Physical Address
23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India
Physical Address
23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India
‘এল নিনো’ৰ স্পেনিছ ভাষাত অৰ্থ হ’ল “সৰু ল’ৰা” বা “ক্ৰাইষ্ট চাইল্ড”। NOAৰ মতে, ১৬০০ চনত দক্ষিণ আমেৰিকাৰ মাছমৰীয়াসকলে প্ৰথমবাৰৰ বাবে প্ৰশান্ত মহাসাগৰত পানীৰ অস্বাভাৱিক উষ্ণতা লক্ষ্য কৰাৰ পাছত এই নামটোৰ জন্ম হৈছিল। তেতিয়া ব্যৱহাৰ কৰা সম্পূৰ্ণ নামটো আছিল ‘এল নিনো দে নাভিডাড’ কাৰণ এল নিনো সাধাৰণতে ডিচেম্বৰ মাহৰ আশে-পাশে পূৰ্ণ পর্যাইত উপনীত হয়।
নেচনেল জিঅ’গ্ৰাফিক ৱেবছাইটত কোৱা হৈছে, “এল নিনো হৈছে এক জলবায়ু অৱস্থা যিয়ে পূব গ্রীষ্মমণ্ডলীয় প্রশান্ত মহাসাগৰৰ পৃষ্ঠীয় পানীৰ অস্বাভাৱিক উষ্ণতা সূচায়। এল নিনো হৈছে এল নিনো-দক্ষিণ দোলন (ENSO) নামৰ এটা বৃহত্তৰ পৰিঘটনাৰ “উষ্ণ পৰ্যায়”।”
ENSO (এল নিনো আৰু দক্ষিণ দোলন) হৈছে সাগৰ-বায়ুমণ্ডলৰ সংযুক্ত পৰিঘটনা যাৰ বৈশিষ্ট্য হৈছে বিষুৱীয় প্ৰশান্ত মহাসাগৰৰ ওপৰেৰে সাগৰৰ পৃষ্ঠৰ উষ্ণতাৰ (SST) লগতে বায়ুৰ চাপৰ সময়ে সময়ে উঠা-নমা।
ENSOৰ তিনিটা পৰ্যায় আছে:
(i) এল নিনো হৈছে ENSOৰ উষ্ণ পৰ্যায় যি মধ্য আৰু পূব গ্রীষ্মমণ্ডলীয় প্রশান্ত মহাসাগৰৰ পানী স্বাভাৱিকতকৈ অধিক SSTৰ বাবে গৰম হলে ঘটে বুলি কোৱা হয় ।
(ii) লা নীনা হৈছে ENSOৰ শীতল পৰ্যায় যি মধ্য আৰু পূব গ্রীষ্মমণ্ডলীয় প্রশান্ত মহাসাগৰৰ পানী স্বাভাৱিকতকৈ কম SSTৰ বাবে ঠাণ্ডা হলে ঘটে ।
(iii) নিৰপেক্ষ: ENSOৰ নিৰপেক্ষ অৱস্থাৰ সময়ত গ্রীষ্মমণ্ডলীয় প্রশান্ত মহাসাগৰৰ পানীয়ে প্ৰায় গড় SST বজাই ৰাখে।
ENSOৰ সময়ে সময়ে ২ৰ পৰা ৭ বছৰৰ ব্যৱধানত আবিৰ্ভাৱ হয় আৰু এল নিনো আৰু লা নিনাই সাগৰৰ উষ্ণতাৰ যথেষ্ট বৃদ্ধি আৰু হ্ৰাসৰ সৃষ্টি কৰে আৰু ইয়াৰ ফলত বায়ুমণ্ডলীয় চাপৰ উঠা-নমাৰ সূচনা কৰে আৰু এইদৰে সমগ্ৰ ক্ৰান্তীয় অঞ্চলত বতাহ আৰু বৰষুণৰ ধৰণত প্ৰভাৱ পেলায় আৰু প্ৰায় সমগ্ৰ বিশ্বৰ জলবায়ু আৰু বতৰৰ ওপৰত প্ৰভাৱ পেলায়। অৰ্থাৎ বিশ্ব জলবায়ু পৰিসঞ্চালনত প্ৰভাৱ পেলাই ENSO চক্ৰসমূহে মানৱ সমাজৰ শাৰীৰিক, পৰিৱেশ আৰু আৰ্থ-সামাজিক দিশত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰে।
