Physical Address
23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India
Physical Address
23,24,25 & 26, 2nd Floor, Software Technology Park India, Opp: Garware Stadium,MIDC, Chikalthana, Aurangabad, Maharashtra – 431001 India
লোকসভাই যোৱা ২৬ জুলাইত বন (সংৰক্ষণ) সংশোধনী বিধেয়ক ২০২৩ত অনুমোদন জনাইছিল আৰু বিশেষ বিতৰ্ক নোহোৱাকৈয়ে এই কামটো হৈছিল। সমিতিৰ সদস্য আৰু ৰাজ্যসমূহৰ তৰফৰ পৰা বিধেয়কখনে বৰ্তমানৰ বনাঞ্চলসমূহ সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণ দিয়া লক্ষ্যটোক ক্ষতিগ্ৰস্ত কৰিব বুলি বিৰোধ মত থকাৰ পাছতো যোৱা সপ্তাহত চৰকাৰৰ পৰামৰ্শসমূহ সৰ্বসন্মতিক্ৰমে যুটীয়া সংসদীয় সমিতিৰ প্ৰতিবেদনত অনুমোদন জনোৱা হয়, যিয়ে চৰকাৰৰ সকলো সংশোধন গ্ৰহণ কৰে। আইনখনৰ প্ৰযোজ্যতাৰ ক্ষেত্ৰত হোৱা অমীমাংসিত সমস্যাৰ ক্ষেত্ৰত প্ৰতিবেদনত কোনো পৰামৰ্শ দিয়া হোৱা নাই। মন্ত্ৰালয়ে পূৰ্বে পৰামৰ্শ দিছিল যে ২০২১ চনত সলনি কৰা বন (সংৰক্ষণ) আইনখনত অতীতৰ বনাঞ্চল সুৰক্ষিত কৰাৰ ব্যৱস্থা সংযোজন কৰা হ’ব, কিন্তু বিধেয়কখনত এই কথা উল্লেখ কৰা হোৱা নাই।
বিধেয়কখনে কি পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ দিছে?
২৯ মাৰ্চত এফচিএ সংশোধনৰ বাবে লোকসভাত বন (সংৰক্ষণ) সংশোধনী বিধেয়ক ২০২৩ (এফচিএবি) দাখিল কৰা হয়। বিজ্ঞান, প্ৰযুক্তি, পৰিৱেশ, আৰু বনাঞ্চলৰ স্থায়ী সমিতি, ৰাজ্যসভাৰ আঠখন সমিতিৰ ভিতৰত এখন সমিতি লৈ প্ৰেৰণ কৰাৰ পৰিৱৰ্তে ইয়াক সংসদৰ যুটীয়া সমিতিলৈ প্ৰেৰণ কৰা হ’ল। সংসদৰ বৰ্ষাকালিন অধিৱেশনৰ পূৰ্বে যুটীয়া সমিতিয়ে নিজৰ প্ৰতিবেদন আৰু পৰামৰ্শ দাখিল কৰাৰ কথা আছিল।
বন সংৰক্ষণ (সংশোধনী) বিধেয়কৰ জৰিয়তে ভাৰতৰ বন আইনখনত কিছুমান উল্লেখযোগ্য সংশোধনীৰ প্ৰস্তাৱ দিয়া হৈছে। বিধেয়কখনৰ লক্ষ্য হৈছে ১৯৯৬ চনৰ ১২ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ে আগবঢ়োৱা “বন”ৰ বহল সংজ্ঞাৰ পৰাই নতুনকৈ আৰম্ভ কৰা। ই বন নিষ্কাশন প্ৰক্ৰিয়াৰ তাৎপৰ্য্য আৰু প্ৰকল্প অনুমোদনৰ পূৰ্বে বন অধিকাৰ নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাক তুচ্চ কৰি তুলিছে। সহজ ভাষাত ক’বলৈ গ’লে ইয়াৰ অৰ্থ হ’ল এই বিধেয়কখনে কোনো অনুমতিৰ প্ৰয়োজন নোহোৱাকৈ নিৰ্মাণৰ বাবে বনাঞ্চলৰ বিশাল অঞ্চলসমূহক ডাইভাৰচন কৰাৰ অনুমতি প্ৰদান কৰিছে। ইয়াৰ উপৰিও ই অন্যান্য বৰ্তমানৰ বন আইনসমূহৰ সৈতে সংঘাতত পৰিব। ১৯৮০ চনৰ বনাঞ্চল সংৰক্ষণ আইনখনৰ দ্বাৰা সংৰক্ষিত বনাঞ্চলসমূহৰ ২৮ শতাংশই নিজৰ সুৰক্ষামূলক আৱৰণ হেৰুৱাবলৈ ওলাইছে, কাৰণ বিধেয়কখনে বনাঞ্চলৰ প্ৰকৃত সংজ্ঞাকে সংকুচিত কৰিব ধৰিছে।
বিধেয়কখনে ঔদ্যোগিক সম্প্ৰসাৰণ আৰু বন সংৰক্ষণৰ মাজত ভাৰসাম্য ৰক্ষাৰ জটিল অসুবিধাসমূহৰ ওপৰত আলোকপাত কৰিছে। ১৯৮০ চনৰ বন (সংৰক্ষণ) আইনখনেই হৈছে মূল শিলাখণ্ডৰ আইন যিয়ে ৰাষ্ট্ৰক ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ আৰু এনে ঔদ্যোগিক শোষণৰ ওপৰত জৰিমনা বাহাল কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছে, যদিও ঔদ্যোগীকৰণৰ অৰ্থ নিৰৱচ্ছিন্নভাৱে অধিক বিস্তৃত বনাঞ্চল আৰু পৰিৱেশ তন্ত্ৰ দখল কৰা।
এই বিধেয়কখনে ভাৰতৰ বনাঞ্চলৰ পৰিৱেশ সুৰক্ষা দুৰ্বল কৰি তুলিব
যোৱা সপ্তাহত জেপিচিয়ে বন (সংৰক্ষণ) সংশোধনী বিধেয়ক ২০২৩ৰ ওপৰত সংসদত নিজৰ প্ৰতিবেদন প্ৰদান কৰিছিল, য’ত চৰকাৰৰ প্ৰস্তাৱিত সংশোধনীৰ প্ৰতিটো দফা অনুসৰি বিতৰ্ক হৈছিল। বিধেয়কখনৰ অভিযোগ আৰু পৰামৰ্শসহ ১৩০০ৰো অধিক সঁহাৰি লাভ কৰা হয়। প্ৰতিবেদনখনত এই অসংখ্য অভিযোগ আৰু ইয়াৰ প্ৰতি পৰিৱেশ মন্ত্ৰালয়ৰ প্ৰতিক্ৰিয়া সন্নিবিষ্ট কৰা হৈছে যদিও ইয়াত সমিতিৰ চিন্তা আৰু সিদ্ধান্ত অন্তৰ্ভুক্ত কৰা হোৱা নাই। মণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ বিৰোধীয়ে অব্যাহত ৰখা বিক্ষোভৰ মাজতো লোকসভাত বিধেয়কখন গৃহীত হয়, বিতৰ্কত মাত্ৰ কেইজনমান সাংসদেহে অংশগ্ৰহণ কৰে। প্ৰতিনিধি সদনৰ সংখ্যাগৰিষ্ঠতাই ইয়াক অনুমোদন জনায়।
পৰিৱেশ নিষ্কাশন পদ্ধতিৰ বিশেষজ্ঞ ফ্ৰীলান্স পৰিৱেশ গৱেষক মীনাক্ষী কাপুৰে কয় যে “এফালে নিয়মসমূহে বন নিষ্কাশন পদ্ধতিক কোনো প্ৰকল্পৰ অনুমোদন পোৱাৰ আগতে বন অধিকাৰ নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাক একাষৰীয়া কৰি ৰাখিবলৈ দিয়ে ;আনহাতে, বিধেয়কখনত কিছুমান প্ৰকল্পক এই পদ্ধতিৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে।”
“ইয়াৰ ফলত কোনো অনুমতি অবিহনে ডাইভাৰচনৰ বাবে বিশাল বনাঞ্চল মুকলি হয় আৰু অন্যান্য বন আইনসমূহৰ সৈতে সংঘাতৰ সম্ভাৱনা আহে”, তেওঁ লগতে কয়।
