰে।”

বিপদত পৰা প্ৰজাতিসমূহ

এই বিশ্বব্যাপী অধ্যয়নত ভাৰতৰ দুখন চহৰ বেংগালুৰু আৰু নতুন দিল্লীক সামৰি লোৱা হৈছিল, য’ত মুঠ ৯৭ বিধ প্ৰজাতিৰ গছক সামৰি অধ্যয়ন চলোৱা হৈছিল । গৱেষকসকলে প্ৰকাশ কৰিছে যে নতুন দিল্লীৰ কিছুমান বিপদত পৰা প্ৰজাতি হ’ল পপলাৰ (Populus deltoides), মালবেৰী (Morus alba), পিচ (Prunus persica), ম’ৰপঙ্খী (Platycladus orientalis), ট্ৰাইফ’লিয়েট কমলা (Citrus trifoliata), অলিভ (Olea europaea)। ), আৰু ভূমধ্যসাগৰীয় চাইপ্ৰেছ (Cupressus sempervirens)। আনহাতে বেংগালুৰুৰ বিপদত পৰা প্ৰজাতিসমূহ হ’ল পেপাৰ মালবেৰী (Broussonetia papyrifera), ৰূপালী ওক (Grevillea robusta), ককস্পাৰ ক’ৰাল গছ (Erythrina crista-galli), ব্লু জাকাৰাণ্ডা (Jacaranda mimosifolia), আৰু অষ্ট্ৰেলিয়ান চেষ্টনাট (Castanospermum austral)।

জলবায়ু পৰিৱৰ্তন অতি দ্ৰুতগতিত হৈছে, চহৰসমূহে নিজকে খাপ খুৱাবলৈ অপ্ৰস্তুত

গৱেষকসকলে লক্ষ্য কৰিছে যে নিম্ন অক্ষাংশৰ চহৰসমূহত ভৱিষ্যতৰ জলবায়ু পৰিৱৰ্তনৰ সংস্পৰ্শলৈ অহাৰ সম্ভাৱনা কম
হোৱাৰ পিছতো উচ্চ অক্ষাংশৰ তুলনাত নিম্ন অক্ষাংশৰ চহৰসমূহত নগৰীয়া প্ৰজাতিৰ গছ অধিক অনুপাতত বিপদত পৰিছে, বিশেষকৈ উত্তৰ গোলাৰ্ধত, যিয়ে নিম্ন অক্ষাংশৰ চহৰত ৰোপণ কৰা প্ৰজাতি আৰু জলবায়ুৰ অৱস্থাৰ মাজত সম্ভাৱ্য মিল নথকাৰ কথা সূচায় ।

এস্পেৰন-ৰড্ৰিগেজৰ মতে বিশ্বৰ আন বহু চহৰৰ দৰেই ভাৰতৰ ক্ষেত্ৰতো ভাৰতৰ চহৰ বোৰত ৰোপণ কৰা প্ৰজাতি আৰু জলবায়ুৰ অৱস্থাৰ মাজত সম্ভাৱ্য মিল নাই।

এস্পেৰন-ৰড্ৰিগেজে কয়, “আমাৰ ফলাফলৰ পৰা অনুমান কৰিব পাৰি যে যোৱা ৩০ বছৰত জলবায়ু পৰিৱৰ্তন অতি দ্ৰুতগতিত হৈছে, আৰু চহৰসমূহে পৰিৱৰ্তিত জলবায়ুৰ পৰিস্থিতিৰ সৈতে প্ৰজাতি নিৰ্বাচনৰ সামঞ্জস্য স্থাপন কৰিবলৈ প্ৰস্তুত নহয় । আমি এই সম্ভাৱনা বিবেচনা কৰিব লাগিব যে দ্ৰুত জলবায়ু পৰিৱৰ্তনে নাৰ্চাৰীত উপযুক্ত প্ৰজাতিৰ উৎপাদন আৰু পৰিৱৰ্তিত স্থানীয় জলবায়ুৰ মাজত এক মাত্ৰাধিক বিৰতিৰ সৃষ্টি কৰিছে।”

গৱেষকগৰাকীয়ে এইটোও অনুভৱ কৰিছিল যে বৰ্তমান নগৰ পৰিকল্পনাৰ সময়ত প্ৰজাতি নিৰ্বাচন বহুলাংশে অতীত আৰু বৰ্তমানৰ জলবায়ুৰ ওপৰত ভিত্তি কৰি কৰা হয়, ভৱিষ্যতৰ জলবায়ু পৰিৱৰ্তনৰ হিচাপ নকৰাকৈ আৰু পৰিচালনাৰ বিবেচনাৰ ওপৰত ভিত্তি কৰি, আকাৰ বা নান্দনিকতাৰ দৰে বৈশিষ্ট্যক অগ্ৰাধিকাৰ দিয়া হয়।