বিশ্বৰ উষ্ণতাৰ ওপৰত প্ৰভাৱ
বিশ্বৰ উষ্ণতাৰ ওপৰত ENSOৰ নিয়ন্ত্ৰণৰ বিষয়ে ভালদৰে নথিভুক্ত কৰা হৈছে। বিশ্বৰ বায়ুৰ উষ্ণতাৰ ঐতিহাসিক তাৰতম্যই স্পষ্টভাৱে ইংগিত দিয়ে যে অধিক উষ্ণ বছৰবোৰ এল নিনোৰ সৈতে মিল খায় আৰু তুলনামূলকভাৱে কম উষ্ণ বছৰবোৰ লা নিনাৰ সৈতে জড়িত। এতিয়ালৈকে ২০১৬ চনটো ১৮৮০-২০২২ চনৰ সময়ছোৱাত (যোৱা ১৪৩ বছৰ) আটাইতকৈ উষ্ণ বছৰ হিচাপে লিপিবদ্ধ কৰা হৈছে যেতিয়া বিশ্বৰ গড় উষ্ণতা ১৮৫০-১৯০০ চনৰ ভিতৰত বজাই ৰখা দীৰ্ঘম্যাদী গড়তকৈ প্ৰায় ১ ডিগ্ৰী চেলছিয়াছ পৰিমাণে বেছি আছিল।
জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ
নেচাৰত প্ৰকাশিত এক অধ্যয়ন অনুসৰি ২০৩০ চনৰ ভিতৰত জলবায়ু পৰিৱৰ্তনে এল নিনো-লা নিনাৰ বতৰৰ ওপৰত যথেষ্ট প্ৰভাৱ দেখা যাব আৰু ই পূৰ্বে ভৱিষ্যদ্বাণী কৰাতকৈ এদশক আগতে হ’ব যাৰ ফলত জলবায়ুত অধিক বিঘিনি ঘটিব পাৰে। অধ্যয়নটোত দেখা গৈছে যে ENSOৰ পৰিসৰ বিশ্বৰ জলবায়ুক প্ৰভাৱিত কৰিব পৰাকৈ যথেষ্ট উল্লেখযোগ্য।
ভাৰতীয় প্ৰসংগ
ভাৰতত ২০১৬ চনটো ১৯৮১-২০১০ চনৰ এল পি এৰ তুলনাত ০.৭১ ডিগ্ৰী চেলছিয়াছৰ গড় হিচাপত অভিলেখৰ আটাইতকৈ উষ্ণ বছৰ হৈয়েই আছে। ২০১৫-২০১৬ চনৰ ভিতৰত শক্তিশালী এল নিনোৰ বাবেই এনে হৈছিল।
ভাৰতীয় গ্ৰীষ্মকালীন বাৰিষাৰ সৈতে ENSOৰ পৰিঘটনাৰ সম্পৰ্ক সম্পৰ্কে বৈজ্ঞানিক প্ৰমাণ প্ৰচুৰ পৰিমাণে উপলব্ধ। কিন্তু এই বায়ুমণ্ডলীয় দূৰসংযোগসমূহে যি ব্যৱস্থাৰ জৰিয়তে কাম কৰে সেয়া জটিল আৰু এতিয়াও সম্পূৰ্ণৰূপে বুজা হোৱা নাই। এল নিনো, বহু সময়ত ভাৰতীয় উপমহাদেশত কম বৰষুণ, খৰাং, গৰমৰ ঢৌ, আৰু খাদ্যৰ অসুৰক্ষিততাৰ সৈতে জড়িত বুলি ধৰা পৰিছে। আনহাতে, কেইবাবাৰো লা নিনাই দক্ষিণ এছিয়া অঞ্চলত অধিক বৰষুণ, বানপানী, আৰু ঠাণ্ডাৰ চৰম পৰিস্থিতিৰ সৃষ্টি কৰা বুলি জনা যায়।
