Physical Address

23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India

২০৬০ চনৰ ভিতৰত জলবায়ু পৰিৱৰ্তনে উত্তৰ ভাৰতত পানীৰ উপলব্ধতাৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিব পাৰে

দেশৰ সৰ্বাধিক জনবহুল অঞ্চল উত্তৰ ভাৰতত জলবায়ু পৰিৱৰ্তনে পানীৰ উপলব্ধতাৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। তিব্বতৰ মালভূমিত পানী সংৰক্ষণৰ ওপৰত আজিলৈকে হোৱা আটাইতকৈ ব্যাপক অধ্যয়ন হিচাপে গণ্য কৰা শেহতীয়া এক অধ্যয়ন অনুসৰি, উত্তৰ ভাৰত আৰু ইয়াৰ কাষৰীয়া এছিয়াৰ অঞ্চলসমূহে, দুৰ্বল জলবায়ু নীতিৰ পৰিস্থিতিৰ অধীনত, জলবায়ু পৰিৱৰ্তনৰ বাবে ২০৬০ চনৰ ভিতৰত এক বৃহৎ ‘অপ্ৰত্যাৱৰ্তনীয় পানীৰ নাটনি’ৰ সন্মুখীন হ’ব।

‘Nature Climate Change’ নামৰ আলোচনীখনত প্ৰকাশিত ‘জলবায়ু পৰিৱৰ্তনে তিব্বতী মালভূমিৰ ওপৰত স্থলজ পানীৰ সংৰক্ষণৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে’ শীৰ্ষক অধ্যয়নত প্ৰকাশ কৰা হৈছে যে জলবায়ু সম্পৰ্কীয় দুৰ্বল নীতিৰ পৰিস্থিতিত, জলবায়ু পৰিৱৰ্তনে অঞ্চলটোত পানীৰ অপ্ৰত্যাৱৰ্তনীয় অভাৱৰ সৃষ্টি কৰিব। পেন ষ্টেট, চিংহুয়া বিশ্ববিদ্যালয় আৰু অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলৰ নেতৃত্বত কৰা গৱেষণাত দেখা গৈছে যে ২০৬০ চনৰ ভিতৰত মধ্য এছিয়া, আফগানিস্তান, উত্তৰ ভাৰত, কাশ্মীৰ আৰু পাকিস্তানৰ বাবে পানী যোগানৰ ক্ষেত্ৰত ভয়াৱহ ভাবুকিৰ সৃষ্টি হব পাৰে ।

অধ্যয়নটোৰ মতে, মধ্য এছিয়া আৰু আফগানিস্তানত পানী যোগান ব্যৱস্থাৰ সম্পূৰ্ণ পতন হ’ব পাৰে আনহাতে উত্তৰ ভাৰত আৰু পাকিস্তানত শতিকাৰ মাজভাগলৈকে পানী যোগান ব্যৱস্থাৰ প্ৰায় সম্পূৰ্ণ পতন হ’ব পাৰে।

এই অধ্যয়নৰ অন্যতম সহ-লেখক আমেৰিকাৰ পেন ষ্টেটৰ বায়ুমণ্ডল বিজ্ঞানৰ বিশিষ্ট অধ্যাপক মাইকেল মানে কয় যে, “পূৰ্বাভাস ভাল নহয়। ‘সচৰাচৰৰ দৰে’ পৰিস্থিতিত, যদি আমি আগন্তুক দশকবোৰত জীৱাশ্ম ইন্ধন জ্বলোৱাটো অৰ্থপূৰ্ণভাৱে হ্ৰাস কৰিব নোৱাৰো, তিব্বতী মালভূমিৰ তলৰ অঞ্চলসমূহলৈ পানীৰ উপলব্ধতাৰ প্ৰায় পতন – অৰ্থাৎ প্ৰায় ১০০ শতাংশ হ্ৰাস – হ’ব। ”

তিব্বতী মালভূমি

তলৰ ফালে বাস কৰা প্ৰায় ২ বিলিয়ন লোকে পানীৰ বাবে এছিয়াৰ ‘পানীৰ টাৱাৰ’ হিচাপে জনপ্ৰিয়ভাৱে পৰিচিত ‘দ্য তিব্বতী মালভূমি’ৰ ওপৰত নিৰ্ভৰশীল। ইয়াক কেতিয়াবা ‘তৃতীয় মেৰু’ বুলিও কোৱা হয় কাৰণ, দুটা মেৰুৰ পিছত, ই হিমায়িত ৰূপত পানীৰ একক বৃহত্তম বিশ্বব্যাপী ভঁৰাল। ইয়াত আশে-পাশে থকা অঞ্চলসমূহৰ বেছিভাগ নৈ আৰু নদীৰ অৱবাহিকাৰ পানীৰ উৎপত্তি স্থল আছে। গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে অঞ্চলটোত দ্ৰুত গলনাংক দেখা দিয়াৰ বাতৰি এতিয়া প্ৰকাশ পাইছে। যিহেতু এই হিমায়িত পানীৰ মজুতবোৰে সাগৰলৈ নামি যাব ধৰিছে, সেয়েহে সাগৰৰ জলপৃষ্ঠ বৃদ্ধিতো ইয়াৰ অৰিহণা আছে ।

তিব্বতী মালভূমিৰ ওপৰত হ্ৰদ, হিমবাহ আৰু প্ৰধান নদী অৱবাহিকা। উৎস: https://doi.org/10.1038/s41558-022-01443-0

ওপৰত উল্লেখ কৰা অধ্যয়নৰ সৈতে জড়িত গৱেষকসকলে কয় যে যদিও এই অঞ্চলটোক জলবায়ু পৰিৱৰ্তনৰ হটস্পট হিচাপে বহুদিন ধৰি গণ্য কৰা হৈছে, তিব্বতৰ মালভূমিৰ স্থলজ পানী সংৰক্ষণ (terrestrial water storage – TWS)ৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ বিষয়ে সঠিকভাৱে অন্বেষণ কৰা হোৱা নাই ।

চাইন্সডাইৰেক্টৰ মতে, “স্থলজ পানী সংৰক্ষণক ভূমি পৃষ্ঠত আৰু ভূ-পৃষ্ঠত থকা সকলো পানীৰ যোগফল হিচাপে সংজ্ঞায়িত কৰিব পাৰি। ইয়াৰ ভিতৰত আছে পৃষ্ঠৰ মাটিৰ আৰ্দ্ৰতা, শিপা অঞ্চলৰ মাটিৰ আৰ্দ্ৰতা, ভূগৰ্ভস্থ পানী, বৰফ, গছ-গছনিত জমা হোৱা পানী, নদী আৰু হ্ৰদৰ পানী।”

চীনৰ চিংহুয়া বিশ্ববিদ্যালয়ৰ হাইড্ৰ’লজিকেল ইঞ্জিনিয়াৰিঙৰ সহযোগী অধ্যাপক ডি লঙে কয় যে, “তিব্বতী মালভূমিয়ে প্ৰায় ২ বিলিয়ন লোকৰ বাবে পানীৰ যোগান ধৰে আৰু ই জলবায়ু পৰিৱৰ্তনৰ প্ৰতি অতি সংবেদনশীল।”

প্ৰক্ৰিয়া

গৱেষকৰ দলটোৱে হিমবাহ, হ্ৰদ আৰু মাটিৰ তলৰ উৎসত থকা পানীৰ ভৰৰ উপগ্ৰহ ভিত্তিক আৰু ভূমিভিত্তিক জোখ-মাখ ব্যৱহাৰ কৰি মেচিন লাৰ্নিং কৌশলৰ সৈতে সংযুক্ত কৰি বিগত দুটা দশকত পানী আৰু বৰফৰ ভৰৰ নেট পৰিৱৰ্তন নিৰ্ণয় কৰিছিল আৰু লগতে অহা চাৰিটা দশকত বায়ুৰ উষ্ণতা বৃদ্ধি আৰু ডাৱৰৰ আৱৰণ হ্ৰাসৰ দৰে পৰিস্থিতিৰ অধীনত প্ৰক্ষেপণ কৰিছিল।

উল্লেখযোগ্য কথাটো হ’ল এইটো যে গৱেষকসকলে পূৰ্বৰ অধ্যয়নৰ তুলনাত উপগ্ৰহভিত্তিক আৰু স্থলভিত্তিক পদ্ধতিৰ মাজত সামঞ্জস্যতা স্থাপন কৰাত সফল হৈছিল যিয়ে এই কথাটোকে আঙুলিয়াই দিয়ে যে এই অধ্যয়নত পোৱা তথ্যসমূহ অধিক বিশ্বাসযোগ্য।

