Physical Address
23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India
Physical Address
23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India
যদি আপুনি শেহতীয়াকৈ টুইটাৰ বা ফেচবুক বা আন ঠাইত ‘COP27’ শব্দটো দেখিছে আৰু ইয়াৰ বিষয়ে জানিব বিচাৰিছে, তেন্তে এই লেখাটো পঢ়ক!
‘COP’ নামৰ সংক্ষিপ্ত ৰূপটোৱে কি বুজায়?
COP মানে ‘Conference Of Parties’ আৰু ই ৰাষ্ট্ৰসংঘই আয়োজন কৰা বিশ্ব নেতাসকলৰ ‘জলবায়ু পৰিৱৰ্তন’ সম্পৰ্কীয় এক বাৰ্ষিক বৈঠকৰ নাম। ইয়াত প্ৰতিজন প্ৰতিনিধিয়ে এটা ‘Party’ক প্ৰতিনিধিত্ব কৰে সেয়েহে ইয়াক ‘Conference Of Parties’ বা COP বুলি কোৱা হয়। প্ৰায় তিনিটা দশক ধৰি পৃথিৱীৰ প্ৰায় প্ৰতিখন দেশেই এই বিশ্ব জলবায়ু শীৰ্ষ সন্মিলনৰ বাবে একত্ৰিত হৈছে।
চিঅ’পিৰ কাম কি?
চিঅ’পি হৈছে এই চুক্তিৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা। চিঅ’পিৰ মূল কাম হৈছে পক্ষ বা দেশসমূহে দাখিল কৰা ৰাষ্ট্ৰীয় নিৰ্গমন তথ্যসমূহৰ পৰ্যালোচনা কৰা। এই তথ্যৰ সহায়ত চিঅ’পিয়ে পক্ষসমূহে ঘোষণা কৰা আৰু গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ফলপ্ৰসূতা আৰু চুক্তিখনৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ মূল্যায়ন কৰে।
ক’ত অনুষ্ঠিত হয়?
১৯৯৫ চনৰ মাৰ্চ মাহত জাৰ্মানীৰ বাৰ্লিনত প্ৰথমখন চিঅ’পিৰ বৈঠক অনুষ্ঠিত হয়।যদিহে কোনো পক্ষই অধিবেশন আয়োজন কৰাৰ প্ৰস্তাৱ নিদিয়ে, তেন্তে চিঅ’পিৰ বৈঠকসমূহ জাৰ্মানীৰ ‘বন’ নামৰ ঠাইত অনুষ্ঠিত হয় য’ত সচিবালয়ৰ মুখ্য কাৰ্যালয়ো আছে।
চিঅ’পিৰ সভাপতিত্ব ৰাষ্ট্ৰসংঘৰ স্বীকৃতিপ্ৰাপ্ত পাঁচটা অঞ্চল – আফ্ৰিকা, এছিয়া, লেটিন আমেৰিকা আৰু কেৰিবিয়ান, মধ্য আৰু পূব ইউৰোপ আৰু পশ্চিম ইউৰোপ আৰু অন্যান্যৰ মাজত ঘূৰি থাকে। সাধাৰণতে চিঅ’পিৰ স্থানো এই গোটসমূহৰ মাজত স্থানান্তৰিত হয়।
‘COP27’ত ‘27’ কি?
এইবাৰ UNFCCCৰ প্ৰতিনিধি সমূহৰ সন্মিলনৰ বা COP মানে ‘Conference Of Parties’ৰ ২৭ সংখ্যক অধিবেশন হ’ব। এই সন্মিলন ইজিপ্তৰ শ্বাৰম এল শ্বেখত ২০২২ চনৰ ৬ পৰা ১৮ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব।
COP27 প্ৰথমে ২০২১ চনৰ ৮-২০ নৱেম্বৰলৈ হোৱাৰ পৰিকল্পনা আছিল। ক’ভিড-১৯ মহামাৰীৰ বাবে ২০২০ চনৰ নৱেম্বৰৰ পৰা ২০২১ চনৰ নৱেম্বৰলৈ COP26 পিছুৱাই দিবলগীয়া হৈছিল। সেয়েহে COP27, ২০২২ চনৰ ৭-১৮ নৱেম্বৰলৈ হ’ব।
UNFCCC কি?