অতীতৰ এল নিনো বছৰ যেনে ১৮৭৭, ১৮৮৭, ১৮৯৯, ১৯১১, ১৯১৪, ১৯১৮, ১৯৫৩, ১৯৭২, আৰু ১৯৭৬ চনবোৰো ভাৰতৰ বহু ঠাইত বৰষুণৰ অভাৱৰ ফলত তীব্ৰৰ পৰা মধ্যমীয়া খৰাং পৰিস্থিতিৰ বছৰ আছিল। শেহতীয়াকৈ ভাৰতত ১৯৮৭, ২০০২, ২০০৪ চনত সংঘটিত হোৱা বৃহৎ খৰাং পৰিস্থিতিৰ সমসাময়িক এল নিনোৰ সৈতে সম্পৰ্ক আছে বুলি বিশ্বাস কৰা হয়।
একেদৰে ১৯৮৮, ১৯৯৮, ২০০০, ২০০৮, ২০০৮ চনত ভাৰতৰ বহু ঠাইত বিশেষকৈ পূব আৰু উত্তৰ-পূব ভাৰতত সংঘটিত হোৱা বানপানীৰ কিছুমান বৃহৎ পৰিঘটনাৰ কাৰণ সেই বছৰবোৰত স্থায়ী হৈ থকা লা নীনা বুলি কোৱা হয়।
এল নিনো ২০২৩-২৪
ভালদৰে জনা যায় যে আমাৰ গ্ৰহৰ বতৰটো দীৰ্ঘদিনীয়া ভাৱে লা নীনাৰ কবলত আছে যিটো ২০২০ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হৈছিল আৰু একেৰাহে তিনি বছৰৰ ভিতৰত আৰু অধিক বিকশিত হৈ ট্ৰিপল ডিপ লা লিনালৈ পৰিণত হোৱাৰ লগতে আটাইতকৈ বেছি দিন জীয়াই থকা লা লিনাসমূহৰ ভিতৰত অন্যতম লা নিনা (ট্ৰিপল ডিপ লা লিনা), বুলি কোৱা হয়। ২০২২ চনৰ ডিচেম্বৰৰ পৰা লা নিয়া সংকেত ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ পৰ্যবেক্ষণৰ ভিত্তিত বিজ্ঞানীসকলে এই লা নীনা ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহলৈকে স্থায়ী হোৱাৰ সম্ভাৱনা দেখিছে আৰু তাৰ পিছত ই এন এছ অ’ চক্ৰৰ নিৰপেক্ষ অৱস্থালৈ স্থানান্তৰিত হ’ব।
ইয়াৰ মাজতে কেইবাটাও সুনামধন্য বৈজ্ঞানিক সংস্থাই ভৱিষ্যদ্বাণী কৰিছে যে এই বছৰ এন এছ অ’ৰ নিৰপেক্ষ পৰ্যায়ৰ পিছত এল নিনোৰ আবিৰ্ভাৱৰ সম্ভাৱনা অতিশয় বেছি। যিহেতু ই এল নিনো সাধাৰণতে শীতকালত দেখা দিয়ে (যেনে, ডিচেম্বৰ-জানুৱাৰী-ফেব্ৰুৱাৰী) এই এল নিনো ২০২৪ চনত সম্পূৰ্ণৰূপে বিকশিত হোৱাৰ আশা কৰা হৈছে। গতিকে ইয়াৰ প্ৰভাৱ মূলতঃ ২০২৪ চনত দেখা পোৱাৰ আশা কৰা হৈছে। বিজ্ঞানীসকলে ২০২৩ আৰু ২০২৪ চনৰ উষ্ণতাৰ বিষয়ে বিশ্বক সতৰ্ক কৰি দিছে যিয়ে আনকি বিশ্বৰ বায়ুমণ্ডলৰ উষ্ণতাক ১.৫ ডিগ্ৰী চেলছিয়াছৰ সীমালৈকে আৰু তাৰ ওপৰলৈ ঠেলি দিব পাৰে আৰু পেৰিছ চুক্তিৰ দ্বাৰা চিহ্নিত কৰা প্ৰথম বিপদৰ চিহ্নটো অতিক্ৰম কৰিব পাৰে। WHO-এ জানে যে অহা দুবছৰত আমি হয়তো আটাইতকৈ উষ্ণ বছৰৰ নতুন অভিলেখ দেখিবলৈ পাম।