ভাৰতীয় চহৰসমূহৰ বাবে আগুৱাই যোৱাৰ পথ

এস্পেৰন-ৰড্ৰিগেজে কয় যে ভৱিষ্যতে ৰোপণ কাৰ্যসূচীৰ ক্ষেত্ৰত ভাৰতৰ চহৰসমূহৰ বাবে এই অধ্যয়নে যথেষ্ট সহায় কৰিব পাৰে। ই জলবায়ু প্ৰতিৰোধী প্ৰজাতিৰ সৈতে জলবায়ু-অনুকূল নগৰীয়া অৰণ্য সৃষ্টি কৰাত কৰ্তৃপক্ষক সহায় কৰিব পাৰে আৰু প্ৰজাতিসমূহক প্ৰতিস্থাপনৰ বাবে ভাৰতীয় চহৰসমূহৰ মাজত তুলনা কৰিব পাৰি বুলি এস্পেৰন-ৰড্ৰিগেজে পৰামৰ্শ দিয়ে।

এস্পেৰন-ৰড্ৰিগেজে কয় যে, “দুৰ্বল আৰু স্থিতিস্থাপক প্ৰজাতি চিনাক্ত কৰি চৰকাৰে তেওঁলোকৰ নগৰীয়া অৰণ্যৰ ভৱিষ্যতৰ বিষয়ে ভাল সিদ্ধান্ত ল’ব পাৰে। “ভাৰতীয় চহৰসমূহত বৰ্তমান যি প্ৰজাতিসমূহে নিজৰ সুৰক্ষাৰ পৰিসৰ বহু বেছি অতিক্ৰম কৰিছে, সেইবোৰক ভৱিষ্যতৰ ৰোপণ কাৰ্যসূচীত অধিক স্থিতিস্থাপক প্ৰজাতিৰ সৈতে নিৰীক্ষণ আৰু সম্ভাৱ্য প্ৰতিস্থাপনৰ বাবে অগ্ৰাধিকাৰ দিয়া হ’ব পাৰে, আনহাতে কম বিপদজনক বুলি চিনাক্ত কৰা প্ৰজাতিসমূহে জলবায়ু-অনুকূল নগৰীয়া অৰণ্য সৃষ্টিৰ বাবে এক মূল্যৱান সম্পদ হব পাৰে।”

“আমাৰ অধ্যয়নে নগৰীয়া গছৰ প্ৰজাতিৰ জলবায়ু সহনশীলতাৰ বহল গৱেষণাভিত্তিক বৈশিষ্ট্য নিৰ্ণয়ৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কে দাঙি ধৰিছে । বিপদজনক প্ৰজাতিসমূহ গৰম আৰু খৰাং পৰিস্থিতিত বিশেষভাৱে ক্ষতিগ্ৰস্ত হয়নে? কম বিপদজনক প্ৰজাতিবোৰ চহৰৰ পৰিৱেশৰ পৰিসৰত ৰোপণৰ বাবে উপযোগী নেকি?” এছপেৰন-ৰড্ৰিগেজে আৰু কয়।

অধ্যয়নটোৰ মুখ্য লেখক এস্পেৰন-ৰড্ৰিগেজৰ মতে, এই প্ৰশ্নসমূহৰ উত্তৰ স্থানীয় পৰ্যায়ত জলবায়ুৰ বিপদ প্ৰশমনৰ বাবে জ্ঞাত পৰিকল্পনা সক্ষম কৰিবলৈ নগৰীয়া গছৰ স্বাস্থ্য নিৰীক্ষণ আৰু লিপিবদ্ধ কৰাৰ দুগুণ প্ৰচেষ্টাত নিহিত হৈ আছে।

গ্লোবেল ৰিজাল্ট

এস্পেৰন-ৰড্ৰিগেজ আৰু তেওঁৰ সহযোগীসকলে বিচাৰি উলিয়াইছে যে ৭৮খন দেশৰ ১৬৪খন চহৰৰ ৫৬% আৰু ৬৫% প্ৰজাতিয়ে বৰ্তমান ক্ৰমে নিজৰ ভৌগোলিক পৰিসৰত অনুভৱ কৰা উষ্ণতা আৰু বৰষুণৰ সহন ক্ষমতা অতিক্ৰম কৰিছে । ২০৫০ চনৰ ভিতৰত এই প্ৰজাতিসমূহৰ ৭৬% গড় উষ্ণতা বৃদ্ধিৰ ফলত আৰু ৭০% বৰষুণ হ্ৰাস পোৱাৰ ফলত বিপদত পৰিব বুলি গৱেষকসকলে সিদ্ধান্তত উপনীত হৈছে।