মন্তব্য দাখিল কৰা কেইবাজনো বিশেষজ্ঞৰ মতে তেওঁলোকৰ সমস্যাসমূহ হয় উপযুক্তভাৱে সমাধান কৰা হোৱা নাছিল নহয় সম্পূৰ্ণৰূপে অৱজ্ঞা কৰা হৈছিল। “কোনো উদ্বেগ, সমালোচনা বা পৰামৰ্শক গ্ৰহণ কৰা হোৱা নাই, আনকি কমিটী আৰু মন্ত্ৰালয়ৰ দ্বাৰাও যথাযথ বিবেচনা কৰা হোৱা নাই, যাৰ ফলত গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক ক্ষতিগ্ৰস্ত কৰা হৈছে। মন্তব্য আমন্ত্ৰণ জনোৱাৰ সমগ্ৰ কচৰতটো অৰ্থহীন যেন লাগে।’ আই এফ এছৰ বিষয়া প্ৰকৃতি শ্ৰীবাস্তৱৰ সৈতে মিলি বিধেয়কখন বাতিল কৰিবলৈ আহ্বান জনোৱা পি এইচ ডি পণ্ডিত তথা বন্যপ্ৰাণী সংৰক্ষণবিদ প্ৰেৰণা সিং বিন্দ্ৰাই কয়। “ৰিপ’ৰ্টত উদ্বেগ উল্লেখ কৰা হৈছে যদিও মনৰ যথাযথ প্ৰয়োগ নকৰাকৈয়ে সেইবোৰ খাৰিজ কৰা হৈছে।”
জলবায়ু আৰু পৰিৱেশৰ ওপৰত প্ৰভাৱ
পূৰ্বতে কোনোধৰণ গছৰ উপস্থিতি নথকা ঠাইত অৰণ্য প্ৰতিষ্ঠা কৰাটোৱেই হৈছে বনানীকৰণ। সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তন প্ৰশমনৰ ক্ষেত্ৰত এইটো ক্ৰমান্বয়ে অন্যতম জনপ্ৰিয় পদ্ধতিত পৰিণত হৈছে। যিহেতু গছবোৰে কাৰ্বন শোষণ কৰে, গতিকে গছ-গছনিৰে ভৰা অৰণ্যই কাৰ্বনৰ পৰিমান কমাই ৰখাৰ কাম কৰিব পাৰে।
বনানীকৰণক বিস্তৃত ৰূপত ভাৱে দুটা ভাগত ভাগ কৰিব পাৰি- প্ৰাকৃতিকভাৱে পুনৰুজ্জীৱিত বনাঞ্চল আৰু বাগান অৰণ্য। ভাৰতত বাগিচা বনাঞ্চলসমূহ মূলতঃ ক্ষতিপূৰণমূলক বনানীকৰণৰ ৰূপত স্থাপন কৰা হয় যেতিয়া বনাঞ্চলৰ ভূমিৰ অব্যৱহাৰৰ বাবে ডাইভাৰচন কৰা হয়।
বিশেষজ্ঞসকলৰ মতে সাধাৰণতে একে বয়সৰ আৰু একে প্ৰজাতিৰ বাগানৰ অৰণ্যতকৈ প্ৰাকৃতিক অৰণ্যই কাৰ্বন শোষণ কৰাত বহু বেছি ফলপ্ৰসূ। বিশেষজ্ঞসকলে বিচাৰি উলিয়াইছে যে কাৰ্বন একাউণ্টিঙৰ দৃষ্টিভংগীৰে একক কৃষি বাগিচাই (বেছিভাগেই ক্ষতিপূৰণমূলক বনানীকৰণৰ ক্ষেত্ৰত কৰা হয়) বৃদ্ধি পোৱা পুৰণি অৰণ্যৰ জটিল জৈৱ বৈচিত্ৰ্যৰ ক্ষতিপূৰণ কেতিয়াও হ’ব নোৱাৰে। গতিকে, কেৱল বনানীকৰণৰ দ্বাৰা ক্ষতিপূৰণ পাবলৈ বৃহৎ পৰিসৰৰ বনাঞ্চল ডাইভাৰচনৰ দীৰ্ঘম্যাদী পৰিৱেশ আৰু জলবায়ুৰ প্ৰভাৱ চোৱাৰ প্ৰয়োজন।