আইএমডিৰ সঞ্চালক প্ৰধান এম মোহাপাত্ৰই হিন্দুস্তান টাইমছক কয়, ‘আমি কেইমাহমান অপেক্ষা কৰিব লাগিব স্পষ্ট ছবি এখন পাবলৈ। এই মুহূৰ্তত ইয়াৰ বাবে চিন্তাৰ প্ৰয়োজন নাই কাৰণ আমি প্ৰথমে শীতকালৰ পিছত ENSO-নিৰপেক্ষ পৰিস্থিতিলৈ পৰিৱৰ্তিত হৈছো।”
এল নিনোৱে দেশৰ কৃষি খণ্ডত প্ৰভাৱ পেলাই ২০২৩ চনত ভাৰতৰ মুদ্ৰাস্ফীতিৰ চিন্তাও অধিক ভয়াৱহ কৰি তুলিব পাৰে। খৰাং পৰিস্থিতিৰ ফলত কৃষিজাত সামগ্ৰীৰ যোগানৰ ওপৰত প্ৰভাৱ পৰিব পাৰে যাৰ ফলত খাদ্যৰ মূল্য বৃদ্ধি হ’ব পাৰে।
প্ৰস্তুতিমূলক ব্যৱস্থাৰ প্ৰয়োজন
গ্ৰহৰ জলবায়ু আৰু কম্পিউটিং প্ৰযুক্তিৰ বিষয়ে বৈজ্ঞানিক জ্ঞানৰ অধিক উন্নতিৰ লগে লগে বিজ্ঞানীসকলে এতিয়া এল নিনো আৰু লা নীনাৰ দৰে আগতীয়া জলবায়ুৰ পৰিঘটনা আৰু সমগ্ৰ বিশ্বৰ জীৱন আৰু পৰিৱেশৰ ওপৰত ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ বিষয়ে নিৰ্ভৰযোগ্য আগতীয়া সতৰ্কবাণী প্ৰদান কৰিবলৈ উন্নত অৱস্থাত আছে। সংবেদনশীল অঞ্চলসমূহৰ দুৰ্বল গোটসমূহৰ বাবে সম্ভাৱ্য বিপদসমূহৰ মূল্যায়নৰ বাবে এনে পূৰ্বৰ তথ্যসমূহ ব্যৱহাৰ কৰাটো প্ৰয়োজন। ভাৰতৰ লগতে দক্ষিণ এছিয়াৰ অন্যান্য দেশলৈ উভতি আহি পানীৰ অভাৱ, খৰাং, শস্যৰ বিকলতা, গৰমৰ ঢৌ, আৰু তাৰ ফলত হোৱা আৰ্থ-সামাজিক, স্বাস্থ্য, আৰু পৰিৱেশগত সমস্যাৰ দৰে সংকটৰ সৈতে মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় আৰু প্ৰাদেশিক চৰকাৰসমূহে প্ৰস্তুতিমূলক ব্যৱস্থা গ্ৰহণ কৰাটো অগ্ৰাধিকাৰ দিয়া উচিত যাৰ দ্বাৰা এনে বিশ্বব্যাপী জলবায়ু চক্ৰৰ পৰা মুক্ত হ’ব পাৰে।
যদিও এন এছ অ’ৰ ওপৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ প্ৰকৃতি ভালদৰে বুজা হোৱা নাই, তথাপিও শেহতীয়াকৈ এল নিনো আৰু লা নীনা দুয়োটাই তীব্ৰতৰ হোৱাৰ কাৰণ হৈছে মানুহৰ দ্বাৰা সৃষ্টি হোৱা গোলকীয় উষ্ণতা বৃদ্ধি আৰু তাৰ ফলত হোৱা জলবায়ু পৰিৱৰ্তন। সেয়েহে গৱেষকসকলে ভৱিষ্যতে এল নিনো বিশ্বৰ বহু দেশৰ বাবে অধিক বিপৰ্যয়জনক হ’ব পাৰে বুলি আগজাননীৰে বিশ্ববাসীক আতংকিত কৰি তুলিছে।