UNFCCC ৰ অৰ্থ হ’ল জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ কাঠামো চুক্তি। ১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন সন্মিলনত স্বাক্ষৰ কৰা ই এক আন্তঃৰাষ্ট্ৰীয় চুক্তি। UNFCCC হৈছে এক প্ৰকাৰৰ মৌলিক জলবায়ু চুক্তি যিয়ে পৰৱৰ্তী বেছিভাগ আন্তঃৰাষ্ট্ৰীয় জলবায়ু চুক্তিৰ বাবে মঞ্চ প্ৰদান কৰিছে। ই কিয়’ট’ প্ৰট’কল আৰু পেৰিছ চুক্তি দুয়োটাৰে জন্ম দিছে। ১৯৯৪ চনৰ ২১ মাৰ্চৰ পৰা বলবৎ হোৱা ইউএনএফচিচিচিৰ প্ৰতি বছৰে সদস্য দেশৰ সংখ্যা বৃদ্ধি পাইছে আৰু এতিয়ালৈ বিশ্বৰ ১৯৫ খন দেশ ইয়াৰ প্ৰতিনিধি হৈ পৰিছে।
COP27 – আপডেট কৰা এনডিচিৰ সৈতে প্ৰথম বছৰ
COP27 হ’ব প্ৰথম বছৰ য’ত দেশসমূহে নতুন বা আপডেট কৰা ৰাষ্ট্ৰীয় নিৰ্ধাৰিত অৱদান (এনডিচি) লৈ আহিব। এনডিচিসমূহ হৈছে এনে পদক্ষেপ যিবোৰ প্ৰতিখন দেশে নিৰ্গমনৰ লক্ষ্য পূৰণৰ বাবে গ্ৰহণ কৰিব বুলি ঘোষণা কৰে। COP27 হ’ব প্ৰথম বছৰ য’ত নতুন পদক্ষেপসমূহ ঘোষণা কৰা হ’ব।
ইয়াৰ পূৰ্বে ২০২১ চনৰ নৱেম্বৰ মাহত গ্লাছগো জলবায়ু চুক্তিৰ সময়ত দেশসমূহক ২০২২ চনত নিজৰ এনডিচিসমূহত থকা লক্ষ্যসমূহ পুনৰ বিবেচনা আৰু শক্তিশালী কৰিবলৈ কোৱা হৈছিল ।
COP27 ৰ সভাপতি-নিযুক্ত ছামেহ শ্বৌক্ৰিয়ে আশা প্ৰকাশ কৰে যে এইবাৰ সন্মিলনত জলবায়ু ফাইনেন্স আৰু প্ৰশমনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
COP27ত ভাৰত
ভাৰত চৰকাৰে শেহতীয়াকৈ COP27ৰ ঠিক আগতেই নিজৰ আপডেট কৰা এনডিচিৰ অনুমোদন জনাইছে আৰু ৰাষ্ট্ৰসংঘৰ সন্মুখত দাখিল কৰিছে। ভাৰতে ২০০৫ চনৰ স্তৰৰ পৰা ২০৩০ চনৰ ভিতৰত নিজৰ জিডিপিৰ নিৰ্গমনৰ তীব্ৰতা ৪৫ শতাংশ হ্ৰাস কৰাৰ লগতে অ-জীৱাশ্ম ইন্ধন ভিত্তিক শক্তিৰ পৰা প্ৰায় ৫০ শতাংশ সঞ্চিত বৈদ্যুতিক শক্তি স্থাপন ক্ষমতা লাভ কৰাৰ প্ৰতিশ্ৰুতি দিছে।
জলবায়ু পৰিৱৰ্তনত জীৱনশৈলীৰ ডাঙৰ ভূমিকা আছে বুলি সেই বিশ্বাসক প্ৰচাৰ কৰি COP27ত ভাৰতৰ পেভিলিয়নৰ বিষয়বস্তু হিচাপে ‘LiFE – Lifestyle for the Environment’ক আগবঢ়াই নিয়াৰ সিদ্ধান্ত লোৱা হৈছে।
যোৱা বছৰ গ্লাছগোত অনুষ্ঠিত হোৱা COP26 ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ববাসীক আগবঢ়োৱা প্ৰস্তাৱৰ সৈতে ই সামঞ্জস্যপূৰ্ণ। পৰৱৰ্তী সময়ত ২০২২ চনৰ ৫ জুনত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে লাইফ আন্দোলন নামৰ এক বিশ্বব্যাপী অভিযান আৰম্ভ কৰা হয়।