তথ্যসমূহ

অধ্যয়নটোত দেখা গৈছে যে জলবায়ু পৰিৱৰ্তনে পানীৰ স্তৰ যথেষ্ট হ্ৰাস কৰাত অৰিহণা যোগাইছে । ২০০২-২০১৭ চনৰ সময়ছোৱাত, তিব্বতী মালভূমিৰ কিছুমান অঞ্চলত টি ডব্লিউ এছ (১৫.৮ গিগাটন/বছৰ) হ্ৰাস আৰু আন কিছুমান অঞ্চলত টি ডব্লিউ এছ বৃদ্ধি (৫.৬ গিগাটন/বছৰ) পাইছিল যি শেষতগৈ সৰ্বমুঠ ১০.২ গিগাটন/বছৰকৈ হ্ৰাস পাইছিল বুলি গণনা কৰি পোৱা গৈছে।

স্থলজ পানী সংৰক্ষণৰ অস্বাভাৱিকতা পৰ্যবেক্ষণ আৰু প্ৰক্ষেপণ। উৎস: https://doi.org/10.1038/s41558-022-01443-0

অধ্যয়নটোৱে আৰু প্ৰকাশ কৰিছে যে, কাৰ্বন নিৰ্গমন মধ্যমীয়া মাত্ৰাত ৰাখিলে, তিব্বতী মালভূমিত, একবিংশ শতিকাৰ আৰম্ভণিৰ ভিত্তিৰেখাৰ তুলনাত, একবিংশ শতিকাৰ মাজভাগলৈকে প্ৰায় ২৩০ গিগাটন পানীৰ নিকা ক্ষতি হ’ব পাৰে। প্ৰক্ষেপণসমূহৰ মতে ইয়াৰ ফলত উত্তৰ ভাৰতক পানী যোগান ধৰা সিন্ধু অৱবাহিকাত পানী যোগানৰ ক্ষমতা ৭৯% হ্ৰাস হ’ব।

লঙে কয়, “আমাৰ অধ্যয়নে জলবিজ্ঞান প্ৰক্ৰিয়ায়ে প্ৰভাৱিত কৰা, এক বৃহৎ এছিয়াৰ জনসংখ্যাক সেৱা আগবঢ়োৱা, উচ্চ পাহাৰীয়া ঠাইত পানী যোগানৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে। যোৱা কিছু দশক আৰু ভৱিষ্যতে ২০৬০ চনৰ ভিতৰত জলবায়ু পৰিৱৰ্তন আৰু টি ডব্লিউ এছৰ মাজৰ পাৰস্পৰিক ক্ৰিয়া-প্ৰতিক্ৰিয়াসমূহ পৰীক্ষা কৰি এই অধ্যয়নে ভৱিষ্যতৰ গৱেষণা আৰু চৰকাৰ আৰু প্ৰতিষ্ঠানসমূহৰ দ্বাৰা উন্নত অভিযোজন কৌশলৰ পৰিচালনাক পথ প্ৰদৰ্শক হিচাপে কাম কৰিব।”

প্ৰশমন

বিশেষজ্ঞসকলে কৈছে যে অহা দশকবোৰত কঠোৰ জলবায়ু নীতিৰ দ্বাৰা কাৰ্বন নিৰ্গমন যথেষ্ট হ্ৰাস হোৱাটো নিশ্চিত কৰাৰ উপৰিও তীব্ৰ জল সংকটৰ মোকাবিলা কৰিবলৈ ভূগৰ্ভস্থ পানী নিষ্কাশন প্ৰক্ৰিয়া আৰু পানী হস্তান্তৰ প্ৰকল্পৰ দৰে বিকল্প পানী যোগানৰ উৎস গ্ৰহণ কৰাটো প্ৰয়োজনীয় ।

মানে লগতে কয়, “অহা দশকত কাৰ্বন নিৰ্গমন যথেষ্ট হ্ৰাস পালে…অতিৰিক্ত উষ্ণতা আৰু ইয়াৰ লগত জড়িত জলবায়ু পৰিৱৰ্তন সীমিত হব পাৰে যি তিব্বতৰ মালভূমিৰ পানীৰ টাৱাৰসমূহৰ পতন ৰোধিব পাৰে । কিন্তু আনকি এক উত্তম পৰিস্থিতিতো, কিছু পতন সম্ভৱতঃ অনিবাৰ্য, যাৰ বাবে বিশ্বৰ এই দুৰ্বল, অতি জনবসতিপূৰ্ণ অঞ্চলটোত হ্ৰাস পোৱা জলসম্পদৰ সৈতে খাপ খোৱা জীৱনশৈলীৰ প্ৰয়োজন আহি পৰিব।

Anuraag Baruah
Anuraag Baruah
Articles: 10