নতুন দিল্লী আৰু ছিংগাপুৰৰ দৰে নিম্ন অক্ষাংশৰ চহৰসমূহ আটাইতকৈ বেছি বিপদত পৰিছে য’ত সকলো নগৰীয়া গছৰ প্ৰজাতি জলবায়ু পৰিৱৰ্তনৰ বাবে সহন ক্ষমতা অতিক্ৰম কৰিছে । জলবায়ু পৰিৱৰ্তন লাঘৱ কৰিবলৈ সাধাৰণতে অৰ্থনৈতিক ভাৱে অক্ষম, বিষুৱৰেখাৰ কাষত থকা চহৰসমূহত, গড় জলবায়ু পৰিৱৰ্তনৰ আশংকা বৃদ্ধি পোৱাৰ প্ৰৱণতাও অধ্যয়নটোত দেখা গৈছে।

অধ্যয়নটোত এইটোও দেখা গৈছে যে বৰষুণৰ পৰিমাণ হ্ৰাস, উষ্ণতা বৃদ্ধি হোৱাৰ চহৰসমূহত আৰু এন ডি-গেইন স্ক’ৰ কম থকা দেশসমূহত, যেনে দক্ষিণ আফ্ৰিকাৰ প্ৰিট’ৰিয়া আৰু ভাৰতৰ নতুন দিল্লীত নগৰীয়া অৰণ্যৰ বাবে জলবায়ুৰ বিপদ অধিক। (ND-GAIN হৈছে জলবায়ু পৰিৱৰ্তনৰ প্ৰতি এখন দেশৰ দুৰ্বলতা আৰু স্থিতিস্থাপকতা শক্তিশালী কৰাৰ ক্ষমতাৰ সূচকাংক।)

অন্যান্য কাৰক

গৱেষকসকলে অনুভৱ কৰিছিল যে তেওঁলোকৰ অনুমান ৰক্ষণশীল কাৰণ এই অধ্যয়নত নগৰীয়া বৃদ্ধি আৰু নগৰীয়া ভূমি ব্যৱহাৰৰ প্ৰভাৱৰ কথা লক্ষ্য কৰা হোৱা নাই, যিয়ে চহৰসমূহক আৰু অধিক দ্ৰুতগতিত উষ্ণ কৰিব পাৰে। ইয়াৰ উপৰিও জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা বতৰৰ অধিক চৰমতা, কীট-পতংগ আৰু ৰোগৰ প্ৰভাৱ, বা ঠাইৰ দুৰ্বল অৱস্থা, আৰু অনুচিত প্ৰজাতি নিৰ্বাচনৰ দৰে মানৱীয় কাৰকৰ কথাও লক্ষ্য কৰা হোৱা নাই।

এস্পেৰন-ৰড্ৰিগেজে এইটোও স্পষ্ট কৰি দিয়ে যে ইয়াৰ অৰ্থ এইটো নহয় যে বিপদজনক বুলি চিনাক্ত কৰা প্ৰজাতিসমূহৰ মৃত্যুৰ সম্ভাৱনা আছে। বিপদত বুলি ক’লে তেওঁলোকে বুজাব বিচাৰিছে যে এই প্ৰজাতিবোৰে প্ৰতিকুল জলবায়ুৰ পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে যিয়ে ইহঁতৰ স্বাস্থ্য আৰু কৰ্মক্ষমতাত প্ৰভাৱ পেলাব পাৰে।

অধ্যয়নটোৰ মুখ্য লেখকে এইটোও কয় যে যথেষ্ট সংখ্যক বিপদজনক প্ৰজাতিৰ সন্ধানে ইংগিত দিয়ে যে ইহঁতক সহায় কৰা সম্ভাৱ্য আন কাৰকসমূহো আছে, য’ত জলসিঞ্চনৰ দৰে মানৱ ব্যৱস্থাপনা বা স্থানীয় অভিযোজনৰ দৰে জৈৱিক কাৰকসমূহো অন্তৰ্ভুক্ত হ’ব পাৰে।

Also, read this in English

Manjori Borkotoky
Manjori Borkotoky
Articles: 14