COP27ৰ বাবে ভাৰতে নীতি নিৰ্ধাৰণ কৰা আন কিছুমান বিষয়ৰ ভিতৰত আছে ‘কম কাৰ্বন নিৰ্গমনৰ দিশত স্বচ্ছ শক্তিৰ ব্যৱহাৰৰ বাবে ভাৰতৰ পদক্ষেপ; গোলকীয় নেট শূন্য আৰু ১.৫ ডিগ্ৰী চেলছিয়াছৰ লক্ষ্যক জীয়াই ৰখাৰ বাবে ইয়াৰ ভূমিকা বুজি পোৱা; ৩৩টা আন বিষয়ৰ ভিতৰত পানী খণ্ডত স্বচ্ছ-প্ৰযুক্তিৰ উদ্ভাৱন, ই-গতিশীলতা আৰু অভিযোজন।’
COP26 আৰু গ্লাছগো জলবায়ু চুক্তি
২০২১ চনৰ নৱেম্বৰ মাহত গ্লাছগোত অনুষ্ঠিত COP26ত জলবায়ুৰ সৈতে জড়িত কেইবাটাও নতুন ঘোষণা কৰা হয়। পেৰিছ চুক্তিত স্বাক্ষৰ কৰা সকলো দেশে চুক্তিবদ্ধ হোৱা গ্লাছগো জলবায়ু চুক্তি হৈছে COP26 ৰ আনুষ্ঠানিক চুক্তি। চুক্তিখনত পক্ষসমূহক ২০৩০ চনৰ নিৰ্গমন হ্ৰাসৰ লক্ষ্য বা এনডিচিসমূহ পুনৰ বিবেচনা কৰি শক্তিশালী কৰিবলৈ অনুৰোধ কৰা হৈছিল। গ্লাছগো জলবায়ু চুক্তিখনে দেশসমূহক নেট-জিৰ’ নিৰ্গমনৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ আৰু সেইয়া লাভ কৰিবলৈ বাস্তৱসন্মত পৰিৱৰ্তন কৌশল ৰচনা কৰিবলৈ আৰু সেই কৌশলৰ সৈতে তেওঁলোকৰ এনডিচিসমূহক একাত্ম কৰিবলৈ আহ্বান জনায়।
COP21 আৰু পেৰিছ চুক্তি
২০১৫ চনত পেৰিছত অনুষ্ঠিত হোৱা চিঅ’পি২১ চিঅ’পিৰ ক্ষেত্ৰত এক লেণ্ডমাৰ্ক। এই চিঅ’পিত প্ৰথমবাৰৰ বাবে প্ৰতিখন দেশে একেলগে কাম কৰি গোলকীয় উষ্ণতা বৃদ্ধি, ১.৫ ডিগ্ৰীৰ লক্ষ্য ৰাখি, ২ ডিগ্ৰীৰ তললৈ সীমিত কৰিবলৈ, জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰভাৱৰ সৈতে খাপ খুৱাবলৈ সন্মত হয়। তেতিয়াই ঐতিহাসিক পেৰিছ চুক্তিৰ জন্ম হৈছিল, যি জলবায়ু পৰিৱৰ্তনৰ ওপৰত এক আইনগতভাৱে বাধ্যতামূলক আন্তঃৰাষ্ট্ৰীয় চুক্তি। ২০১৫ চনৰ ১২ ডিচেম্বৰত পেৰিছত অনুষ্ঠিত হোৱা COP21 ত ১৯৬টা পক্ষই ইয়াক গ্ৰহণ কৰে।
দেশ সমূহে এই কথাত সহমতত উপনীত হ’ল যে ১.৫ ডিগ্ৰীৰ লক্ষ্য নিৰ্ধাৰণৰ প্ৰতিশ্ৰুতি গুৰুত্বপূৰ্ণ কাৰণ উষ্ণতাৰ এটা ডিগ্ৰীৰ বৃদ্ধিয়ে আৰু বহু লোকৰ জীৱন আৰু জীৱিকাৰ ক্ষতি কৰিব। পেৰিছ চুক্তিৰ অধীনত দেশসমূহে নিজৰ নিৰ্গমন হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় পৰিকল্পনা আগবঢ়াই নিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয় যিবোৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান বা এনডিচি নামেৰে জনাজাত হ’ল।
Translated By: Manjori Borkotoky
Also, Read this article in English
Comments are closed.
[…] Also, Read this article in Assamese […]
[…] Read this article in Assamese | […]