বিশ্ব বৰ্ষাৰণ্য আন্দোলনে ২০১৯ চনত ‘ভাৰতত ক্ষতিপূৰণমূলক বনানীকৰণ’ৰ ওপৰত কৰা এক অধ্যয়ন অনুসৰি ‘‘ক্ষতিপূৰণমূলক বনানীকৰণ’ হৈছে আন ঠাইত ‘ক্ষতিপূৰণ’ দিব পৰা বুলি দাবী কৰি এটা ঠাইত বনাঞ্চল ধ্বংসৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পদ্ধতি।’’ এই অধ্যয়নত দেখা গৈছে যে ‘ভাৰতত বৃহৎ নিগমসমূহে কৰা ক্ষতিপূৰণমূলক বনানীকৰণে বনাঞ্চল আক্ৰমণ ত্বৰান্বিত কৰি তুলিছে । ১৯৮০ চনৰ বন (সংৰক্ষণ) আইনৰ অধীনত প্ৰতিষ্ঠানিকৃত বনাঞ্চল ধ্বংস (বন ডাইভাৰচন)ৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূৰ্বৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আৰু সম্প্ৰসাৰিত কৰিছে।’ অধ্যয়নটোৱে এই সিদ্ধান্তত উপনীত হৈছে যে ‘কোনো অৰণ্যক আচলতে ডাইভাৰ্ট কৰাৰ প্ৰয়োজন আছে নে নাই সেই সিদ্ধান্ত সম্প্ৰদায়েই লোৱা উচিত।’। যদি আৰু যেতিয়া কোনো সম্প্ৰদায়ে ডাইভাৰচনৰ সিদ্ধান্ত লয়, তেন্তে জীৱিকাৰ বাবে প্ৰয়োজনীয় কৰ্তৃত্ব আৰু ব্যৱহাৰ বাহাল ৰখাৰ দৃষ্টিৰে যিকোনো প্ৰশমন অনুশীলনৰ ওপৰতো ইয়াৰ নিয়ন্ত্ৰণ থাকিব লাগে।’
লগতে কেন্দ্ৰীয় চৰকাৰে কেৱল বন (সংৰক্ষণ) সংশোধনী বিধেয়ক, ২০২২ উত্থাপন কৰাৰ পৰিকল্পনা কৰা নাই, যিয়ে পৰিৱেশৰ ক্ষেত্ৰত গুৰুতৰ প্ৰভাৱ পেলোৱা যেন লাগে, পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত তিনিখন আইনো সংশোধন কৰাৰ পৰিকল্পনা কৰিছে – পৰিৱেশ (সুৰক্ষা) আইন, ১৯৮৬, পানী
(প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৭৪ আৰু বায়ু (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৮১। ইয়াৰ দ্বাৰা অপৰাধীসকলে আৰু কোনোদিনেই কাৰাদণ্ডৰ সন্মুখীন নহ’ব। বৰং বৃহৎ আৰ্থিক জৰিমনাৰ ক্ষেত্ৰত পে-আউটৰ ব্যৱস্থা কৰা হৈছে । বিশেষজ্ঞসকলৰ মতে এইটো পৰিৱেশৰ বাবে কেতিয়াও ভাল নোহোৱা ‘প্ৰদূষণ-আৰু-পে’ মনোভাৱক উৎসাহিত কৰা এক ব্যৱস্থাহে হৈছে।
ভাৰতত বনাঞ্চলৰ ভূমি ঔদ্যোগিক আৰু আন্তঃগাঁথনিগত প্ৰকল্পলৈ ডাইভাৰচন অবিৰতভাৱে হৈ আহিছে যদিও দেশখনে প্ৰতিশ্ৰুতি দিছে যে “২০৩০ চনৰ ভিতৰত অতিৰিক্ত বনাঞ্চল আৰু গছৰ আৱৰণৰ জৰিয়তে ২.৫-৩ বিলিয়ন টন কাৰ্বন ডাই অক্সাইডৰ সমতুল্য অতিৰিক্ত (সঞ্চিত) কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি কৰা হ’ব ” ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ কাঠামো চুক্তি (পেৰিছ চুক্তি ২০১৫)ত ২০১৬ চনৰ অক্টোবৰ মাহত দাখিল কৰা উদ্দেশ্যপ্ৰণোদিত ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (INDC) ত উল্লেখ কৰা হৈছে।
Translated by: Pranjal Sharma